--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে কেৱল বয়সৰ সীমাই নহয়, দেশৰো সীমা নামানে! কাৰ কেতিয়া ক’ত কেনেকৈ প্ৰেম হয় কোনেনো জানে? আমালৈ অহা খবৰ অনুসৰি, প্ৰেমৰ বাবেই সীমান্তৰ কাইটীয়া তাঁৰ পাৰ হৈ এগৰাকী যুৱতী ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল। সেই অপৰাধতে বাংলাদেশৰ যুৱতীগৰাকীক সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে। শনিবাৰৰ আবেলি কোচবিহাৰ তুফানগঞ্জৰ প্ৰেমিকক লগ কৰিবলৈ বাংলাদেশৰ যুৱতীগৰাকীয়ে কোচবিহাৰৰ দীঘলটাৰী সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰে। অবৈধভাৱে প্ৰৱেশ কৰাত ১২৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে যুৱতীগৰাকীক আটক কৰি সাহেৱগঞ্জ আৰক্ষীক গটাই দিয়ে। বংগ আৰক্ষীয়ে আজি যুৱতীগৰাকীক দিনহাটা মহকুমা স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰি দিনহাটা মহকুমা হাজিৰ কৰে। আদালতে যুৱতীগৰাকীক ১৪ দিনৰ বাবে জে’ল হাজোলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বংগৰ তুফানগঞ্জৰ এজন যুৱকৰ সৈতে বাংলাদেশী যুৱতীগৰাকীৰ দীৰ্ঘদিন ধৰি ফেচবুকৰ জৰিয়তে প্ৰেম চলি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন