--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'ড্ৰিম গাৰ্ল' হেমা মালিনীয়ে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনক জোঁৱাই হিচাপে পাব বিচাৰিছিল। হেমাই কন্যা ঈষাৰ বাবে অভিষেক বচ্চনক মনে মনে জোঁৱাই হিচাপে পচন্দ কৰিছিল। ঈষা দেউলে ২০০২ চনত চিনেমাজগতত আত্মপ্ৰকাশ কৰিছিল৷ ঈষাৰ পিতৃ-মাতৃ ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী বলীউডৰ জাকতজিলিকা তাৰকা যদিও বলীউডত ঈষাৰ কেৰিয়াৰ একেবাৰে আকৰ্ষণীয় নাছিল। ১৯৮১ চনৰ ২ নৱেম্বৰত মুম্বাইত জন্ম হৈছিল ঈষাৰ। ঈষাৰ পিতৃ ধৰ্মেন্দ্ৰক 'বীৰু' নামেৰে আৰু মাতৃ 'হেমা'ক সকলোৱে মাতে বাসন্তী বুলি। ধৰ্মেন্দ্ৰ 'হিমেন' নামেৰে আৰু হেমা মালিনী 'ড্ৰিম গাৰ্ল' নামেৰে জনাজাত। হেমা মালিনীয়ে কন্যা ঈষাৰ বিবাহৰ উপযুক্ত সময়ত অভিষেক বচ্চনৰ সৈতে বিয়া দিব বিচাৰিছিল৷ কিন্তু ঈষা দেওলে এই সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছিল৷ ঈষাই কয় যে ''অভিষেকৰ সৈতে মই বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰোঁ। তেওঁক সদায় মই ককায়েকৰ দৰে ভাবি আহিছো।'' ঈষা দেওলে এক সাক্ষাৎকাৰত মাতৃ হেমাই অভিষেক বচ্চনৰ দৰে জোঁৱাই বিচাৰিছিল বুলি প্ৰকাশ কৰিছিল। ঈষাই কয় যে ''মোৰ মা সঁচাই বৰ মৰমীয়াল। মোৰ বিয়াৰ সময়ত তেওঁ অভিষেকৰ কথা ভাবিছিল কাৰণ তেওঁ সেই মুহূৰ্তত আটাইতকৈ যোগ্য অবিবাহিত যুৱক আছিল। মোৰ মায়ে বিচাৰিছিল যে মই যাতে এজন ভাল ব্যক্তিৰ সৈতে জীৱনটো কটাব পাৰোঁ। তেওঁ অভিষেক বচ্চনক শ্ৰেষ্ঠ হিচাপে পছন্দ কৰিছিল কিন্তু মই অভিষেক বচ্চনক বিয়া কৰাব নিবিচাৰিলোঁ কাৰণ তেওঁক মই দাদাৰ দৰেহে ভাবোঁ।'' কেৱল অভিষেকেই নহয় জোঁৱাই হিচাপে হেমা মালিনীয়ে বিবেক অবেৰয়কো পচন্দ কৰিছিল। সেই সন্দৰ্ভত ঈষাই কয় যে ''মই বিবেকৰ সৈতে বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰো কাৰণ বিবেক মোৰ ধৰণৰ একেবাৰে নহয়৷'' হেমা মালিনীয়ে যদিও বলীউড ইণ্ডাষ্ট্ৰীৰ পৰা জোঁৱাই পাব বিচাৰিছিল কিন্তু সেই আশা পূৰণ নহ'ল।ঈষাই এজন বিখ্যাত ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁ ২০১২ চনত ভাৰত তখতানিৰ সৈতে বিয়াত বহিছিল৷ স্কুলৰ পৰাই দুয়োজনে ইজনে সিজনক চিনি পাইছিল৷ ঈষা দেউলে বলীউডত আত্মপ্ৰকাশ কৰাৰ পাছৰে পৰা ভাৰত তখতানীৰ সৈতে ডেট কৰা আৰম্ভ কৰিছিল৷ দুয়োৰে বৰ্তমান ৰাধ্যা আৰু মিৰায়া নামৰ দুটি কন্যা সন্তান আছে। আৰু পঢ়কঃ মংগলৰ অমংগল সংকেত! ধনু ৰাশিত মংগল গ্ৰহ প্ৰৱেশ কৰাত এই ৫ ৰাশিত পৰিব অশুভ প্ৰভাৱ

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ