--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙালাও ভাৰতীয় পাকঘৰত এক জনপ্ৰিয় পাচলি। ৰঙালাওৰ বাকলি আৰু গুটিও বৰ উপকাৰী। আপুনি জানেনে যে ৰঙালাও সুস্বাদু হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ।কাৰণ ইয়াত ভিটামিন বি,ভিটামিন এ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ প্ৰভাৱ শীতল। যাৰ বাবে গ্ৰীষ্মকালত ইয়াক সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। জানো আহক ৰঙালাও খোৱাৰ উপকাৰ কি কি?

ৰঙালাও খোৱাৰ উপকাৰিতা-

১) হৃদৰোগ নাইকিয়া হৈ যায়ঃ ৰঙালাও সেৱনে হৃদৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে। ইয়াত ভাল পৰিমাণৰ ফাইবাৰ আৰু পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। যদি আপুনি দৈনিক ৰঙালাও সেৱন কৰে, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা কম হ’ব পাৰে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰেঃ ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক। সেয়েহে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ৰঙালাও সেৱন কৰা উচিত। কাৰণ ইয়াত বিটা কেৰটিন থাকে যিয়ে আপোনাক বহু ৰোগৰ পৰাও পৰিত্ৰাণ কৰাত সহায় কৰে। সেইবাবেই ৰঙালাও দৈনিক খোৱা উচিত।

৩) শৰীৰ হাইড্ৰেটেড হৈ থাকেঃ গ্ৰীষ্মকালত বেছিভাগ মানুহৰ শৰীৰত পানীৰ অভাৱ দেখা যায়। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰঙালাও খোৱাটো উপকাৰী। কাৰণ ইয়াৰ ৯০ শতাংশ পানীৰে ভৰি থাকে।

৪) ওজন হ্ৰাস কৰেঃ যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যত ৰঙালাও অন্তৰ্ভুক্ত কৰক। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াত কেলৰি কম পৰিমাণত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।

৫) কেন্সাৰ প্ৰতিৰোধী গুণঃ ৰঙালাও খালে কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ। ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ