--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বুধবাৰে নিশা বিহাৰৰ বাক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত ১২৫০৬ নম্বৰৰ দিল্লী-কামাখ্যা নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ ১২টাতকৈও অধিক ডবা লাইনচ্যুত হোৱাৰ পাছত কেইবাখনো ৰে’ল বাতিল আৰু সময়ৰ সালসলনি কৰা হৈছে, য’ত কমেও ছজন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১০০জন আহত হৈছে৷ 

ভোজপুৰৰ এছপি প্ৰমোদ কুমাৰে ছজনৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে আৰু ৰে’লৱে’ সূত্ৰই কৈছে যে ১২টাতকৈ অধিক ডবা লাইনচ্যুত হোৱাৰ ফলত প্ৰায় ১০০জন লোক আহত হৈছে। ৰাজ্যৰ ৰাজধানীত পিএমচিএইচ, এইমছ আৰু আইজিআইএমএছকে ধৰি আৰা, বাক্সাৰ আৰু পাটনাৰ চিকিৎসালয়সমূহক আহতসকলৰ বাবে বিচনা সাজু ৰাখিবলৈ কোৱা হৈছে।
 
পিটিআইয়ে ভাৰতীয় ৰে’লৱে’ৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে বাক্সাৰৰ ওচৰৰ দানাপুৰ ডিভিজনৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত নিশা প্ৰায় ৯.৩৫ বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। পুৱা ৭:৪৫ বজাত দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা প্ৰস্থান কৰা ১২৫০৬ ডাউন নৰ্থ ইষ্ট এক্সপ্ৰেছখন গুৱাহাটীৰ কামাখ্যা জংচনলৈ আহি আছিল।

এক চৰকাৰী বিবৃতিত পূব মধ্য ৰে’লৱে‘ই কয় যে বাতিল কৰা ৰে‘লসমূহৰ ভিতৰত আছে কাশী পাটনা জন শতাব্দী এক্সপ্ৰেছ (১৫১২৫) আৰু পাটনা কাশী জন শতাব্দী এক্সপ্ৰেছ (১৫১২৬)।





বিকল্প পথলৈ পৰিৱৰ্তন কৰা ৰে’লবোৰৰ ভিতৰত আছে পুনে-দানাপুৰ এছ এফ এক্সপ্ৰেছ (১২১৪৯), পাটলিপুত্ৰ এছ এফ এক্সপ্ৰেছ (১২১৪১), ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ (১২৪২৪), বিক্ৰমশিলা এক্সপ্ৰেছ (১২৩৬৮)  কামাখ্যা এক্সপ্ৰেছ (১৫৬২৩), গুৱাহাটী এক্সপ্ৰেছ (১৫৬৩৩), ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল তেজছ ৰাজধানী এক্সপ্ৰেছ (১২৩১০), ভাগলপুৰ গৰীব ৰথ এক্সপ্ৰেছ (২২৪০৬), অৱত আৰডিপি এক্সপ্ৰেছ (২২৪৮৮)৷

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে বাক্সাৰ লাইনচ্যুত হোৱা স্থানত উদ্ধাৰ অভিযান যুদ্ধৰ পৰ্যায়ত চলি আছে৷ এনডিআৰএফ, এছডিআৰএফ, জিলা প্ৰশাসন, ৰে’ল বিষয়া আৰু স্থানীয় বাসিন্দা সকলোৱে এটা দল হিচাপে কাম কৰি আছে। 

আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। 

বৰ্তমান বিহাৰৰ ৰে’ল দুৰ্ঘটনাস্থলীতো পুনৰুদ্ধাৰৰ কাম চলি আছে। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বাক্সাৰ আৰু আৰাহৰ জিলা দণ্ডাধীশ আৰু এছপিৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক আহতসকলৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ আৰু সংশ্লিষ্ট বিষয়াসকলক যিমান সম্ভৱ সোনকালে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু