--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঠান হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি। এই ছবিখনৰ বাবে শ্বাহৰুখে নিজৰ ফিটনেছৰ ওপৰত বহু কাম কৰিছে, যিটো আপুনি হয়তো ওপৰোক্ত ফটোখনৰ পৰা অনুমান কৰিব পাৰিব।

পাঠান ছবিৰ জৰিয়তে হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। পাঠান ছবিখনক লৈ যথেষ্ট উৎসাহিত হৈছে অনুৰাগীসকল। এই ছবিখনত দেখা যাব কিং খানৰ চলিড ষ্টাইল। পাঠানৰ হৈ শ্বাহৰুখ খানে নিজৰ ফিটনেছৰ ওপৰত বহুত কাম কৰিছে। ইফালে শ্বাহৰুখে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ  কৰা এখন চাৰ্টবিহীন ফটো, য’ত শ্বাহৰুখ খানৰ চলিড বডি আৰু ছয় পেক এবছ স্পষ্টকৈ দেখা গৈছে।

বলিউডৰ ছুপাৰষ্টাৰ গৰাকীয়ে ৪ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব পাঠান ছবিৰ জৰিয়তে। এই ছবিখন সন্দৰ্ভত ইতিমধ্যে শ্বাহৰুখ খানে নিজৰ লুক প্ৰকাশ কৰিছে। আজি শ্বাহৰুখ খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এখন বিশেষ ছবি শ্বেয়াৰ কৰে। এই ফটোখনত আপুনি দেখিব যে কিং খানে নিজৰ কঠিন ফিটনেছৰ দৃশ্য উপস্থাপন কৰা দেখা গৈছে।

এই শক্তিশালী ফটোখনৰ জৰিয়তে শ্বাহৰুখ খানেও লিখিছে এটা ধেমেলীয়া কেপচন। ছিস্ক পেক এবছেৰে শ্বেয়াৰ কৰা শক্তিশালী ফটোৱে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। চাওক এই তেওঁৰ বিশেষ ফটো আৰু তেওঁৰ ধেমালীয়া কেপচন -

শ্বাহৰুখ খানৰ পাঠান কেতিয়া মুক্তি পাব?

২০২৩ চনক শ্বাহৰুখ খানৰ কামবেক বছৰ হিচাপে গণ্য কৰা হৈছে। আচলতে অহা বছৰত শ্বাহৰুখ খানক পাঠান, জৱান আৰু ডাংকি ছবিখনৰ জৰিয়তে দেখা যাব। উল্লেখযোগ্য যে ২০২৩ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই পাঠান ছবিখন। এই ছবিখনত কিং খানৰ উপৰিও ছুপাৰষ্টাৰ জন আব্ৰাহাম আৰু অভিনেত্ৰী দীপিকা পাডুকনেও অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?