--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বত ক’ভিড মহামাৰীয়ে যি প্ৰভাৱ পেলালে, এইচ এম পি ভি ভাইৰাছেও সেই একে প্ৰভাৱে পেলাব নেকি? সম্প্ৰতি এক ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে...কিয়নো চীনত বিয়পি পৰা হিউমেন মেটাপনিউমোভাইৰাছ অৰ্থাৎ এইচএমপিভি আক্ৰান্ত ৰোগী ভাৰততো ধৰা পৰিছে আৰু এদিনৰ ভিতৰতে দেশৰ ৬টা শিশু এই ভাইৰাছ আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। বাংগালুৰুৰ পৰা এইচএমপিভিৰ দুটা, গুজৰাটত এইচএমপিভি সংক্ৰমণৰ এটা আৰু চেন্নাইত দুটা শিশু আৰু কলকাতাত এটা শিশু সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে। 

হিউমেন মেটাপনিউমোভাইৰাছৰ ক্ৰমবৰ্ধমান ভাবুকিৰ মাজতে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে এক সতৰ্কবাণী প্ৰকাশ কৰি কয় যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ইতিমধ্যে এই ভাইৰাছ ‘বিয়পি পৰিছে’। লগতে আইচিএমআৰে সকাহ প্ৰদান কৰি কয় যে ইনফ্লুৱেঞ্জাৰ দৰে ৰোগৰ ক্ষেত্ৰত কোনো অস্বাভাৱিক বৃদ্ধি হোৱা নাই। আইচিএমআৰে কয় যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ইতিমধ্যে এইচএমপিভিৰ প্ৰচলন আছে আৰু কেইবাখনো দেশত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰ এইচএমপিভিৰ জড়িত থকা বুলি সদৰি কৰিছে। তদুপৰি আইচিএমআৰ আৰু ইন্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেম নেটৱৰ্কৰ পৰা বৰ্তমানৰ তথ্যৰ ভিত্তিত দেশত ইনফ্লুৱেঞ্জাৰ দৰে ৰোগ বা গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত কোনো অস্বাভাৱিক বৃদ্ধি হোৱা নাই বুলি সদৰি কৰিছে। ইয়াৰ উপৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উপলব্ধ সকলো চোৱাচিতা চেনেলৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ সময়তে আইচিএমআৰে গোটেই বছৰটোত এইচএমপিভিৰ প্ৰচলনৰ ধাৰাসমূহ নিৰীক্ষণ কৰি থাকিব বুলিও উল্লেখ কৰে।

যদিও এইচএম পি ভি প্ৰতিৰোধৰ বাবে কোনো নিৰ্দিষ্ট এন্টিভাইৰেল থেৰাপী বা ভেকচিন নাই। কিন্তু কিছুমান সতৰ্কতামূলক ব্যৱস্থা ল’ব পাৰি যেনে- চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে হাত পৰিষ্কাৰ কৰি সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা পৰিব।কাহ বা হাঁচি মাৰি থাকোঁতে মুখ আৰু নাক ঢাকি ৰখা, মাস্ক পৰিধান কৰা আৰু অসুস্থ লোকৰ সংস্পৰ্শৰ পৰা বিৰত থকা, অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, অসুস্থ হ’লে নিজক জনসমাগমৰ পৰা অঁতৰাই ৰখাৰ অভ্যাস গঢ়ি তুলিব লাগে।

উল্লেখযোগ্য যে এইমছ দিল্লীৰ অধ্যাপক ডাঃ নীৰাজ নিচলে সংবাদ মাধ্যমৰ আগত কয় যে এইচএমপিভিক ক’ভিড-১৯ৰ লগত তুলনা নকৰো কাৰণ সেইটো এটা সম্পূৰ্ণ নতুন ভাইৰাছ আছিল আৰু আমাৰ মানৱ শৰীৰত ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নাছিল৷এইচএমপিভিৰ বৰ্ণনা কৰি কয় ২০০১ চনৰ পৰাই এই ভাইৰাচ চলি আহিছে, সাক্ষ্য অনুসৰিও ই ১৯৫০ চনৰ শেষৰ ফালৰ পৰাই আৰম্ভ হৈছে। আৰু ১০ বছৰ বয়সলৈকে গৰিষ্ঠসংখ্যক শিশুৱেই ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক