--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱলৈ যোৱাৰ পথত শনিবাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৰাজপথত যান-যটত সোমাই পৰি নগাঁৱৰ জিলা উপায়ুক্তক মুকলিকৈ ধমক দি চৰ্চাত সোমাই পৰে মুখ্যমন্ত্ৰীগৰাকী। ধমক দিয়া ভিডিঅ' মুহূৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ঘটনাটোৱে চৰ্চা লাভ কৰে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ইয়াকে লৈ টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। সাংসদগৰাকীক উভতি ধৰে ডঃ শৰ্মাই। শনিবাৰে মুখ্যমন্ত্ৰীৰ কনভয় যোৱা বাবে ৰাষ্ট্ৰীয় ঘাইপথত অন্য বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। হিমন্ত বিশ্ব শৰ্মাই যান-যটৰ বাবে কৰ্মৰত নগাঁৱৰ উপায়ুক্তগৰাকীক ধমক দি পথ মোকলাবলৈ নিৰ্দেশ দিয়ে। এই ভিডিঅ' সংবাদমাধ্যমত চৰ্চিত হোৱাৰ পাছতে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে ডঃ শৰ্মাক লক্ষ্য কৰি টুইটাৰত বাক্যবান এৰে। উপায়ুক্তগৰাকীয়ে নিজৰ কৰ্ম সম্পাদন কৰি আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যদি প্ৰট'কল ভংগ কৰিব বিচাৰিছিল তেনেহ'লে তেওঁ বিষয়াগৰাকীক ধমক দিয়াৰ পৰিবৰ্তে এক জাননী জাৰি কৰিব লাগিছিল বুলি প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়। ইয়াৰ প্ৰত্যুত্তৰত ডঃ শৰ্মাই সাংসদগৰাকীক কয় যে ৰাষ্ট্ৰীয় ঘাইপথত যান-যট সৃষ্টি কৰাতো সমিচীন নহয়। অন্য যান-বাহনৰ লগতে এম্বুলেঞ্চো আবদ্ধ কৰি ৰখা হৈছিল। "আমি যদি এয়া অসমত বন্ধ কৰাবলৈ চেষ্টা কৰিছো, আপুনি আমাক সমালোচনা নহয় সলাগিবহে লাগে", হিমন্ত বিশ্ব শৰ্মাই কয়। দুয়োগৰাকী ৰাজনীতিকৰ টুইটাৰ যুদ্ধই দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন