--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ বাবে কেলচিয়াম অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে। কেলচিয়ামৰ অভাৱত দাঁতৰো সমস্যা হয়। হাঁড় আৰু দাঁতৰ বাবে অতি প্ৰয়োজনীয় উপাদান কেলচিয়াম। কি কি খালে আমি কেলচিয়ামৰ অভাৱ পূৰ্ণ কৰিব পাৰো জানো আহক।  

গাখীৰঃ গাখীৰত থাকে কেলচিয়ামৰ উত্তম উৎস। যদি আপুনি প্ৰতিদিনে গাখীৰ খায়, তেন্তে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। কিছুমান মানুহে গাখীৰ খাবলৈ একেবাৰেই ভাল নাপায়, গতিকে হাড়ৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈ থাকিব পাৰে। 

তিলঃ তিল কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয়। আপুনি তিলৰ লাড়ু বনাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। তিল পৰঠা বা পুৰীত ভৰাই খাব পাৰি।

শাক-পাচলিঃ কিছুমান শাক-পাচলিত কেলচিয়াম ভাল পৰিমাণে থাকে। এনে শাক-পাচলি সেৱনে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। বতৰৰ শাক-পাচলি খোৱাটো উপকাৰী বুলি বিবেচিত হয়।

বাদামঃ বাদাম কেলচিয়ামৰ এক উত্তম উৎস। যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয় তেন্তে দৈনিক ১ কাপ তিয়াই থোৱা বাদাম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বাদাম খালে কেলচিয়ামৰ অভাৱ দূৰ হয়।

ছয়া মিল্কঃ কিছুমান মানুহৰ গৰু-ম’হৰ গাখীৰৰ পৰা এলাৰ্জী হয়। এনে লোকে ছয়া মিল্কক খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। ছয়া মিল্ক খাই কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰি।

চিয়া বীজঃ কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ চিয়া বীজ অতি উত্তম উৎস। চিয়া বীজত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াত ফছফৰাছ ভাল পৰিমাণত পোৱা যায় যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত