--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিশা ৫ মে’ৰ নেট পৰীক্ষাত গ্ৰেচ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। NEET ৰ পুনৰ  অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ওলোৱাৰ লগে লগে দেখা গ’ল যে ৫ মে’ৰ পৰীক্ষাত ৫ গৰাকী টপাৰ আৰু শীৰ্ষ স্থানত  নাই। প্ৰথমবাৰ  ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ পোৱা ৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হয়। কিন্তু তেওঁলোকৰ কোনোৱেই টপাৰ হ’ব নোৱাৰিলে।  প্ৰথমবাৰ সৰ্বভাৰতীয় মেধাৰ তালিকাত  ৬৭গৰাকী টপাৰ আছিল, কিন্তু  পুনৰ পৰীক্ষাৰ পিছত টপাৰৰ সংখ্যা  হ্ৰাস পালে। ফলত বিগত পৰীক্ষাক লৈ সৃষ্টি হোৱা বিতৰ্কই নতুন পাক গ্ৰহণ কৰিছে।  

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে এনটিএই ঘোষণা কৰিছিল যে গ্ৰেচ নম্বৰ পোৱা ১ হাজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে  পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। কাৰণ, উচ্চতম ন্যায়ালয়ত গোচৰ চলাৰ  পিছত তেওঁলোকৰ গ্ৰেচ মাৰ্ক বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু গ্ৰেচ নম্বৰ পোৱা ১৫৬৩ গৰাকীৰ  ভিতৰত মাত্ৰ ৫২ শতাংশ অৰ্থাৎ ৮১৩ গৰাকীয়েহে পুনৰ নীট ইউ জিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে পৰীক্ষা পলমকৈ আৰম্ভ হোৱাৰ দোহাই দি ৫ মে’ৰ নীট পৰীক্ষাত মেঘালয়, হাৰিয়ানা, চণ্ডীগড়, গুজৰাট আৰু ছত্তীশগড়ৰ মুঠ ছটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ দিয়া হৈছিল। অভিযোগ অনুসৰি এই পৰীক্ষাৰ্থীসকলক সৰ্বাধিক ১৪০ নম্বৰ পৰ্যন্ত গ্ৰেচ মাৰ্ক দিয়া হৈছিল। যাৰ বাবে বহুতে ৭২০ ৰ ভিতৰত ৭২০ নম্বৰেই  পাইছিল। 

 NEET-UG ২০২৪ৰ   প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ ‘মাষ্টাৰমাইণ্ড’ সঞ্জীৱ মুখীয়াক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই চিবিআইয়ে। গোচৰটোৰ আন অভিযুক্তসকলে  তদন্তকাৰী বিষয়াক  জনোৱা মতে, মুখীয়াই বিহাৰৰ পাটনা আৰু নালন্দাৰ পৰা  ‘প্ৰশ্ন ফাদিল নেটৱৰ্ক’ চলাইছিল । উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, গুজৰাট আদি কিছুমান ৰাজ্যত তেওঁৰ সক্ৰিয় সহযোগী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ