--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অন্যতম ধনৱন্ত ব্যক্তি মুকেশ আম্বানীৰ পত্নী তথা ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ সঞ্চালক নীতা আম্বানীৰ বিৰুদ্ধে উত্থাপিত হৈছে স্বাৰ্থৰ সংঘাতৰ অভিযোগ। এই অভিযোগৰ পিছতে নীতা আম্বানীলৈ জাননী জাৰি কৰিছে বিচিচিআইৰ এগৰাকী বিষয়াই। ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয় প্ৰতিযোগিতা আই পি এলৰ সৈতে জড়িত এক বিষয়ত নীতা আম্বানীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। 

উল্লেখ্য যে আই পি এলৰ দল মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী হৈছে নীতা আম্বানী। শেহতীয়াকৈ আন এক ধৰণেও আই পি এলৰ সৈতে জড়িত হৈ পৰিছে আম্বানী। এই বাবেই নীতা আম্বানীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত বিচিচিআইৰ নৈতিক বিষয়া বিনীত চৰণে জাননী জাৰি কৰি ২ ছেপ্টেম্বৰৰ ভিতৰত লিখিত সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

যোৱা বৰ্ষত বিচিচিআইৰ নৈতিকতা আৰু লোকপাল বিষয়া হিচাপে অৱসৰ লোৱা ডি কে জৈনৰ স্থানত অধিষ্ঠিত হোৱা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিনীত চৰণে মধ্য প্ৰদেশ ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সদস্য সঞ্জীৱ গুপ্তাৰ পৰা অভিযোগ পোৱাৰ পিছতে নীতা আম্বানীলৈ জাননী প্ৰেৰণ কৰে।

মধ্য প্ৰদেশ ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সদস্য সঞ্জীৱ গুপ্তাই অভিযোগ কৰিছিল যে মুম্বাই ইণ্ডিয়ানছ ফ্ৰেন্সাইজিত বৰ্তমান স্বাৰ্থৰ সংঘাত হৈছে। ফ্ৰেন্সাইজিটোৰ স্বত্বাধিকাৰী নীতা আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ এগৰাকী সঞ্চালক হিচাপেও দায়িত্ব নিৰ্বাহ কৰি আছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে শেহতীয়াকৈ সহায়ক গোট ভায়াকম ১৮-ৰ জৰিয়তে ২৩,৭৫৮ কোটি টকাত আই পি এল ডিজিটেল অধিকাৰস্বত্ব ক্ৰয় কৰিছিল।

গুপ্তাই অভিযোগ কৰিছিল যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৱেবছাইটত ভায়াকম ১৮ক স্পষ্টকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰে এটা সহায়ক কোম্পানী হিচাপে দেখুওৱা হৈছে। গতিকে পৰোক্ষভাৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক নীতা আম্বানী এই ক্ষেত্ৰত জড়িত হৈছে। সমসাময়িকভাৱে নীতা আম্বানী মুম্বাই ইণ্ডিয়ানছৰো স্বত্বাধিকাৰী আৰু সেয়ে ইয়াত স্বাৰ্থৰ সংঘাত স্পষ্ট হৈ পৰিছে।

এই অভিযোগ পোৱাৰ পিছতে চাৰণে নীতা আম্বানীলৈ এক লিখিত আদেশ প্ৰেৰণ কৰে। আদেশটোত উল্লেখ কৰা মতে বিচিচিআইৰ নিয়মাৱলীৰ নিয়ম ৩৯(বি)ৰ অধীনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ নৈতিক বিষয়াই নীতা আম্বানীৰ বিৰুদ্ধে "স্বাৰ্থৰ সংঘাত" গঠন কৰা বুলি অভিযোগ লাভ কৰিছে।

“সেয়েহে আপোনাক ২ ছেপ্টেম্বৰৰ ভিতৰত এই অভিযোগৰ প্ৰতি আপোনাৰ লিখিত সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।"- নীতা আম্বানীলৈ প্ৰেৰণ কৰা জাননীত চাৰণে এইদৰে উল্লেখ কৰিছে।

উল্লেখ্য যে যোৱা জুন মাহত তিনিদিনীয়া নিবিদাৰ পিছত, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ২০২৩ ৰ পৰা ২০২৭ বৰ্ষৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মিডিয়া অধিকাৰস্বত্ব লাভ কৰা গোটসমূহৰ নাম ঘোষণা কৰিছিল। ৪১০ খন খেলৰ বাবে ২৩,৭৫৮ কোটি টকাত ভায়াকম- ১৮ এ ডিজিটেল অধিকাৰ লাভ কৰিছিল। এইদৰে ভাৰতত প্ৰথম বাৰৰ বাবে দূৰদৰ্শন অধিকাৰতকৈ ডিজিটেল অধিকাৰৰ ক্ষেত্ৰত অধিক ধন লাভ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ