--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালত ৰাহুল গান্ধীয়ে নাইটক্লাৱত উপস্থিত থকাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে অবাঞ্চিত বিতৰ্কৰ৷ ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু সমৰ্থকসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা ভিডিঅ’ৰ বিৰুদ্ধে টুইটাৰ যুদ্ধৰ নেতৃত্ব দিয়াৰ সময়ত ‘ইণ্ডিয়া টুডে’ই ফেক্ট-চেক কৰি প্ৰকাশ কৰিছে যে গান্ধীয়ে এগৰাকী চীনা ৰাষ্ট্ৰদূতৰ সৈতে নাইট ক্লাৱত উপস্থিত আছিল বুলি কৰা দাবী মিছা।

ভিডিঅ’টো টুইট কৰা সকলৰ ভিতৰত আছিল বিজেপিৰ সামাজিক মাধ্যম বিভাগৰ মুৰব্বী অমিত মালৱ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং। বিজেপিৰ মত, ৰাহুল গান্ধীয়ে এনে এক সময়ত নাইট ক্লাবত উপস্থিত আছিল, যিসময়ত তেওঁৰ দলটো ধাৰাবাহিক বিপৰ্যয়ৰ সন্মুখীন হৈ৷আছে৷ 

কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু মুখ্য মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই প্ৰত্যুত্তৰ দি কয় যে গান্ধীয়ে এখন বিবাহৰ ব্যক্তিগত নিমন্ত্ৰণ ৰক্ষা কৰি নেপালত আছিল আৰু গান্ধীয়ে অনিমন্ত্ৰিত হৈ তালৈ যোৱা নাই। তেওঁ লগতে কয় যে বন্ধু বা পৰিয়ালৰ সদস্যৰ বিয়াত উপস্থিত থকাটো অপৰাধ নহয়।

ইপিনে, ৰাহুল গান্ধীক সমৰ্থন কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ো এই বিষয়টোক লৈ বিজেপিক সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ গান্ধীয়ে পাঁচদিনীয়া ব্যক্তিগত ভ্ৰমণত সোমবাৰে নেপালত উপস্থিত হৈছিল। ‘কাঠমাণ্ডু পোষ্ট’ বাতৰিকাকতৰ মতে, কংগ্ৰেছ নেতাজনে তেওঁৰ নেপালী বন্ধু সুম্নিমা উদাসৰ বিয়াত উপস্থিত থাকিবলৈ দেশখনৰ ৰাজধানী চহৰত উপস্থিত আছে৷ 

ম্যানমাৰত নেপালৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰা সুম্নিমাৰ পিতৃ ভীম উদাসে কয়, আমি গান্ধীক মোৰ ছোৱালীৰ বিয়াত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিলোঁ৷  ‘ইণ্ডিয়া টুডে’ৰ তথ্য পৰীক্ষাত দেখা গৈছে যে বহুতে গান্ধীৰ সৈতে ভিডিঅ’টোত দেখা এগৰাকী মহিলাক নেপালত থকা চীনা ৰাষ্ট্ৰদূত হাউ য়াঙ্কি হিচাপে চিনাক্ত কৰিবলৈ আগবাঢ়িছিল। যিসকলে এই দাবীৰে টুইট কৰিছিল তেওঁলোকৰ ভিতৰত এজন টিআৰএছ নেতাও আছে। সংবাদ প্ৰতিষ্ঠানটোৱে নিজা অনুসন্ধানত জানিবলৈ পাৰিলে যে, গান্ধী ২ মে’ত নাইট ক্লাৱত আছিল, তেওঁৰ পাঁচ-ছজন পৰিচিত ব্যক্তিৰ সৈতে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৰ অনুসন্ধানত পোহৰলৈ আহিছে যে তাত কোনো চীনা কূটনীতিবিদ উপস্থিত নাছিল।

এগৰাকী জ্যেষ্ঠ সাংবাদিকে কয়, মহিলাগৰাকী নিশ্চিতভাৱে চীনা দূত নহয়। তেওঁ কইনাৰ পৰিচিত এগৰাকী নেপালী মহিলা৷ ‘ইণ্ডিয়া টুডে’ৰ বাতৰি অনুসৰি, প্ৰত্যক্ষদৰ্শীৰ বিৱৰণৰ ওপৰত ভিত্তি কৰি অৱশ্যে এয়া স্পষ্ট যে ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীক এগৰাকী চীনা দূতৰ সৈতে পাৰ্টী কৰা দেখা যোৱা নাছিল। তেওঁ উপস্থিত থকা বিয়াখনত কইনাগৰাকীৰ এজন বন্ধুৰ সৈতে কথা পাতি আছিল

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ