--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ হাজাৰ ৫০০ ফুট উচ্চতাৰ পৰা স্কাইডাইভিং কৰি চিকাগোৰ এগৰাকী ১০৪ বছৰীয়া বৃদ্ধাই অভিলেখ গঢ়িছে। তেওঁ কয় যে মোৰ লক্ষ্য স্কাইডাইভিঙৰ বিশ্ব অভিলেখ গঢ়ি তোলা। তেওঁ কয় যে ৪ বছৰ আগতে যেতিয়া তেওঁৰ বয়স ১০০ বছৰ আছিল তেতিয়া তেওঁ মাত্ৰ ১০০ ফুট উচ্চতাৰ পৰা জপিয়াইছিল।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছুমান ফটোত ১০৪ বছৰীয়া ড’ৰথী হফনাৰক খোজ কাঢ়ি থকা দেখা গৈছে। কিছুমান ছবিত তেওঁক স্কাইডাইভিং কৰা দেখা গৈছে। তেওঁ কয় যে শেহতীয়াকৈ মই উত্তৰ ইলিনয়ৰ ১৩,৫০০ ফুটৰ পৰা জপিয়াইছো।

ড’ৰথী হফনাৰে কয় যে তেওঁ বৰ্তমান স্কাইডাইভ কৰা আটাইতকৈ বয়সীয়াল মহিলা হিচাপে প্ৰমাণিত হোৱাৰ বাবে অপেক্ষা কৰি আছে। চিকাগো ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি দেওবাৰে চিকাগোৰ পৰা প্ৰায় ৮৫ মাইল (১৪০ কিলোমিটাৰ) দক্ষিণ-পশ্চিমে অৱস্থিত অট’ৱাৰ ‘স্কাইডাইভ চিকাগো’ত ১৩ হাজাৰ ফুটতকৈও অধিক উচ্চতাৰ পৰা জপিয়াই পৰে ড’ৰথী হফনাৰে। তেওঁ কৈছিল যে বয়স মাথোঁ এটা সংখ্যা।

কওঁ যে ২০২২ চনৰ মে’ মাহত ছুইডেনৰ ১০৩ বছৰীয়া লিনিয়া ইংগেগাৰ্ড লাৰ্ছনে আটাইতকৈ পুৰণি স্কাইডাইভিঙৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। ডব্লিউ এল এছ-টিভিৰ বাতৰি অনুসৰি, বৰ্তমান গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে হফনাৰৰ জাম্পক অভিলেখ হিচাপে প্ৰমাণিত কৰাৰ প্ৰচেষ্টা চলাই আছে।




খবৰ অনুসৰি যেতিয়া হফনাৰে প্ৰথমবাৰৰ বাবে স্কাইডাইভিং কৰিবলৈ গৈছিল তেতিয়া তেওঁক বিমানৰ পৰা ঠেলি দিবলগীয়া হৈছিল। কিন্তু দেওবাৰে ইউ এছ পেৰাচুট এছ’চিয়েশ্যনৰ প্ৰমাণিত প্ৰশিক্ষক হফনাৰে তেওঁক ১৩,৫০০ ফুট (৪,১০০ মিটাৰ)ৰ পৰা জপিয়াবলৈ উৎসাহিত কৰে, তাৰ পিছত তেওঁ নিজেই জপিয়াই পৰে।

প্ৰায় ৪ মিনিট স্কাইডাইভিং কৰি যেতিয়া হফনাৰে নামি আহিল, তেতিয়া তেওঁ ৱাকাৰ লৈ তাইৰ ওচৰলৈ আহি তাইৰ কেনে লাগিছে বুলি সুধিলে। এই প্ৰশ্নৰ উত্তৰত হফনাৰে কৈছিল যে আচৰিত, ইয়াতকৈ ভাল একো হ’ব নোৱাৰে।

ডিচেম্বৰ মাহত ১০৫ বছৰীয়া জন্মদিন উদযাপন কৰিবলগীয়া হফনাৰে কয় যে অহা শৰতৰ সময়ছোৱাত তেওঁ হট এয়াৰ বেলুন যাত্ৰা কৰাৰ আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত