--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ এতিয়া বিপদত পৰিছে চাৰিগৰাকী পৰ্যটকৰ লগতে এগৰাকী ছাবমেৰিনৰ চালক। আটলাণ্টিকৰ গভীৰ বুকুত আবদ্ধ হৈ পৰা ছাবমেৰিন খনৰ উদ্ধাৰৰ আশা প্ৰায় ক্ষীণ হৈ পৰিছে।ছাবমেৰিন টাইটানত এতিয়া মজুত আছে মাত্ৰ ৩০ ঘণ্টাৰ বাবে অক্সিজেন। 

সন্ধানহীন হোৱা ছাবমেৰিনখনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰীৰ দলবোৰে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী আৰু কানাডাৰ এটা যুটীয়া উদ্ধাৰকাৰীৰ দলে ছাবমেৰিনখন বিচাৰি উলিয়াবলৈ যথাসাধ্য চেষ্টা চলাই আছে। ফৰাচী ছাবমেৰিনোএই অভিযানত জড়িত হৈ পৰিছে।

অনুমান কৰা হৈছে যে ছাবমেৰিনখন  সাগৰৰ পৰা প্ৰায় ১২,৫০০ ফুট তলত আৱদ্ধ হৈ আছে। দেওবাৰে পুৱা ৯.৪৫  বজাত টাইটানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰৰ চেষ্টা।ছাবমেৰিন টাইটানে নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা যাত্ৰা কৰিছিল। ছাবমেৰিনখনত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ’ব পৰাকৈ  ৯৬ ঘণ্টাৰ অক্সিজেন মজুত  আছিল। 

বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইতিমধ্যে যথেষ্ট অক্সিজেন ব্যৱহাৰ  হৈছে। আনুমানিক ৩০ ঘণ্টাৰ অক্সিজেনহে ছাবমেৰিন খনত থাকিব পাৰে। অৰ্থাৎ ৩০ ঘণ্টাৰ আগতেই ছাবমেৰিনত খনত থকা লোকসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ জীৱন বচোৱা সম্ভৱ নহ’ব।  ৫৯  বছৰীয়া ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিঙো ছাবমেৰিনখনত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস