--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পেৰাচিটামল যুক্ত কেইবাটাও ঔষধ কিনিব নোৱাৰিব কাৰণ এতিয়াৰ পৰা এই ঔষধবোৰ বজাৰত নাপায়। মুঠ ১৪টা ফিক্সড ড’জ কম্বিনেচন ঔষধ নিষিদ্ধ কৰিছে চৰকাৰে। এইকেইটা ঔষধে মানুহৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাবে এই ঔষধকেইটা নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্ৰীয় চৰকাৰে। 

বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে ইয়াৰ উৎপাদন, বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে।

সাধাৰণতে আমি পেৰাচিটামল আৰু ইয়াৰ সংমিশ্ৰণ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, দাঁতৰ বিষ, বাতবিষৰ বিষ, অষ্টিঅ’আৰ্থাইটিছ, মাহেকীয়াৰ বিষৰ বাবে গ্ৰহণ কৰোঁ। এই ঔষধ সমূহৰ নিৰ্বিচাৰ ব্যৱহাৰে যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে চৰকাৰে ধাৰা ৩৭ তথা ড্ৰাগ এণ্ড কচমেটিক এক্ট, ১৯৪০ৰ ২৬এ- ৰ অনুসৰি এইসমূহ ঔষধৰ ওপৰত নিষিদ্ধতা জাৰি কৰিছে। 

এইসমূহ ঔষধ নিষিদ্ধ কৰা হৈছে-

- নিমেছুলাইড + পেৰাচিটামল
- ক্ল’ৰফেনিৰামাইন + ক’ডেইন ফছফেট + মেন্থল
- ফেনিট’ইন + ফেন’বাৰবিটন ছডিয়াম
- পেৰাচিটামল + প্ৰপাইফেনাজ’ন + কেফেইন
- পেৰাচিটামল + ফেনাইলফ্ৰিন + কেফেইন
- এমোক্সিচিলিন + ব্ৰমহেক্সিন
- ফেলিকোডিন + প্ৰমিথাজিন
- ইমিপ্ৰামিন + ডায়েজেপাম
- ছালবুটামল + ব্ৰমহেক্সিন
- ক্ল’ৰফেনিৰামাইন মেলেট + ক’ডেইন চিৰাপ
- এমোনিয়াম ক্লৰাইড + ব্ৰমহেক্সিন + ডেক্সট্ৰ’মেথ’ৰফান
- ব্ৰমহেক্সিন + ডেক্সট্ৰ’মেথ’ৰফান + এমোনিয়াম ক্লৰাইড + মেন্থল
- ডেক্সট্ৰ’মেথৰ্ফান + ক্ল’ৰফেনিৰামাইন + গুয়াইফেনেচিন + এমোনিয়াম ক্লৰাইড
- কেফেইন + পেৰাচিটামল + ফেনাইলফ্ৰিন + ক্ল’ৰফেনিৰামাইন
- ক্ল’ৰফেনিৰামাইন মেলেট + ডেক্সট্রোমেথৰফান + ডেক্সট্রোমেথৰফান + গুয়াইফেনেচিন + এমোনিয়াম
আৰু মেন্থল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ