--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সংসদত উত্থাপন কৰিলে NEETৰ প্রশ্নকাকত  ফাদিলৰ প্ৰসংগ। ৰাহুল গান্ধীয়ে প্ৰথমে এই সন্দৰ্ভত আলোচনাৰ দাবী জনায়। অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি পূৰ্ণ সময় লৈ বিতংভাৱে কথা ক’ব পাৰে। সংসদৰ অধিৱেশনৰ পঞ্চম দিনটোৰ  কাৰ্যসূচী বিৰোধীৰ প্ৰতিবাদৰ মাজৰে আৰম্ভ হয়।  লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে  বিৰোধী সাংসদসকলে NEETৰ বিষয়ক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে এই প্ৰসংগত চৰকাৰৰ পূৰ্ণ হস্তক্ষেপ দাবী কৰি  শ্লোগান দিয়ে। লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে NEETৰ বিষয়টো উত্থাপন কৰে। ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ পূৰ্বে NEET সন্দৰ্ভত আলোচনাৰ দাবী জনায়। 

এই সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনাৰ সময়ত আপুনি প্ৰতিটো বিষয়ত কথা ক’ব পাৰে। দৰাচলতে লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই সদনৰ ১৩ জন প্ৰাক্তন সদস্যৰ মৃত্যুৰ কথা অৱগত কৰিছিল। সদনত প্ৰাক্তন সদস্যসকলৰ মৃত্যুত মৌনতা অৱলম্বন কৰি শোক প্ৰকাশ কৰা হয়। ইয়াৰ পিছত অধ্যক্ষই সদস্যসকলক তেওঁলোকৰ নামৰ বিপৰীতে চিহ্নিত কৰা প্ৰ-পত্ৰ সদনৰ টেবুলত ৰাখিবলৈ কয়। এই সন্দৰ্ভত বিৰোধী নেতা ৰাহুল গান্ধীয়ে NEETৰ বিষয়টো উত্থাপন কৰি এই বিষয়ত  আলোচনাৰ দাবী জনায়। ৰাহুল গান্ধীৰ এই দাবী সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰত  যিকোনো বিষয়ত আপুনি বিতংভাৱে কথা ক’ব পাৰে আৰু চৰকাৰে ইয়াৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিছো।

ৰাহুল গান্ধীয়ে অধ্যক্ষৰ  পৰা দুই মিনিট সময় বিচাৰিছিল । অধ্যক্ষ বিৰলাই ই কয় যে আপুনি কেৱল দুমিনিটেই নহয়, আপোনাৰ দলৰ সমগ্ৰ সময়খিনিও ল’ব পাৰে। আপুনি বিতংভাৱে কওক। অধ্যক্ষ ওম বিৰলাই কয় যে আপুনি বিৰোধীৰ নেতা, সংসদীয় শিষ্টাচাৰ অনুসৰণ কৰি চলিব। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে কিবা এটা কোৱাত অধ্যক্ষ ওম বিৰলাই কয়- মই মাইকটো চুইচ অফ নকৰো, ইয়াত কোনো বুটাম নাই। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁ ভাৰতৰ ছাত্ৰ-ছাত্ৰীক এক বাৰ্তা দিব বিচাৰিছে।

তেওঁ আৰু কয় যে সেইবাবেই আমি  ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত এই বিষয়টোৰ ওপৰত বিতং আলোচনা হোৱাটো বিচাৰো। ইয়াৰ পিছতে  বিৰোধী সাংসদসকলে NEET ৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে   শ্লোগান দিবলৈ আৰম্ভ কৰে। এই হুলস্থুলৰ মাজতে অধ্যক্ষ ওম বিৰলাই দুপৰীয়া ১২ বজা পৰ্যন্ত সদনৰ কাৰ্যসূচী স্থগিত ৰাখে। উল্লেখযোগ্য যে এদিন পূৰ্বে ৰাজ্যসভাৰ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত অনুষ্ঠিত বৈঠকত ইণ্ডিয়া ব্লকৰ বৈঠকত দলসমূহে NEETৰ প্ৰশ্নকাকত  ফাদিলৰ বিষয়টো সংসদত উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। সংসদৰ কাম-কাজ আৰম্ভ হোৱাৰ আগতেই ৰাহুল গান্ধীয়ে এই বিষয়টো উত্থাপন কৰিব বুলি কৈছিল।ৰাহুল গান্ধীয়ে কয় যে সংসদত NEETৰ বিষয়ে আলোচনা হ’ব লাগে। তেওঁ কয় যে এয়া যুৱক-যুৱতীৰ সৈতে জড়িত বিষয়, ইয়াৰ ওপৰত সেয়ে প্ৰথমে আলোচনা কৰা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement