--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিশা ৫ মে’ৰ নেট পৰীক্ষাত গ্ৰেচ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ দ্বিতীয় পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই। NEET ৰ পুনৰ  অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ওলোৱাৰ লগে লগে দেখা গ’ল যে ৫ মে’ৰ পৰীক্ষাত ৫ গৰাকী টপাৰ আৰু শীৰ্ষ স্থানত  নাই। প্ৰথমবাৰ  ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ পোৱা ৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হয়। কিন্তু তেওঁলোকৰ কোনোৱেই টপাৰ হ’ব নোৱাৰিলে।  প্ৰথমবাৰ সৰ্বভাৰতীয় মেধাৰ তালিকাত  ৬৭গৰাকী টপাৰ আছিল, কিন্তু  পুনৰ পৰীক্ষাৰ পিছত টপাৰৰ সংখ্যা  হ্ৰাস পালে। ফলত বিগত পৰীক্ষাক লৈ সৃষ্টি হোৱা বিতৰ্কই নতুন পাক গ্ৰহণ কৰিছে।  

প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে এনটিএই ঘোষণা কৰিছিল যে গ্ৰেচ নম্বৰ পোৱা ১ হাজাৰ ৫৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে  পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। কাৰণ, উচ্চতম ন্যায়ালয়ত গোচৰ চলাৰ  পিছত তেওঁলোকৰ গ্ৰেচ মাৰ্ক বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু গ্ৰেচ নম্বৰ পোৱা ১৫৬৩ গৰাকীৰ  ভিতৰত মাত্ৰ ৫২ শতাংশ অৰ্থাৎ ৮১৩ গৰাকীয়েহে পুনৰ নীট ইউ জিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে পৰীক্ষা পলমকৈ আৰম্ভ হোৱাৰ দোহাই দি ৫ মে’ৰ নীট পৰীক্ষাত মেঘালয়, হাৰিয়ানা, চণ্ডীগড়, গুজৰাট আৰু ছত্তীশগড়ৰ মুঠ ছটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ দিয়া হৈছিল। অভিযোগ অনুসৰি এই পৰীক্ষাৰ্থীসকলক সৰ্বাধিক ১৪০ নম্বৰ পৰ্যন্ত গ্ৰেচ মাৰ্ক দিয়া হৈছিল। যাৰ বাবে বহুতে ৭২০ ৰ ভিতৰত ৭২০ নম্বৰেই  পাইছিল। 

 NEET-UG ২০২৪ৰ   প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ ‘মাষ্টাৰমাইণ্ড’ সঞ্জীৱ মুখীয়াক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই চিবিআইয়ে। গোচৰটোৰ আন অভিযুক্তসকলে  তদন্তকাৰী বিষয়াক  জনোৱা মতে, মুখীয়াই বিহাৰৰ পাটনা আৰু নালন্দাৰ পৰা  ‘প্ৰশ্ন ফাদিল নেটৱৰ্ক’ চলাইছিল । উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, গুজৰাট আদি কিছুমান ৰাজ্যত তেওঁৰ সক্ৰিয় সহযোগী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু