--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বেহেনশ্বাহ বিপদত! দিন ভালে যোৱা নাই বলীউড শ্বেহেনশ্বাহৰ! চৰম আৰ্থিক সংকটত ভুগিছে শ্বেহেনশ্বাহ ৰ পৰিয়াল! কেইদিনমান পূৰ্বে অভিষেক বচ্চনে নিজৰ ফ্লেটটো বিক্ৰী কৰাৰ খবৰ বিয়পি পৰিছিল। মায়ানগৰী মুম্বাইৰ অবেৰয় ভৱনৰ বিলাসী ফ্লেটটো ৪৫.৭৫ কোটি টকাত বিক্ৰী কৰিছিল অমিতাভ তনয় অভিষেকে।পুত্ৰৰ পাছত এইবাৰ পিতৃৰো অনুৰূপ কাৰ্য। এইবাৰ অমিতাভ বচ্চনে নিজৰ ঘৰটো ভাড়ালৈ দিছে। খবৰ অনুসৰি, জলছাৰ ওচৰত বচ্চন পৰিয়ালৰ আছো দুটা ঘৰ । ইয়াৰ পূৰ্বে এই দুটা ঘৰো চিটী বেংকক ভাড়ালৈ দিছিল অমিতাভ বচ্চনে।

চৰ্ত অনুসৰি, ২০১৯ চনৰ জুন মাহত দুয়োটা ঘৰ খালী কৰি দিছিল কোম্পানীটোৱে। এইবাৰ ভাৰতীয় ষ্টেট বেংকক ঘৰ দুটা ভাড়ালৈ দিছে শ্বেহেনশ্বাহ এ । ৰিয়েল ইষ্টেটৰ এগৰাকী বিশ্লেষকৰ মতে, বিগ বি-এ তেওঁৰ ৩.১৫০ বৰ্গ ফুটৰ দুটা ঘৰ ১৫ বছৰৰ বাবে ভাড়ালৈ দিছে। চুক্তি অনুসৰি, প্ৰতি পাঁচ বছৰৰ মূৰত ২৫ শতাংশ হাৰত বৃদ্ধি পাব ঘৰভাড়া । আনহাতে, প্ৰতি মাহে পৰিশোধ কৰিবলগীয়া ভাড়াৰ পৰিমাণ হৈছে ১৮.৯ লাখ টকা। উল্লেখ্য যে, জন্মদিনৰ পিছদিনাই এটা ঘৰ ভাড়া দিয়াৰ খবৰে অনুৰাগীমহলৰ মাজত চৰ্চা লাভ কৰিছিল। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, পুনৰ আৰ্থিক সংকটত ভুগিছে নেকি শ্বেহেনশ্বাহ ৰ পৰিয়াল? কিহৰ বাবে বাৰে বাৰে ঘৰ ভাড়ালৈ দিছে বলীউড ছুপাৰষ্টাৰজনে? অৱশ্যে এই বিষয়ে বচ্চন পৰিয়ালৰ পৰা বৰ্তমানলৈকে কোনো সঁহাৰি লাভ কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক