--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিউয়ৰ্কত টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কক সাক্ষাৎ কৰে। তিনিদিনীয়া আমেৰিকা ভ্ৰমণত আছে বৰ্তমান ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত ইলন মাস্কে ভাৰত ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰি অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

মাস্কে নিজকে "মোদীৰ অনুৰাগী" বুলিও অভিহিত কৰে, আৰু তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰে। ল’টে নিউয়ৰ্ক পেলেচ হোটেলত তেওঁ কয় যে ভাৰতৰ ভৱিষ্যতক লৈ মই অবিশ্বাস্যভাৱে উৎসাহিত।মই ভাবো যে বিশ্বৰ যিকোনো বৃহৎ দেশতকৈ ভাৰতৰ সম্ভাৱনীয়তা আটাইতকৈ বেছি।

সাংবাদিক ৰাহুল কানৱালৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইলন মাস্কে কয় যে বিখ্যাত ইলেক্ট্ৰিক বাহন (ইভি) কোম্পানী টেছলাই অতি সোনকালে ভাৰতত বিনিয়োগ কৰিব। তেওঁ লগতে কয় যে পূৰ্বে দেশত বিনিয়োগৰ বাবে অতিৰিক্ত কৰ বিচাৰিছিল।কিন্তু সেই সময়ত সেইয়া সম্ভৱ হৈ নুঠিল৷


উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত ২১-২৪ জুনলৈ আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডীয়ে।নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ আৰু স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞকে ধৰি বিভিন্ন শ্ৰেণীৰ দুডজনৰো অধিক চিন্তাশীল নেতাক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি