--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞান  আৰু পদাৰ্থ বিজ্ঞানৰ পিছত নোবেল সমিতিয়ে ৰসায়ন বিজ্ঞানৰ  এই বছৰৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। বুধবাৰে ঘোষণা কৰা  ৰসায়ন বিজ্ঞানৰ তিনিজন নোবেল বঁটা বিজয়ী হৈছে ক্ৰমে  মৌঙ্গি জি. বোৱেণ্ডি, লুইছ ই. ব্ৰুছ আৰু আলেক্সি আই একিমোভ।   তিনিওগৰাকী বিজ্ঞানীয়ে  কোৱাণ্টাম বিন্দুৰ আৱিষ্কাৰ আৰু এই বিষয়ক সফল গৱেষণাৰ বাবে   এই বঁটা লাভ কৰিছে।

ৰয়েল চুইডিছ একাডেমী অফ চায়েন্সে বুধবাৰে তিনিগৰাকী বঁটা বিজয়ীৰ নাম ঘোষণা কৰে।  এই কোৱাণ্টাম ডটটোনো কি? এয়া দৰাচলতে  নেনোপ্ৰযুক্তিৰ এটা গুৰুত্বপূৰ্ণ দিশ। কোৱাণ্টাম ডটবোৰ হৈছে  অৰ্ধপৰিবাহী নেনোক্ৰিষ্টেল। এইবোৰৰ ধৰ্ম পদাৰ্থৰ আণৱিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। পদাৰ্থবিজ্ঞানী মাৰ্ক ৰীডে প্ৰথমে ইয়াৰ নাম কোৱাণ্টাম ডটটো ৰাখিছিল।  ব্ৰুছ আৰু একিমোভে বিভিন্ন ধৰণে কোৱাণ্টাম বিন্দু সৃষ্টি কৰিছিল। আৰু বোৱেণ্ডিয়ে ইয়াৰ ৰাসায়নিক উৎপাদনত  বৃহৎ অৱদান আগবঢ়াইছে।

নোবেল বঁটা প্ৰদানৰ ৱেবছাইট অনুসৰি  কোৱাণ্টাম বিন্দু আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে ২০২৩ চনৰ নোবেল বঁটা বাৱেণ্ডি,  ব্ৰুছ আৰু  একিমোভক প্ৰদান কৰা হৈছে।

কোৱাণ্টাম ডট বা কিউডিক অৰ্ধপৰিবাহী নেনোক্ৰিষ্টেল বুলিও কোৱা হয়। এইবোৰ হৈছে অৰ্ধপৰিবাহী কণা, যিবোৰৰ আকাৰ কেইটামান নেনোমিটাৰৰ সমান। এই কিউডিবোৰ নেনোপ্ৰযুক্তি আৰু পদাৰ্থ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ বিষয়।

এই বছৰৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা বিজয়ী মংগী জি বোৱেণ্ডাৰ জন্ম ১৯৬১ চনত ফ্ৰান্সৰ পেৰিছত হৈছিল। তেওঁ মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজী (এমআইটি)ত কৰ্মৰত হৈ আছে।

ৰসায়ন বিজ্ঞানৰ আন এজন নোবেল বঁটা বিজয়ী লুইছ ই ব্ৰুছৰ জন্ম ১৯৪৩ চনত ওহাইঅ'ৰ ক্লিভলেণ্ডত হৈছিল। তেওঁ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত কাম কৰে।

উল্লেখ কৰা দুয়োগৰাকী বিজ্ঞানীৰ  সৈতে আন এজন ব্যক্তি আলেক্সি আই একিমোভেও ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। একিমোভৰ জন্ম ১৯৪৫ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নত হৈছিল। তেওঁ নিউয়ৰ্কস্থিত কোম্পানী নেনোক্ৰিষ্টেলছ টেকন'লজীৰ সৈতে সংযুক্ত হৈ আছে।





ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ১৯০১ চনৰ পৰাই প্ৰদান কৰা হৈছে। এতিয়ালৈকে ১১৪  গৰাকী  লোকে এই শাখাত নোবেল বঁটা লাভ কৰিছে।

ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তিগৰাকী  হ’ল ১৯৩৫ চনত ফ্ৰিডৰিখ জোলিট। জন বি জনছনে ৯৭ বছৰ বয়সত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। 

১৯০১ চনত চুইডিছ বিজ্ঞানী আলফ্ৰেড নোবেলৰ নামত এই সন্মানীয় বঁটা প্ৰতিবছৰে চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিত প্ৰদান কৰা হৈ আহিছে৭। ১৮৯৫ তেওঁ এক ইচ্ছাপত্ৰত এই বঁটা "মানৱজাতিৰ সৰ্বোচ্চ সেৱাত অৰিহণা যোগোৱা" লোকসকলক উৎসৰ্গা কৰিছিল।

 বুধবাৰে ৰসায়ন বিজ্ঞানৰ পিছত বৃহস্পতিবাৰে সাহিত্য বঁটা ঘোষণা কৰা হ'ব।

অৰ্থনীতিৰ নোবেল বঁটা ৯ অক্টোবৰত ঘোষণা কৰা হ'ব।
 
ইয়াৰ পূৰ্বে সোমবাৰে ঔষধ আৰু পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছিল। পিয়েৰ এগোষ্টিনি, ফেৰেংক ক্ৰাউছ আৰু এনি ল'হাউলিয়াৰক ইলেক্ট্ৰন গতিশীলতাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামৰ স্বীকৃতিস্বৰূপে পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা  প্ৰদান কৰা হৈছে। ইফালে, কেটলিন কাৰিকো আৰু ড্ৰু ৱেইছমেন নামৰ দুজন আমেৰিকান বিজ্ঞানীক ঔষধৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে বঁটা প্ৰদান কৰা হৈছে।  তেওঁলোকে কোভিডৰ বিৰুদ্ধে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ এটা ভেকছিন বিকশিত কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল