--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চমু চাপিছে নিৰ্বাচন৷ ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ কিন্তু, মিৰ্বাচনলৈ প্ৰায় এমাহ থকা সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক দেখা গ’ল অন্যৰূপত৷ ৰাজনৈতিক ব্যস্ততাক একাষৰীয়া কৰি ঋষিকেশৰ গংগাৰ পাৰত নিৰ্জনতাত সময় অতিবাহিত কৰিছে শিৱৰাজ সিং চৌহানে৷

সোমবাৰে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে আচৰণ বিধি জাৰি কৰাৰ পাছত ৰাজনৈতিক ধুমুহাৰ মাজতে দেৱভূমি উত্তৰাখণ্ড ভ্ৰমণ কৰে শিৱৰাজ সিং চৌহানে। মঙলবাৰে তেওঁ ঋষিকেশৰ ওচৰৰ গংগাৰ পাৰত নিৰ্জনতাত একান্তই কিছু সময় অতিবাহিত কৰে৷

শিৱৰাজ সিঙে সোমবাৰে সন্ধিয়া ডেৰাডুন বিমানবন্দৰত উপস্থিত হৈছিল। ইয়াৰ পাছত তেওঁ ঋষিকেশৰ ওচৰৰ বদ্ৰীনাথ ৰোডত অৱস্থিত হোটেল আনন্দ কাশীত উপস্থিত হয়।
মঙলবাৰে তেওঁ গোটেই দিনটো হোটেলত কটাইছিল। দুপৰীয়া তেওঁ হোটেলৰ সমীপৰ গংগাৰ পাৰত উপস্থিত হৈছিল, য’ত তেওঁ নিৰ্জনতাত দীঘলীয়া সময় অতিবাহিত কৰিছিল।

সোমবাৰৰ পৰা তেওঁ কোনো অনুষ্ঠানত উপস্থিত হোৱা নাই বা ৰাজহুৱাভাৱে কাকো সাক্ষাৎ দিয়া নাই৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গংগাৰ পাৰত শিলৰ ওপৰত বহি থকা এখন ছবি এতিয়া ইণ্টাৰনেট মাধ্যমত ভাইৰেল হৈ পৰিছে।

ছবিখনত, তেওঁ হাতত এখন ডায়েৰী লৈ থকা দেখা গৈছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু