--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুদিনীয়া ভ্ৰমণসূচীৰে নগাঁৱলৈ যোৱাৰ পথত শনিবাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ৰাজপথত যান-যটত সোমাই পৰি নগাঁৱৰ জিলা উপায়ুক্তক মুকলিকৈ ধমক দি চৰ্চাত সোমাই পৰে মুখ্যমন্ত্ৰীগৰাকী। ধমক দিয়া ভিডিঅ' মুহূৰ্ততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ঘটনাটোৱে চৰ্চা লাভ কৰে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ইয়াকে লৈ টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। সাংসদগৰাকীক উভতি ধৰে ডঃ শৰ্মাই। শনিবাৰে মুখ্যমন্ত্ৰীৰ কনভয় যোৱা বাবে ৰাষ্ট্ৰীয় ঘাইপথত অন্য বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল। হিমন্ত বিশ্ব শৰ্মাই যান-যটৰ বাবে কৰ্মৰত নগাঁৱৰ উপায়ুক্তগৰাকীক ধমক দি পথ মোকলাবলৈ নিৰ্দেশ দিয়ে। এই ভিডিঅ' সংবাদমাধ্যমত চৰ্চিত হোৱাৰ পাছতে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে ডঃ শৰ্মাক লক্ষ্য কৰি টুইটাৰত বাক্যবান এৰে। উপায়ুক্তগৰাকীয়ে নিজৰ কৰ্ম সম্পাদন কৰি আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যদি প্ৰট'কল ভংগ কৰিব বিচাৰিছিল তেনেহ'লে তেওঁ বিষয়াগৰাকীক ধমক দিয়াৰ পৰিবৰ্তে এক জাননী জাৰি কৰিব লাগিছিল বুলি প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়। ইয়াৰ প্ৰত্যুত্তৰত ডঃ শৰ্মাই সাংসদগৰাকীক কয় যে ৰাষ্ট্ৰীয় ঘাইপথত যান-যট সৃষ্টি কৰাতো সমিচীন নহয়। অন্য যান-বাহনৰ লগতে এম্বুলেঞ্চো আবদ্ধ কৰি ৰখা হৈছিল। "আমি যদি এয়া অসমত বন্ধ কৰাবলৈ চেষ্টা কৰিছো, আপুনি আমাক সমালোচনা নহয় সলাগিবহে লাগে", হিমন্ত বিশ্ব শৰ্মাই কয়। দুয়োগৰাকী ৰাজনীতিকৰ টুইটাৰ যুদ্ধই দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ