--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল লোকসভাৰ মজিয়া।  NEET-UG আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত লোকসভাত আলোচনা কৰিবলৈ বিৰোধীয়ে আজি দাবী জনায়। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰে পৰীক্ষাৰ বিতৰ্ক সন্দৰ্ভত যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি প্ৰকাশ কৰে যদিও বিষয়টো সন্দৰ্ভত কাৰ্যক্ৰমণিকাৰ আৰম্ভনিতে আলোচনা কৰিব লাগে বুলি দাবী জনায় বিৰোধীয়ে। ।আজি পুৱা লোকসভাৰ কাম-কাজ  আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছৰ সাংসদ কে চি বেণুগোপালে লোকসভাত প্ৰশ্নকাকত ফাদিলৰ  অভূতপূৰ্ব ঘটনাটোৰ  বিষয়ে আলোচনা কৰিবলৈ সদন স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে।  

 বিৰোধীয়ে ডজনৰো অধিক প্ৰতিযোগিতামূলক ৰাষ্ট্ৰীয় পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ "বিফলতা" আঙুলিয়াই দিব বিচাৰে।" ইয়াৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয়- NEETৰ প্ৰশ্নকাকত  ফাদিলৰ ঘটনাৰ ওপৰত মোৰ ২২ খন জাননী পাইছো। ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁৰ ভাষণত ইংগিত দিছে সংবিধানৰ অনুচ্ছেদ ২০ ৰ অধীনত নীটত হোৱা অনিয়মৰ ন্যায্য তদন্ত হ'ব । আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙেও ৰাজ্যসভাত NEET বিষয়ক আলোচনা কৰিবলৈ দাবী জনায়।কংগ্ৰেছৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে ‘কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ জাননী’ প্ৰদান কৰে, য’ত সদনৰ সকলো কাৰ্যকলাপ বন্ধ কৰি কেৱল NEET আৰু ইউজিচি-নেটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয় আলোচনা কৰাৰ দাবী জনোৱা হয় । 

লোকসভাত অধ্যজ্ঞই কেৱল প্ৰশ্নকাকত ফাদিলৰ বিষয়টোকলৈ আলোচনা কৰাৰ কোনো ইংগিত নিদিয়াৰ বাবেই বিৰোধীয়ে প্ৰতিবাদেৰে উত্তাল কৰি তোলে লোকসভাৰ মজিয়া। ফলত প্ৰথমে আজি দিনৰ ১২ বজালৈ আৰু পিছত  সোমবাৰলৈ স্থগিত ৰখা হয় লোকসভা। উল্লেখ্য  ২৩ জুনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই প্ৰশ্নকাকত ফাদিলৰ বিষয়ত  অপৰাধমূলক গোচৰ ৰুজু কৰিছিল । ৫ মে'ত অনুষ্ঠিত হয় NEET-UGত  ২৩ লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।   অভূতপূৰ্বভাবে পৰীক্ষাত  ৬৭ জন প্ৰাৰ্থীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰাৰ ফলত দেশত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত ওলাই পৰিছিল প্ৰশ্নকাকত ফাদিলৰ কথা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব