--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে বৈধতা প্ৰদানৰ পাঁচ মাহ পাছত নেপালত সম্পন্ন হ’ল প্ৰথমখন সমকামী বিবাহ৷ আইনীভাৱে সমকামী বিবাহ সম্পন্ন হোৱা দক্ষিণ এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিণত হৈছে নেপাল। 

নেপালৰ যৌন সংখ্যালঘুসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে কাম কৰা সংগঠন ব্লু ডায়মণ্ড চছাইটিৰ সভাপতি সঞ্জীৱ গুৰুঙ (পিংকী)ৰ মতে, ৩৫ বছৰীয়া ট্ৰেন্স-ৱ’মেন মায়া গুৰুং আৰু ২৭ বছৰীয়া সুৰেন্দ্ৰ পাণ্ডেই আইনীভাৱে বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ বিবাহ পশ্চিম নেপালৰ লামজং জিলাৰ ডৰ্দি গ্ৰাম্য পৌৰসভাত পঞ্জীয়ন কৰা হয়।

২০০৭ত নেপালৰ উচ্চতম ন্যায়ালয়ে সমকামী বিবাহৰ অনুমতি দিছিল। আনকি ২০১৫ত গৃহীত নেপালৰ সংবিধানতো স্পষ্টকৈ কোৱা হৈছে যে যৌন অভিমুখিতাৰ ভিত্তিত কোনো বৈষম্য হ'ব নোৱাৰে।

২০২৩ৰ ২৭ জুনত উচ্চতম ন্যায়ালয়ে গুৰুঙকে ধৰি একাধিক লোকৰ দ্বাৰা দাখিল কৰা এখন ৰিট আৱেদনত নেপালত সমকামী বিবাহক বৈধতা প্ৰদান কৰাৰ বাবে এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে। কিন্তু সমকামী বিবাহ অস্থায়ীভাৱে পঞ্জীয়ন কৰাৰ ঐতিহাসিক নিৰ্দেশ সত্ত্বেও, কাঠমাণ্ডু জিলা আদালতে চাৰি মাহ আগতে প্ৰয়োজনীয় আইনৰ অভাৱৰ কথা উল্লেখ কৰি এই পদক্ষেপ নাকচ কৰিছিল।

সুৰেন্দ্ৰ পাণ্ডে আৰু মায়াৰ বিবাহৰ আবেদন সেই সময়ত নাকচ কৰা হৈছিল।

তেওঁলোকৰ পৰিয়ালৰ অনুমোদনত পৰম্পৰাগতধৰণে বিবাহপাশত আৱদ্ধ হোৱা নৱালপাৰাচী জিলাৰ বাসিন্দা সুৰেন্দ্ৰ আৰু লামজং জিলাৰ বাসিন্দা মায়াই যোৱা ছয় বছৰ ধৰি স্বামী আৰু পত্নী হিচাপে একেলগে বাস কৰি আছে। পিংকীয়ে কয়, তেওঁলোকৰ পৰিচয় আৰু অধিকাৰ অবিহনে বহুতো তৃতীয় লিংগৰ দম্পতী বাস কৰি আছে আৰু ই তেওঁলোকক যথেষ্ট সহায় কৰিব৷ 

পিংকীয়ে লগতে কয় যে এতিয়া এই সম্প্ৰদায়ৰ আন লোকসকলৰ বাবে তেওঁলোকৰ বিবাহ বৈধ কৰাৰ বাবে দুৱাৰ মুকলি হৈছে।
এতিয়া তেওঁলোকৰ বিবাহ অস্থায়ীভাৱে পঞ্জীয়ন কৰা হৈছে আৰু প্ৰয়োজনীয় আইন প্ৰস্তুত কৰাৰ পাছত ই স্বয়ংক্ৰিয়ভাৱে স্থায়ী স্বীকৃতি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে