--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়টো কাৰ্যকালত প্ৰধানমন্ত্ৰী হিচাবে নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে লোকসভাৰ মজিয়াত ভাষণ দিয়ে। কিন্তু  মোদীৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগেই বিৰোধীৰ প্ৰতিবাদত ৰজনজনাই উঠিল লোকসভাৰ মজিয়া। বিৰোধীয়ে মোদীৰ ভাষণৰ সময়তে নিজৰ আসনতে বহি থাকি গণতান্ত্ৰিকভাবে প্ৰতিবাদ সাৱ্যস্ত কৰে। মোদীৰ ভাষণৰ মাজতে বিৰোধীয়ে যেন নিৰন্তৰ বজাই গ’ল প্ৰতিবাদৰ আৱহ সংগীত। লোকসভাৰ মজিয়াত এনেদৰে প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত বিৰোধীয়ে নিৰন্তৰ ধ্বনি দিয়াৰ নজিৰ হয়তো পূৰ্বে নাছিল। জাষ্টিছ ফৰ মণিপুৰ, মণিপুৰ, মণিপুৰ, একনায়কত্ববাদ নচলিব... আদি ধ্বনিৰে   বিৰোধীয়ে আৰম্ভনিৰে পৰাই মোদীৰ ভাষণত বাধা আৰোপ কৰে। 

বিৰোধীৰ এনে প্ৰতিবাদ নীৰৱ দৰ্শকৰ দৰে চাই ৰ’বলগীয়া হয় মাথো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।  ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰি  নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণ যেন বিৰোধীয়ে শুনিব বিচৰা নাই। বিৰোধীৰ প্ৰতিবাদৰ মাজতে মোদীয়ে তেওঁৰ ভাষণত কয়-  ‘এ দেশ কা কুচ নেহি হো সকতা হ্যায়’ - এই সাতটা শব্দ ২০১৪ চনৰ আগতে শুনা গৈছিল। এই শব্দ কেইটা চাৰিওফালে শুনা গৈছিল। কাৰণ তেতিয়া  মানুহৰ আত্মবিশ্বাস কমি গৈছিল। সেই সময়ত সকলোতে কেৱল  দুৰ্নীতিৰ খবৰহে আছিল। মই দেশবাসীক আশ্বাস দিছো যে আমি এখন উন্নত ভাৰতৰ সপোন  পূৰণৰ বাবে সকলো কৰি যাম। আমি দেশবাসীক কথা দিলো যে ২০৪৭ বৰ্ষৰ বাবে  সপ্তাহৰ সাতটা দিনৰ ২৪ ঘণ্টাই  কাম কৰা হ'ব। দেশৰ  উন্নয়ন হ’লে কোটি কোটি মানুহৰ সপোন পূৰণ হয়। দেশৰ  উন্নয়ন হ’লে কোটি কোটি মানুহৰ আকাংক্ষা পূৰণ হয়। দেশৰ  উন্নয়ন হ’লে ভৱিষ্যত প্ৰজন্মৰ সপোন পূৰণৰ আধাৰশিলা স্থাপন হয়। মোদীয়ে লতে কয়- দেশত প্ৰথমবাৰৰ বাবে ধৰ্মনিৰপেক্ষতাৰ পৰিবেশ ৰচনাৰ প্ৰয়াস চলোৱা  দেখা গৈছে। আমি তুষ্টিৰ ৰাজনীতি নকৰো,  আমি সন্তুষ্টিৰ দৰ্শন অনুসৰণ কৰোঁ। মোদীৰ এনে মন্তব্যৰ সময়তে সময়ত বিৰোধী সাংসদসকলে ধ্বনি দি থাকে, ‘তনাশাহী নেহি চলেগা’ - একনায়কত্ববাদ নচলিব...।

মোদীয়ে পুনৰ কয়- দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ বাবেই দেশৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিছে। মানুহে দেখিছে যে আমাৰ এটাই ব্ৰত ‘ ভাৰত প্ৰথম।’  আমাৰ ১০ বছৰৰ ট্ৰেক ৰেকৰ্ড মানুহে দেখিছে। মানুহে দেখিছে যে আমি দুখীয়া মানুহৰ বাবে কাম কৰিছো। আমি জনসেৱাই প্ৰভুসেৱা নীতিৰ আধাৰত  কাম কৰিছো। মোদীৰ এনে মন্তব্যৰ সময়তে বিৰোধী সাংসদে  প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলে।  এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰক্ত হৈ পৰিল। তেওঁ ভাষণৰ মাজতে ক্ষন্তেক ৰৈ দিয়ে। পিছত কিবা ভাবি মোদীয়ে পুনৰ ভাষণ আৰম্ভ কৰে।  মোদীয়ে ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁক আক্ৰমণ চলায়। মোদীয়ে  কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত বহু লোকে আলোচনা কৰিছে। প্ৰথমবাৰৰ বাবে সাংসদ হোৱাসকলে  জ্যেষ্ঠ সাংসদসকলৰ আচৰণ অনুসৰণ কৰে। প্ৰথমবাৰৰ বাবে অহা সংসদসকলে  সংসদৰ মৰ্যাদা বৃদ্ধি কৰিছে। বিৰোধীৰ প্ৰতিবাদত মোদী ক্ষন্তেক সময়ৰ বাবে ৰৈ গৈছিল যদিও অলপ পিছতে পুনৰ  ভাষণ আৰম্ভ কৰে।  কিন্তু বিৰোধী সাংসদে  হুলস্থুল  বেছিকৈহে কৰিবলৈ ধৰে। মোদীয়ে অৱশ্যে তেওঁৰ ভাষণ বন্ধ নকৰিলে। অলপ সময় থমকি ৰোৱাৰ পিছত তেওঁ পুনৰ ক’বলৈ আৰম্ভ কৰিলে। মোদীয়ে পিছে তেওঁৰ ভাষণত মণিপুৰ অথবা নীট ইউজি অথবা নেটৰ প্ৰশ্নকাকত ফাদিলৰ কথা মুঠেও উচ্চাৰণ নকৰিলে। এক কথাত ক’বলৈ গ’লে  মোদীয়ে কি ক’লে সেয়া বহুতেই শুনিলে আৰু বহুতেই নুশুনিলে । কাৰণ সদনত তেতিয়া বিৰোধীৰ হুলস্থুল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু