--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ এতিয়া বিপদত পৰিছে চাৰিগৰাকী পৰ্যটকৰ লগতে এগৰাকী ছাবমেৰিনৰ চালক। আটলাণ্টিকৰ গভীৰ বুকুত আবদ্ধ হৈ পৰা ছাবমেৰিন খনৰ উদ্ধাৰৰ আশা প্ৰায় ক্ষীণ হৈ পৰিছে।ছাবমেৰিন টাইটানত এতিয়া মজুত আছে মাত্ৰ ৩০ ঘণ্টাৰ বাবে অক্সিজেন। 

সন্ধানহীন হোৱা ছাবমেৰিনখনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰীৰ দলবোৰে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী আৰু কানাডাৰ এটা যুটীয়া উদ্ধাৰকাৰীৰ দলে ছাবমেৰিনখন বিচাৰি উলিয়াবলৈ যথাসাধ্য চেষ্টা চলাই আছে। ফৰাচী ছাবমেৰিনোএই অভিযানত জড়িত হৈ পৰিছে।

অনুমান কৰা হৈছে যে ছাবমেৰিনখন  সাগৰৰ পৰা প্ৰায় ১২,৫০০ ফুট তলত আৱদ্ধ হৈ আছে। দেওবাৰে পুৱা ৯.৪৫  বজাত টাইটানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰৰ চেষ্টা।ছাবমেৰিন টাইটানে নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা যাত্ৰা কৰিছিল। ছাবমেৰিনখনত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ’ব পৰাকৈ  ৯৬ ঘণ্টাৰ অক্সিজেন মজুত  আছিল। 

বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইতিমধ্যে যথেষ্ট অক্সিজেন ব্যৱহাৰ  হৈছে। আনুমানিক ৩০ ঘণ্টাৰ অক্সিজেনহে ছাবমেৰিন খনত থাকিব পাৰে। অৰ্থাৎ ৩০ ঘণ্টাৰ আগতেই ছাবমেৰিনত খনত থকা লোকসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ জীৱন বচোৱা সম্ভৱ নহ’ব।  ৫৯  বছৰীয়া ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিঙো ছাবমেৰিনখনত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি