--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ৰাষ্ট্ৰপ্ৰধানৰ সৈতে হোৱা কাণ্ডই এইবাৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷বুধবাৰে জাৰ্মান ৰাষ্ট্ৰপতি ফ্ৰেংক-ৱাল্টাৰ ষ্টেইনমাইয়াৰৰ কাটাৰ ভ্ৰমণৰ সময়ত ডোহাত উপস্থিত হোৱাৰ লগে লগে প্ৰায় ৩০ মিনিট অপেক্ষা কৰি ৰখাৰ ফলত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়। জাৰ্মান ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ বিমানৰ দুৱাৰত কৰযোৰ কৰি থিয় হৈ থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জাৰ্মান সংবাদ সম্প্ৰচাৰক ডি ডব্লিউৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাষ্ট্ৰপতিজনক সম্ভাষণ জনাবলৈ বিমানবন্দৰত কাটাৰৰ বিষয়াসকল অনুপস্থিত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

কাটাৰত জাৰ্মানীৰ ৰাষ্ট্ৰদূত আৰু সামৰিক অনাৰ গাৰ্ড উপস্থিত থকাৰ পাছতো এই কাণ্ড সংঘটিত হয়। কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চুলতান আল-মুৰাইচাই আহি পোৱাৰ পাছতহে আনুষ্ঠানিকতা আগবাঢ়ে বুলি ডি ডব্লিউৱে প্ৰকাশ কৰিছে; এই বিতৰ্কৰ মাজতে জাৰ্মান ৰাষ্ট্ৰপতি ষ্টেইনমাইয়াৰে কাটাৰৰ শাসক শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে হোৱা বৈঠকৰ বাবে সময়মতে বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।

কাটাৰত তিনি ঘণ্টীয়া থকা চমু সময়ছোৱাত ষ্টেইনমাইয়াৰে হামাছৰ হাতত থকা জাৰ্মান পণবন্দীসকলক মুকলি কৰি দিয়াৰ সন্দৰ্ভত আলোচনাত মনোনিৱেশ কৰিছিল বুলি ডি ডব্লিউৱে প্ৰকাশ কৰিছে।ডি ডব্লিউৰ উদ্ধৃতি অনুসৰি শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে হোৱা বৈঠকৰ পিছত ডোহাত সাংবাদিকৰ আগত তেওঁ কয় যে কাটাৰে জাৰ্মান পণবন্দীসকলক মুকলি কৰি দিয়াত নিজৰ সামৰ্থ অনুসৰি সকলো কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব