--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বত ক’ভিড মহামাৰীয়ে যি প্ৰভাৱ পেলালে, এইচ এম পি ভি ভাইৰাছেও সেই একে প্ৰভাৱে পেলাব নেকি? সম্প্ৰতি এক ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে...কিয়নো চীনত বিয়পি পৰা হিউমেন মেটাপনিউমোভাইৰাছ অৰ্থাৎ এইচএমপিভি আক্ৰান্ত ৰোগী ভাৰততো ধৰা পৰিছে আৰু এদিনৰ ভিতৰতে দেশৰ ৬টা শিশু এই ভাইৰাছ আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। বাংগালুৰুৰ পৰা এইচএমপিভিৰ দুটা, গুজৰাটত এইচএমপিভি সংক্ৰমণৰ এটা আৰু চেন্নাইত দুটা শিশু আৰু কলকাতাত এটা শিশু সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে। 

হিউমেন মেটাপনিউমোভাইৰাছৰ ক্ৰমবৰ্ধমান ভাবুকিৰ মাজতে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে এক সতৰ্কবাণী প্ৰকাশ কৰি কয় যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ইতিমধ্যে এই ভাইৰাছ ‘বিয়পি পৰিছে’। লগতে আইচিএমআৰে সকাহ প্ৰদান কৰি কয় যে ইনফ্লুৱেঞ্জাৰ দৰে ৰোগৰ ক্ষেত্ৰত কোনো অস্বাভাৱিক বৃদ্ধি হোৱা নাই। আইচিএমআৰে কয় যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ইতিমধ্যে এইচএমপিভিৰ প্ৰচলন আছে আৰু কেইবাখনো দেশত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰ এইচএমপিভিৰ জড়িত থকা বুলি সদৰি কৰিছে। তদুপৰি আইচিএমআৰ আৰু ইন্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম নেটৱৰ্কৰ পৰা বৰ্তমানৰ তথ্যৰ ভিত্তিত দেশত ইনফ্লুৱেঞ্জাৰ দৰে ৰোগ বা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত কোনো অস্বাভাৱিক বৃদ্ধি হোৱা নাই বুলি সদৰি কৰিছে। ইয়াৰ উপৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উপলব্ধ সকলো চোৱাচিতা চেনেলৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ সময়তে আইচিএমআৰে গোটেই বছৰটোত এইচএমপিভিৰ প্ৰচলনৰ ধাৰাসমূহ নিৰীক্ষণ কৰি থাকিব বুলিও উল্লেখ কৰে।

যদিও এইচএম পি ভি প্ৰতিৰোধৰ বাবে কোনো নিৰ্দিষ্ট এন্টিভাইৰেল থেৰাপী বা ভেকচিন নাই। কিন্তু কিছুমান সতৰ্কতামূলক ব্যৱস্থা ল’ব পাৰি যেনে- চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে হাত পৰিষ্কাৰ কৰি সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা পৰিব।কাহ বা হাঁচি মাৰি থাকোঁতে মুখ আৰু নাক ঢাকি ৰখা, মাস্ক পৰিধান কৰা আৰু অসুস্থ লোকৰ সংস্পৰ্শৰ পৰা বিৰত থকা, অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, অসুস্থ হ’লে নিজক জনসমাগমৰ পৰা অঁতৰাই ৰখাৰ অভ্যাস গঢ়ি তুলিব লাগে।

উল্লেখযোগ্য যে এইমছ দিল্লীৰ অধ্যাপক ডাঃ নীৰাজ নিচলে সংবাদ মাধ্যমৰ আগত কয় যে এইচএমপিভিক ক’ভিড-১৯ৰ লগত তুলনা নকৰো কাৰণ সেইটো এটা সম্পূৰ্ণ নতুন ভাইৰাছ আছিল আৰু আমাৰ মানৱ শৰীৰত ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নাছিল৷এইচএমপিভিৰ বৰ্ণনা কৰি কয় ২০০১ চনৰ পৰাই এই ভাইৰাচ চলি আহিছে, সাক্ষ্য অনুসৰিও ই ১৯৫০ চনৰ শেষৰ ফালৰ পৰাই আৰম্ভ হৈছে। আৰু ১০ বছৰ বয়সলৈকে গৰিষ্ঠসংখ্যক শিশুৱেই ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ