--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঠান হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি। এই ছবিখনৰ বাবে শ্বাহৰুখে নিজৰ ফিটনেছৰ ওপৰত বহু কাম কৰিছে, যিটো আপুনি হয়তো ওপৰোক্ত ফটোখনৰ পৰা অনুমান কৰিব পাৰিব।

পাঠান ছবিৰ জৰিয়তে হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। পাঠান ছবিখনক লৈ যথেষ্ট উৎসাহিত হৈছে অনুৰাগীসকল। এই ছবিখনত দেখা যাব কিং খানৰ চলিড ষ্টাইল। পাঠানৰ হৈ শ্বাহৰুখ খানে নিজৰ ফিটনেছৰ ওপৰত বহুত কাম কৰিছে। ইফালে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ  কৰা এখন চাৰ্টবিহীন ফটো, য’ত শ্বাহৰুখ খানৰ চলিড বডি আৰু ছয় পেক এবছ স্পষ্টকৈ দেখা গৈছে।

বলিউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে ৪ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব পাঠান ছবিৰ জৰিয়তে। এই ছবিখন সন্দৰ্ভত ইতিমধ্যে শ্বাহৰুখ খানে নিজৰ লুক প্ৰকাশ কৰিছে। আজি শ্বাহৰুখ খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এখন বিশেষ ছবি শ্বেয়াৰ কৰে। এই ফটোখনত আপুনি দেখিব যে কিং খানে নিজৰ কঠিন ফিটনেছৰ দৃশ্য উপস্থাপন কৰা দেখা গৈছে।

এই শক্তিশালী ফটোখনৰ জৰিয়তে শ্বাহৰুখ খানেও লিখিছে এটা ধেমেলীয়া কেপচন। ছিস্ক পেক এবছেৰে শ্বেয়াৰ কৰা শক্তিশালী ফটোৱে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। চাওক এই তেওঁৰ বিশেষ ফটো আৰু তেওঁৰ ধেমালীয়া কেপচন -

শ্বাহৰুখ খানৰ পাঠান কেতিয়া মুক্তি পাব?

২০২৩ চনক শ্বাহৰুখ খানৰ কামবেক বছৰ হিচাপে গণ্য কৰা হৈছে। আচলতে অহা বছৰত শ্বাহৰুখ খানক পাঠান, জৱান আৰু ডাংকি ছবিখনৰ জৰিয়তে দেখা যাব। উল্লেখযোগ্য যে ২০২৩ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই পাঠান ছবিখন। এই ছবিখনত কিং খানৰ উপৰিও ছুপাৰষ্টাৰ জন আব্ৰাহাম আৰু অভিনেত্ৰী দীপিকা পাডুকনেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি