--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কমনৱেলথৰ মহিলা T- 20 ক্ৰিকেটৰ ফাইনেল ভাৰত ইংলেণ্ডক ৪ ৰাণত হৰুৱালে ভাৰতীয় দলটোৱে। ছেমিফাইনেলত ভাৰতৰ শ্বাসৰুদ্ধকৰ জয় । দলটোৰ এই ভাল প্ৰদৰ্শনৰ এটা ডাঙৰ কাৰণ হ’ল দলটোৰ ষ্টাৰ অ’পেনাৰ স্মৃতি মান্ধনা, যিয়ে প্ৰায় প্ৰতি খন মেচতে শক্তিশালী বেটিং কৰি আহিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা। স্মৃতিয়ে মূলতঃ বাওঁহাতেৰে বেটিং কৰে যিয়ে ২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপতো দুটা শতক অৰ্জন কৰিছিল। ১৯৯৬ চনৰ ১৮ জুলাইত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্মগ্ৰহণ কৰিছিল স্মৃতি মান্ধানাই। ২০২১ চনত স্মৃতি মান্ধনাই দ্বিতীয়বাৰৰ বাবে আই চি চিৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ খিতাপ দখল কৰে। আই চি চিয়ে তিনিওটা ফৰ্মেটতে ২০২১ চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈ আহিছে

কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে খেলা মহিলা ক্ৰিকেটত ভাৰতীয় দলটোৱে ধাৰাবাহিকভাৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই আহিছে। দলটোৰ এই ভাল প্ৰদৰ্শনৰ এটা ডাঙৰ কাৰণ হ’ল দলটোৰ ষ্টাৰ অ’পেনাৰ স্মৃতি মান্ধনা, যিয়ে প্ৰায় প্ৰতি খন মেচতে শক্তিশালী বেটিং কৰি আহিছে। এনে অৱস্থাত ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত তেওঁৰ পৰা এনে প্ৰদৰ্শন আশা কৰা হৈছিল আৰু স্মৃতিয়ে নিৰাশ কৰা নাছিল। ভাৰতীয় কিংবদন্তি বেটছমেনগৰাকীয়ে কেৱল অৰ্ধশতক অৰ্জন কৰাই নহয়, এক শক্তিশালী অভিলেখ গঢ়িবলৈ সক্ষম হয়। আজি স্মৃতিয়ে তেওঁৰ শক্তিশালী বেটিঙৰ সহায়ত মাত্ৰ ৭ অভাৰত ভাৰতৰ দলটোক ৭৩ ৰান দিয়ে।

বাৰ্মিংহাম গেমছৰ  ৬ আগষ্ট শনিবাৰ অৰ্থাৎ আজি প্ৰথম ছেমি ফাইনেলত ভাৰত আৰু আয়োজক ইংলেণ্ডৰ মাজত মুখামুখি খেল আৰম্ভ হয়। এই মেচখনত ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰিছিল আৰু পাৱাৰপ্লেত নিজেই স্মৃতিয়ে ইংলেণ্ডৰ প্ৰতিজন বলাৰক পৰাস্ত কৰি টীম ইণ্ডিয়াক এক প্ৰচণ্ড জয়ৰ দিশত লৈ গৈছিল। অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ ষ্টেজৰ খেলত আক্ৰমণাত্মক শ্বট খেলি বাউণ্ডেৰী স্ক’ৰ কৰা স্মৃতিয়ে ইয়াতো একে ধৰণৰ শৈলী দেখুৱাই ফলাফল একেই থাকিল।

স্মৃতিৰ বেটৰ পৰা নতুন অভিলেখৰ উন্মেষ ঘটিল। স্মৃতিয়ে অগ্নিময় বেটিঙৰ সহায়ত মাত্ৰ ৭ অভাৰত ভাৰতে ৭৩ ৰান পাবলৈ সক্ষম হৈছিল। এই সময়ছোৱাত বাওঁহাতৰ বেটছমেনগৰাকীয়ে কমনৱেলথ গেমছত সৰ্বাধিক দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত স্মৃতিয়ে মাত্ৰ ২৩টা বলত ৫০ ৰান সংগ্ৰহ কৰি দ্বিতীয় অৰ্ধশতক সম্পূৰ্ণ কৰে।

ই কেৱল কমনৱেলথ গেমছৰ বাবেই নহয় বৰঞ্চ মহিলা টি-২০ত ভাৰতৰ আটাইতকৈ দ্ৰুত অৰ্ধশতকৰ বাবেও এক নতুন অভিলেখত পৰিণত হয়। ২৪টা বলৰ নিজা অভিলেখ ভংগ কৰিলে স্মৃতিয়ে। 

৩২ বলৰ ৬১ ৰানত শ্বেফালীৰ সৈতে আৰম্ভ কৰা মান্ধনাই ৮টা চাৰি আৰু তিনিটা ছয়েৰে বিপক্ষৰ বলাৰক প্ৰতিহত কৰিছিল। ইয়াৰ পূৰ্বে ২০১৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে এখন মেচত মাত্ৰ ২৪টা বলত ৫০ ৰান সংগ্ৰহ কৰিছিল এই সাহসী খেলুৱৈগৰাকীয়ে। উল্লেখযোগ্য যে, এজন ভাৰতীয়ৰ তৃতীয় দ্ৰুততম টি-২০১ পঞ্চাশৰ অভিলেখো আছে মান্ধনাৰ ।

পাৱাৰপ্লেৰ প্ৰথম ছয় অভাৰৰ পিছত ভাৰতৰ হৈ সৰ্বাধিক ব্যক্তিগত টি-২০১ স্ক’ৰ কৰিছে। ইয়াৰ পূৰ্বে ৰোহিতে ৰাহুলৰ সৈতে সমতা স্থাপন কৰি ৫০ ৰান কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪৯ ৰান কৰি তালিকাত পৰৱৰ্তী স্থানত আছিল শ্বেফালী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু