--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লোকসভাৰ মজিয়া।  NEET-UG আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত লোকসভাত আলোচনা কৰিবলৈ বিৰোধীয়ে আজি দাবী জনায়। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰে পৰীক্ষাৰ বিতৰ্ক সন্দৰ্ভত যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি প্ৰকাশ কৰে যদিও বিষয়টো সন্দৰ্ভত কাৰ্যক্ৰমণিকাৰ আৰম্ভনিতে আলোচনা কৰিব লাগে বুলি দাবী জনায় বিৰোধীয়ে। ।আজি পুৱা লোকসভাৰ কাম-কাজ  আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছৰ সাংসদ কে চি বেণুগোপালে লোকসভাত প্ৰশ্নকাকত ফাদিলৰ  অভূতপূৰ্ব ঘটনাটোৰ  বিষয়ে আলোচনা কৰিবলৈ সদন স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে।  

 বিৰোধীয়ে ডজনৰো অধিক প্ৰতিযোগিতামূলক ৰাষ্ট্ৰীয় পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ "বিফলতা" আঙুলিয়াই দিব বিচাৰে।" ইয়াৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয়- NEETৰ প্ৰশ্নকাকত  ফাদিলৰ ঘটনাৰ ওপৰত মোৰ ২২ খন জাননী পাইছো। ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁৰ ভাষণত ইংগিত দিছে সংবিধানৰ অনুচ্ছেদ ২০ ৰ অধীনত নীটত হোৱা অনিয়মৰ ন্যায্য তদন্ত হ'ব । আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙেও ৰাজ্যসভাত NEET বিষয়ক আলোচনা কৰিবলৈ দাবী জনায়।কংগ্ৰেছৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে ‘কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ জাননী’ প্ৰদান কৰে, য’ত সদনৰ সকলো কাৰ্যকলাপ বন্ধ কৰি কেৱল NEET আৰু ইউজিচি-নেটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয় আলোচনা কৰাৰ দাবী জনোৱা হয় । 

লোকসভাত অধ্যজ্ঞই কেৱল প্ৰশ্নকাকত ফাদিলৰ বিষয়টোকলৈ আলোচনা কৰাৰ কোনো ইংগিত নিদিয়াৰ বাবেই বিৰোধীয়ে প্ৰতিবাদেৰে উত্তাল কৰি তোলে লোকসভাৰ মজিয়া। ফলত প্ৰথমে আজি দিনৰ ১২ বজালৈ আৰু পিছত  সোমবাৰলৈ স্থগিত ৰখা হয় লোকসভা। উল্লেখ্য  ২৩ জুনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই প্ৰশ্নকাকত ফাদিলৰ বিষয়ত  অপৰাধমূলক গোচৰ ৰুজু কৰিছিল । ৫ মে'ত অনুষ্ঠিত হয় NEET-UGত  ২৩ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।   অভূতপূৰ্বভাবে পৰীক্ষাত  ৬৭ জন প্ৰাৰ্থীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰাৰ ফলত দেশত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত ওলাই পৰিছিল প্ৰশ্নকাকত ফাদিলৰ কথা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ