--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বিগত এটা দশকত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা। ২০১১ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা ৭০ শতাংশ বৃদ্ধি পাইছে। কোটাত ২০১৫ চনৰ পিছত সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা ঘটাৰ লগতে  আৰু আইআইটি দিল্লীত দুমাহৰ ভিতৰত দুজন দলিত ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে  এই মূল্যায়ন কৰা হৈছে।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি ২০২১ চনত  ১৩,০৮৯ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল।২০১১  ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা আছিল ৭,৬৯৬ টা। এটা দশকত এই সংখ্যা  ৭০  শতাংশ বৃদ্ধি পাইছে। ২০১১ চনৰ পৰা ভাৰতত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা প্ৰতি বছৰে বৃদ্ধি পাইছে।'আন' বা অজ্ঞাত কাৰণবোৰ বাদ দি, এনচিআৰবিৰ ২০২১চনৰ  এডিএছআই প্ৰতিবেদনত ১৮ বছৰৰ তলৰ ভুক্তভোগীসকলৰ বাবে তালিকাভুক্ত আত্মহত্যাৰ  আছিল পাৰিবাৰিক সমস্যা ।ইয়াৰ পিছত আছিল 'প্ৰেমজনিত সম্পৰ্ক' (১,৪৯৫ টা ঘটনা ), ৰোগ (১,৪০৮ টা ঘটনা) আৰু 'পৰীক্ষাত বিফলতা' (৮৬৪ টা ঘটনা )।

এডিএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে সকলো বয়সৰ ভাৰতীয়ৰ মাজত, "পৰীক্ষাত বিফলতা"ৰ বাবে আত্মহত্যাৰ হাৰ  হৈছে গড়ে ১.৮ শতাংশ।

২০২১  চনত পৰীক্ষাত বিফলতাৰ বাবে ১,৬৭৩  টা আত্মহত্যাৰ ঘটনা ঘটিছিল। ইয়াৰ ভিতৰত৯৯১  জন ছাত্ৰ  আৰু ৬৮২ গৰাকী ছাত্ৰী আছিল। ছুইচাইড প্ৰিভেনচন অৱ ইণ্ডিয়া ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক নেলছন বিনোদ মোচিয়ে কয়  যে কোভিড-১৯ মহামাৰীৰ ফলত ভাৰতৰ যুৱসকলৰ মাজত মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি পাইছে।

দিল্লী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ সহকাৰী অধ্যাপক ইতিশা নগৰে কয়  যে শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰোঁতে সামাজিক কাৰকবোৰো বিবেচনা কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে

ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা
বিহাৰত সম্ৰাট চৌধুৰীৰ নতুন চৰকাৰ: অন্ত পৰিল নীতিশ কুমাৰৰ সুদীৰ্ঘ যুগৰ