--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে কেৱল বয়সৰ সীমাই নহয়, দেশৰো সীমা নামানে! কাৰ কেতিয়া ক’ত কেনেকৈ প্ৰেম হয় কোনেনো জানে? আমালৈ অহা খবৰ অনুসৰি, প্ৰেমৰ বাবেই সীমান্তৰ কাইটীয়া তাঁৰ পাৰ হৈ এগৰাকী যুৱতী ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল। সেই অপৰাধতে বাংলাদেশৰ যুৱতীগৰাকীক সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে। শনিবাৰৰ আবেলি কোচবিহাৰ তুফানগঞ্জৰ প্ৰেমিকক লগ কৰিবলৈ বাংলাদেশৰ যুৱতীগৰাকীয়ে কোচবিহাৰৰ দীঘলটাৰী সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰে। অবৈধভাৱে প্ৰৱেশ কৰাত ১২৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে যুৱতীগৰাকীক আটক কৰি সাহেৱগঞ্জ আৰক্ষীক গটাই দিয়ে। বংগ আৰক্ষীয়ে আজি যুৱতীগৰাকীক দিনহাটা মহকুমা স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্যপৰীক্ষা কৰি দিনহাটা মহকুমা হাজিৰ কৰে। আদালতে যুৱতীগৰাকীক ১৪ দিনৰ বাবে জে’ল হাজোলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বংগৰ তুফানগঞ্জৰ এজন যুৱকৰ সৈতে বাংলাদেশী যুৱতীগৰাকীৰ দীৰ্ঘদিন ধৰি ফেচবুকৰ জৰিয়তে প্ৰেম চলি আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত