--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পেৰাচিটামল যুক্ত কেইবাটাও ঔষধ কিনিব নোৱাৰিব কাৰণ এতিয়াৰ পৰা এই ঔষধবোৰ বজাৰত নাপায়। মুঠ ১৪টা ফিক্সড ড’জ কম্বিনেচন ঔষধ নিষিদ্ধ কৰিছে চৰকাৰে। এইকেইটা ঔষধে মানুহৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাবে এই ঔষধকেইটা নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্ৰীয় চৰকাৰে। 

বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে ইয়াৰ উৎপাদন, বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে।

সাধাৰণতে আমি পেৰাচিটামল আৰু ইয়াৰ সংমিশ্ৰণ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, দাঁতৰ বিষ, বাতবিষৰ বিষ, অষ্টিঅ’আৰ্থাইটিছ, মাহেকীয়াৰ বিষৰ বাবে গ্ৰহণ কৰোঁ। এই ঔষধ সমূহৰ নিৰ্বিচাৰ ব্যৱহাৰে যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে চৰকাৰে ধাৰা ৩৭ তথা ড্ৰাগ এণ্ড কচমেটিক এক্ট, ১৯৪০ৰ ২৬এ- ৰ অনুসৰি এইসমূহ ঔষধৰ ওপৰত নিষিদ্ধতা জাৰি কৰিছে। 

এইসমূহ ঔষধ নিষিদ্ধ কৰা হৈছে-

- নিমেছুলাইড + পেৰাচিটামল
- ক্ল’ৰফেনিৰামাইন + ক’ডেইন ফছফেট + মেন্থল
- ফেনিট’ইন + ফেন’বাৰবিটন ছডিয়াম
- পেৰাচিটামল + প্ৰপাইফেনাজ’ন + কেফেইন
- পেৰাচিটামল + ফেনাইলফ্ৰিন + কেফেইন
- এমোক্সিচিলিন + ব্ৰমহেক্সিন
- ফেলিকোডিন + প্ৰমিথাজিন
- ইমিপ্ৰামিন + ডায়েজেপাম
- ছালবুটামল + ব্ৰমহেক্সিন
- ক্ল’ৰফেনিৰামাইন মেলেট + ক’ডেইন চিৰাপ
- এমোনিয়াম ক্লৰাইড + ব্ৰমহেক্সিন + ডেক্সট্ৰ’মেথ’ৰফান
- ব্ৰমহেক্সিন + ডেক্সট্ৰ’মেথ’ৰফান + এমোনিয়াম ক্লৰাইড + মেন্থল
- ডেক্সট্ৰ’মেথৰ্ফান + ক্ল’ৰফেনিৰামাইন + গুয়াইফেনেচিন + এমোনিয়াম ক্লৰাইড
- কেফেইন + পেৰাচিটামল + ফেনাইলফ্ৰিন + ক্ল’ৰফেনিৰামাইন
- ক্ল’ৰফেনিৰামাইন মেলেট + ডেক্সট্রোমেথৰফান + ডেক্সট্রোমেথৰফান + গুয়াইফেনেচিন + এমোনিয়াম
আৰু মেন্থল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ