--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বিগত এটা দশকত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা। ২০১১ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ সংখ্যা ৭০ শতাংশ বৃদ্ধি পাইছে। কোটাত ২০১৫ চনৰ পিছত সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা ঘটাৰ লগতে  আৰু আইআইটি দিল্লীত দুমাহৰ ভিতৰত দুজন দলিত ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে  এই মূল্যায়ন কৰা হৈছে।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি ২০২১ চনত  ১৩,০৮৯ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল।২০১১  ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা আছিল ৭,৬৯৬ টা। এটা দশকত এই সংখ্যা  ৭০  শতাংশ বৃদ্ধি পাইছে। ২০১১ চনৰ পৰা ভাৰতত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা প্ৰতি বছৰে বৃদ্ধি পাইছে।'আন' বা অজ্ঞাত কাৰণবোৰ বাদ দি, এনচিআৰবিৰ ২০২১চনৰ  এডিএছআই প্ৰতিবেদনত ১৮ বছৰৰ তলৰ ভুক্তভোগীসকলৰ বাবে তালিকাভুক্ত আত্মহত্যাৰ  আছিল পাৰিবাৰিক সমস্যা ।ইয়াৰ পিছত আছিল 'প্ৰেমজনিত সম্পৰ্ক' (১,৪৯৫ টা ঘটনা ), ৰোগ (১,৪০৮ টা ঘটনা) আৰু 'পৰীক্ষাত বিফলতা' (৮৬৪ টা ঘটনা )।

এডিএছআইৰ প্ৰতিবেদনত কোৱা হৈছে যে সকলো বয়সৰ ভাৰতীয়ৰ মাজত, "পৰীক্ষাত বিফলতা"ৰ বাবে আত্মহত্যাৰ হাৰ  হৈছে গড়ে ১.৮ শতাংশ।

২০২১  চনত পৰীক্ষাত বিফলতাৰ বাবে ১,৬৭৩  টা আত্মহত্যাৰ ঘটনা ঘটিছিল। ইয়াৰ ভিতৰত৯৯১  জন ছাত্ৰ  আৰু ৬৮২ গৰাকী ছাত্ৰী আছিল। ছুইচাইড প্ৰিভেনচন অৱ ইণ্ডিয়া ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক নেলছন বিনোদ মোচিয়ে কয়  যে কোভিড-১৯ মহামাৰীৰ ফলত ভাৰতৰ যুৱসকলৰ মাজত মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি পাইছে।

দিল্লী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ সহকাৰী অধ্যাপক ইতিশা নগৰে কয়  যে শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰোঁতে সামাজিক কাৰকবোৰো বিবেচনা কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব