--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ৰাষ্ট্ৰপ্ৰধানৰ সৈতে হোৱা কাণ্ডই এইবাৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷বুধবাৰে জাৰ্মান ৰাষ্ট্ৰপতি ফ্ৰেংক-ৱাল্টাৰ ষ্টেইনমাইয়াৰৰ কাটাৰ ভ্ৰমণৰ সময়ত ডোহাত উপস্থিত হোৱাৰ লগে লগে প্ৰায় ৩০ মিনিট অপেক্ষা কৰি ৰখাৰ ফলত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়। জাৰ্মান ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ বিমানৰ দুৱাৰত কৰযোৰ কৰি থিয় হৈ থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জাৰ্মান সংবাদ সম্প্ৰচাৰক ডি ডব্লিউৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাষ্ট্ৰপতিজনক সম্ভাষণ জনাবলৈ বিমানবন্দৰত কাটাৰৰ বিষয়াসকল অনুপস্থিত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

কাটাৰত জাৰ্মানীৰ ৰাষ্ট্ৰদূত আৰু সামৰিক অনাৰ গাৰ্ড উপস্থিত থকাৰ পাছতো এই কাণ্ড সংঘটিত হয়। কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চুলতান আল-মুৰাইচাই আহি পোৱাৰ পাছতহে আনুষ্ঠানিকতা আগবাঢ়ে বুলি ডি ডব্লিউৱে প্ৰকাশ কৰিছে; এই বিতৰ্কৰ মাজতে জাৰ্মান ৰাষ্ট্ৰপতি ষ্টেইনমাইয়াৰে কাটাৰৰ শাসক শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে হোৱা বৈঠকৰ বাবে সময়মতে বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয়।

কাটাৰত তিনি ঘণ্টীয়া থকা চমু সময়ছোৱাত ষ্টেইনমাইয়াৰে হামাছৰ হাতত থকা জাৰ্মান পণবন্দীসকলক মুকলি কৰি দিয়াৰ সন্দৰ্ভত আলোচনাত মনোনিৱেশ কৰিছিল বুলি ডি ডব্লিউৱে প্ৰকাশ কৰিছে।ডি ডব্লিউৰ উদ্ধৃতি অনুসৰি শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে হোৱা বৈঠকৰ পিছত ডোহাত সাংবাদিকৰ আগত তেওঁ কয় যে কাটাৰে জাৰ্মান পণবন্দীসকলক মুকলি কৰি দিয়াত নিজৰ সামৰ্থ অনুসৰি সকলো কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ