--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চমু চাপিছে নিৰ্বাচন৷ ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ কিন্তু, মিৰ্বাচনলৈ প্ৰায় এমাহ থকা সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক দেখা গ’ল অন্যৰূপত৷ ৰাজনৈতিক ব্যস্ততাক একাষৰীয়া কৰি ঋষিকেশৰ গংগাৰ পাৰত নিৰ্জনতাত সময় অতিবাহিত কৰিছে শিৱৰাজ সিং চৌহানে৷

সোমবাৰে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে আচৰণ বিধি জাৰি কৰাৰ পাছত ৰাজনৈতিক ধুমুহাৰ মাজতে দেৱভূমি উত্তৰাখণ্ড ভ্ৰমণ কৰে শিৱৰাজ সিং চৌহানে। মঙলবাৰে তেওঁ ঋষিকেশৰ ওচৰৰ গংগাৰ পাৰত নিৰ্জনতাত একান্তই কিছু সময় অতিবাহিত কৰে৷

শিৱৰাজ সিঙে সোমবাৰে সন্ধিয়া ডেৰাডুন বিমানবন্দৰত উপস্থিত হৈছিল। ইয়াৰ পাছত তেওঁ ঋষিকেশৰ ওচৰৰ বদ্ৰীনাথ ৰোডত অৱস্থিত হোটেল আনন্দ কাশীত উপস্থিত হয়।
মঙলবাৰে তেওঁ গোটেই দিনটো হোটেলত কটাইছিল। দুপৰীয়া তেওঁ হোটেলৰ সমীপৰ গংগাৰ পাৰত উপস্থিত হৈছিল, য’ত তেওঁ নিৰ্জনতাত দীঘলীয়া সময় অতিবাহিত কৰিছিল।

সোমবাৰৰ পৰা তেওঁ কোনো অনুষ্ঠানত উপস্থিত হোৱা নাই বা ৰাজহুৱাভাৱে কাকো সাক্ষাৎ দিয়া নাই৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গংগাৰ পাৰত শিলৰ ওপৰত বহি থকা এখন ছবি এতিয়া ইণ্টাৰনেট মাধ্যমত ভাইৰেল হৈ পৰিছে।

ছবিখনত, তেওঁ হাতত এখন ডায়েৰী লৈ থকা দেখা গৈছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ