--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নগালেণ্ডৰ আপাৰ টিৰু অঞ্চলত সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷


এই ঘটনাৰ পাছতেই নগালেণ্ডৰ টিজিট আৰক্ষীয়ে শনিবাৰে নগালেণ্ডৰ মন জিলাৰ অটিঙ গাঁৱৰ ১৪গৰাকী নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ সন্দৰ্ভত ২১ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী(পেৰামিলিটাৰী ফ’ৰ্চ)ৰ বিৰুদ্ধে এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ টিজিট আৰক্ষীৰ এই গোচৰত হত্যা, হত্যাৰ চেষ্টা আৰু এটা উমৈহতীয়া উদ্দেশ্যৰে এটা গোটত এটা কাৰ্য সংঘটিত কৰাৰ অভিযোগত গোচৰ পঞ্জীয়ন কৰা হৈছে৷ এজাহাৰখনত কোৱা হৈছে যে কমাণ্ডোসকলে গাঁওবাসীসকলক কামৰ পৰা তেওঁলোকৰ ঘৰলৈ লৈ যোৱা ব’লেৰ’ পিকআপ ভানখনত কোনো কাৰণ নোহোৱাকৈয়ে গুলীচালনা কৰিছিল৷ যাৰ ফলত অটিং গাঁৱৰ ১৪ গৰাকী লোকে প্ৰাণআহুতি দিয়াৰ লগতে বহুলোক গুৰুতৰভাৱে আহত হৈছিল। টিজিট আৰক্ষীৰ এজাহাৰখনত কোৱা হৈছে যে, ঘটনাটোৰ সময়ত কোনো আৰক্ষী নিৰ্দেশক নাছিল বা নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ অভিযানৰ বাবে আৰক্ষী নিৰ্দেশনা প্ৰদান কৰিবলৈ আৰক্ষী থানালৈ কোনোধৰণৰ অনুৰোধ কৰা নাছিল।


টিজিট আৰক্ষীয়ে ৰুজু কৰা নিজাববীয়া গোচৰৰ এজাহাৰখনত নিৰাপত্তা বাহিনীৰ উদ্দেশ্য হৈছে সাধাৰণ লোকক হত্যা আৰু আঘাত কৰা বুলি কোৱা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি