--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃস্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিয়ে। ৰাষ্ট্ৰপতি হিচাবে দেশবাসীক উদ্দেশ্যি দিয়া এয়া তেওঁৰ প্ৰথম ভাষণ।ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতীৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত এই উদযাপনে নিশ্চয় আমাৰ স্বাধীনতা সংগ্ৰামীসকলক অতি সুখী কৰি তুলিছে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, "২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিব পাৰিম। বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত সংবিধান ৰচনা কৰা সকলৰ দৃষ্টিভংগীক আমি এক দৃঢ় ৰূপ দিম। আমি ইতিমধ্যে এক আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ আগবাঢ়িছো, যি হৈছে এনে এক ভাৰত যি খন ভাৰতে ইয়াৰ প্ৰকৃত সম্ভাৱনাক উপলব্ধি কৰিব পাৰিব।" 

৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিকয় " যোৱা কেইবছৰমানত,  ভাৰতে এক নতুন ৰূপ লৈছে। কোভিড মহামাৰীৰ মোকাবিলাৰ ক্ষেত্ৰত আমাৰ সাফল্য বহুতো উন্নত ৰাষ্ট্ৰতকৈ অধিক আছিল। আমি আমাৰ বিজ্ঞানী, চিকিৎসক, চিকিৎসাকৰ্মীসকলৰ লগতে  কোভিড যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞ ," । 

কোভিডে বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ সময়তে   ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বিকাশ হোৱা বুলিও ৰাষ্ট্ৰপতিয়ে কয়। তেওঁ কয় "গণতন্ত্ৰই কেৱল মাটিতে শিপা খামুচি নাথাকে, ই সমৃদ্ধও হয়"।  তেওঁ নাগৰিকসকলক দেশৰ সুৰক্ষা, নিৰাপত্তা, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে পণ ল’বলৈও আহ্বান জনায়।।  মুৰ্মুৱে কয়: "দেশৰ অৰ্থনৈতিক বিকাশ অধিক দ্ৰুত হৈ পৰিছে। 

ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) আৰু ডিজিটেল ইণ্ডিয়াৰ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।তেওঁ  লগতে কয়, "আজি ভাৰতৰ বাবে মূল শব্দ হৈছে দলিত, দৰিদ্ৰ আৰু দৰিদ্ৰ ৰেখাৰ তলত থকা সকলৰ প্ৰতি সহানুভূতি।" দেশৰ নতুন আত্মবিশ্বাসৰ উৎস  যুৱক,কৃষক আৰু মহিলা বুলি দাবী কৰি মুৰ্মুৱে কয়: "লিংগ বৈষম্য হ্ৰাস পাইছে আৰু মহিলাসকলে বহুতো আগুৱাই গৈছে। তেওঁ ঐক্যবদ্ধ ভাবে সকলোকে দেশৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু