--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঈদৰ মাজতে দুই ভগ্নীয়ে দেখুৱালে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন৷ উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ এটা ঈদগাহৰ বাবে দান কৰিছে চাৰি বিঘা মাটি (প্ৰায় ২০,৪০০ বৰ্গ ফুট)। মাটিখিনি তেওঁলোকৰ প্ৰয়াত পিতৃৰ ইচ্ছা অনুসৰি দান কৰিছে। ‘দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ স্বৰ্গীয় পিতৃৰ ইচ্ছা অনুসৰি মাটিখিনি দান কৰিছিল। আমি মাটিখিনি গ্ৰহণ কৰি এটা সীমাবেৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছো। যেতিয়া আমাৰ দেশ সাম্প্ৰদায়িক উন্মাদনাৰ সন্মুখীন হৈছে তেতিয়া এনে পৰিৱেশত ভগ্নীদ্বয়ৰ এই মহান কাৰ্য আদৰণীয়’- বুলি কাশীপুৰ অঞ্চলৰ ইদগাহ সমিতিৰ মুৰব্বী হাছিন খানে কয়।

ইদগাহখন ধেলা নদীৰ ওপৰত এখন দলঙৰ কাষৰ বেইলজুডি গাঁৱত স্থাপিত হ’ব। সমিতিখনে ইতিমধ্যে তাত প্ৰায় চাৰি একৰ ভূমি গ্ৰহণ কৰে আৰু এই সপ্তাহতে ঈদ উদযাপনৰ সময়ত প্ৰায় ২০,০০০ মুছলমানে নামাজ প্ৰদৰ্শন কৰিছিল।

জানিব পৰা মতে তেওঁলোকৰ দেউতাক প্ৰয়াত লালা ব্ৰিজনন্দন প্ৰসাদ ৰাস্তোগীৰ ইদগাহ স্থানৰ কাষত মাটি আছিল আৰু তেওঁ সকলো ধৰ্মক সন্মান কৰে। তেওঁ ভূমিদান কৰি হিন্দু আৰু মুছলমানৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব বিচাৰিছিল৷ কিন্তু দুৰ্ভাগ্যৱশতঃ ২০০৩ চনত তেওঁ মৃত্যুবৰণ কৰিছিল।

মৃত্যুৰ আগতে তেওঁৰ পুত্ৰ আৰু কন্যাৰ মাজত মাটি বিতৰণ কৰিছিল৷ তেওঁ দান কৰিব বিচৰা ভূমি তেওঁৰ ছোৱালী সৰোজ আৰু অনিতা ৰাস্তোগীৰ ভাগত পৰিছিল৷ দেওবাৰে, তেওঁলোকৰ পিতৃৰ বিয়োগ হোৱাৰ ১৯ বছৰৰ পাছত, দুয়ো জাচপুৰত উপস্থিত হয় আৰু ৰাজহ বিষয়াসকলৰ দ্বাৰা উপযুক্ত প্ৰক্ৰিয়াৰ পাছত মাটি স্থানান্তৰ কৰিবলৈ কাশীপুৰ ইদগাহ সমিতিৰ মুৰব্বীৰ সৈতে যোগাযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ