--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে বৈধতা প্ৰদানৰ পাঁচ মাহ পাছত নেপালত সম্পন্ন হ’ল প্ৰথমখন সমকামী বিবাহ৷ আইনীভাৱে সমকামী বিবাহ সম্পন্ন হোৱা দক্ষিণ এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিণত হৈছে নেপাল। 

নেপালৰ যৌন সংখ্যালঘুসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে কাম কৰা সংগঠন ব্লু ডায়মণ্ড চছাইটিৰ সভাপতি সঞ্জীৱ গুৰুঙ (পিংকী)ৰ মতে, ৩৫ বছৰীয়া ট্ৰেন্স-ৱ’মেন মায়া গুৰুং আৰু ২৭ বছৰীয়া সুৰেন্দ্ৰ পাণ্ডেই আইনীভাৱে বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ বিবাহ পশ্চিম নেপালৰ লামজং জিলাৰ ডৰ্দি গ্ৰাম্য পৌৰসভাত পঞ্জীয়ন কৰা হয়।

২০০৭ত নেপালৰ উচ্চতম ন্যায়ালয়ে সমকামী বিবাহৰ অনুমতি দিছিল। আনকি ২০১৫ত গৃহীত নেপালৰ সংবিধানতো স্পষ্টকৈ কোৱা হৈছে যে যৌন অভিমুখিতাৰ ভিত্তিত কোনো বৈষম্য হ'ব নোৱাৰে।

২০২৩ৰ ২৭ জুনত উচ্চতম ন্যায়ালয়ে গুৰুঙকে ধৰি একাধিক লোকৰ দ্বাৰা দাখিল কৰা এখন ৰিট আৱেদনত নেপালত সমকামী বিবাহক বৈধতা প্ৰদান কৰাৰ বাবে এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে। কিন্তু সমকামী বিবাহ অস্থায়ীভাৱে পঞ্জীয়ন কৰাৰ ঐতিহাসিক নিৰ্দেশ সত্ত্বেও, কাঠমাণ্ডু জিলা আদালতে চাৰি মাহ আগতে প্ৰয়োজনীয় আইনৰ অভাৱৰ কথা উল্লেখ কৰি এই পদক্ষেপ নাকচ কৰিছিল।

সুৰেন্দ্ৰ পাণ্ডে আৰু মায়াৰ বিবাহৰ আবেদন সেই সময়ত নাকচ কৰা হৈছিল।

তেওঁলোকৰ পৰিয়ালৰ অনুমোদনত পৰম্পৰাগতধৰণে বিবাহপাশত আৱদ্ধ হোৱা নৱালপাৰাচী জিলাৰ বাসিন্দা সুৰেন্দ্ৰ আৰু লামজং জিলাৰ বাসিন্দা মায়াই যোৱা ছয় বছৰ ধৰি স্বামী আৰু পত্নী হিচাপে একেলগে বাস কৰি আছে। পিংকীয়ে কয়, তেওঁলোকৰ পৰিচয় আৰু অধিকাৰ অবিহনে বহুতো তৃতীয় লিংগৰ দম্পতী বাস কৰি আছে আৰু ই তেওঁলোকক যথেষ্ট সহায় কৰিব৷ 

পিংকীয়ে লগতে কয় যে এতিয়া এই সম্প্ৰদায়ৰ আন লোকসকলৰ বাবে তেওঁলোকৰ বিবাহ বৈধ কৰাৰ বাবে দুৱাৰ মুকলি হৈছে।
এতিয়া তেওঁলোকৰ বিবাহ অস্থায়ীভাৱে পঞ্জীয়ন কৰা হৈছে আৰু প্ৰয়োজনীয় আইন প্ৰস্তুত কৰাৰ পাছত ই স্বয়ংক্ৰিয়ভাৱে স্থায়ী স্বীকৃতি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ