--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিউয়ৰ্কত টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কক সাক্ষাৎ কৰে। তিনিদিনীয়া আমেৰিকা ভ্ৰমণত আছে বৰ্তমান ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত ইলন মাস্কে ভাৰত ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰি অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

মাস্কে নিজকে "মোদীৰ অনুৰাগী" বুলিও অভিহিত কৰে, আৰু তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰে। ল’টে নিউয়ৰ্ক পেলেচ হোটেলত তেওঁ কয় যে ভাৰতৰ ভৱিষ্যতক লৈ মই অবিশ্বাস্যভাৱে উৎসাহিত।মই ভাবো যে বিশ্বৰ যিকোনো বৃহৎ দেশতকৈ ভাৰতৰ সম্ভাৱনীয়তা আটাইতকৈ বেছি।

সাংবাদিক ৰাহুল কানৱালৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইলন মাস্কে কয় যে বিখ্যাত ইলেক্ট্ৰিক বাহন (ইভি) কোম্পানী টেছলাই অতি সোনকালে ভাৰতত বিনিয়োগ কৰিব। তেওঁ লগতে কয় যে পূৰ্বে দেশত বিনিয়োগৰ বাবে অতিৰিক্ত কৰ বিচাৰিছিল।কিন্তু সেই সময়ত সেইয়া সম্ভৱ হৈ নুঠিল৷


উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত ২১-২৪ জুনলৈ আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডীয়ে।নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ আৰু স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞকে ধৰি বিভিন্ন শ্ৰেণীৰ দুডজনৰো অধিক চিন্তাশীল নেতাক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ