--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঈদৰ মাজতে দুই ভগ্নীয়ে দেখুৱালে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন৷ উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ এটা ঈদগাহৰ বাবে দান কৰিছে চাৰি বিঘা মাটি (প্ৰায় ২০,৪০০ বৰ্গ ফুট)। মাটিখিনি তেওঁলোকৰ প্ৰয়াত পিতৃৰ ইচ্ছা অনুসৰি দান কৰিছে। ‘দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ স্বৰ্গীয় পিতৃৰ ইচ্ছা অনুসৰি মাটিখিনি দান কৰিছিল। আমি মাটিখিনি গ্ৰহণ কৰি এটা সীমাবেৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছো। যেতিয়া আমাৰ দেশ সাম্প্ৰদায়িক উন্মাদনাৰ সন্মুখীন হৈছে তেতিয়া এনে পৰিৱেশত ভগ্নীদ্বয়ৰ এই মহান কাৰ্য আদৰণীয়’- বুলি কাশীপুৰ অঞ্চলৰ ইদগাহ সমিতিৰ মুৰব্বী হাছিন খানে কয়।

ইদগাহখন ধেলা নদীৰ ওপৰত এখন দলঙৰ কাষৰ বেইলজুডি গাঁৱত স্থাপিত হ’ব। সমিতিখনে ইতিমধ্যে তাত প্ৰায় চাৰি একৰ ভূমি গ্ৰহণ কৰে আৰু এই সপ্তাহতে ঈদ উদযাপনৰ সময়ত প্ৰায় ২০,০০০ মুছলমানে নামাজ প্ৰদৰ্শন কৰিছিল।

জানিব পৰা মতে তেওঁলোকৰ দেউতাক প্ৰয়াত লালা ব্ৰিজনন্দন প্ৰসাদ ৰাস্তোগীৰ ইদগাহ স্থানৰ কাষত মাটি আছিল আৰু তেওঁ সকলো ধৰ্মক সন্মান কৰে। তেওঁ ভূমিদান কৰি হিন্দু আৰু মুছলমানৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব বিচাৰিছিল৷ কিন্তু দুৰ্ভাগ্যৱশতঃ ২০০৩ চনত তেওঁ মৃত্যুবৰণ কৰিছিল।

মৃত্যুৰ আগতে তেওঁৰ পুত্ৰ আৰু কন্যাৰ মাজত মাটি বিতৰণ কৰিছিল৷ তেওঁ দান কৰিব বিচৰা ভূমি তেওঁৰ ছোৱালী সৰোজ আৰু অনিতা ৰাস্তোগীৰ ভাগত পৰিছিল৷ দেওবাৰে, তেওঁলোকৰ পিতৃৰ বিয়োগ হোৱাৰ ১৯ বছৰৰ পাছত, দুয়ো জাচপুৰত উপস্থিত হয় আৰু ৰাজহ বিষয়াসকলৰ দ্বাৰা উপযুক্ত প্ৰক্ৰিয়াৰ পাছত মাটি স্থানান্তৰ কৰিবলৈ কাশীপুৰ ইদগাহ সমিতিৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক