--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'ড্ৰিম গাৰ্ল' হেমা মালিনীয়ে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনক জোঁৱাই হিচাপে পাব বিচাৰিছিল। হেমাই কন্যা ঈষাৰ বাবে অভিষেক বচ্চনক মনে মনে জোঁৱাই হিচাপে পচন্দ কৰিছিল। ঈষা দেউলে ২০০২ চনত চিনেমাজগতত আত্মপ্ৰকাশ কৰিছিল৷ ঈষাৰ পিতৃ-মাতৃ ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী বলীউডৰ জাকতজিলিকা তাৰকা যদিও বলীউডত ঈষাৰ কেৰিয়াৰ একেবাৰে আকৰ্ষণীয় নাছিল। ১৯৮১ চনৰ ২ নৱেম্বৰত মুম্বাইত জন্ম হৈছিল ঈষাৰ। ঈষাৰ পিতৃ ধৰ্মেন্দ্ৰক 'বীৰু' নামেৰে আৰু মাতৃ 'হেমা'ক সকলোৱে মাতে বাসন্তী বুলি। ধৰ্মেন্দ্ৰ 'হিমেন' নামেৰে আৰু হেমা মালিনী 'ড্ৰিম গাৰ্ল' নামেৰে জনাজাত। হেমা মালিনীয়ে কন্যা ঈষাৰ বিবাহৰ উপযুক্ত সময়ত অভিষেক বচ্চনৰ সৈতে বিয়া দিব বিচাৰিছিল৷ কিন্তু ঈষা দেওলে এই সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিছিল৷ ঈষাই কয় যে ''অভিষেকৰ সৈতে মই বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰোঁ। তেওঁক সদায় মই ককায়েকৰ দৰে ভাবি আহিছো।'' ঈষা দেওলে এক সাক্ষাৎকাৰত মাতৃ হেমাই অভিষেক বচ্চনৰ দৰে জোঁৱাই বিচাৰিছিল বুলি প্ৰকাশ কৰিছিল। ঈষাই কয় যে ''মোৰ মা সঁচাই বৰ মৰমীয়াল। মোৰ বিয়াৰ সময়ত তেওঁ অভিষেকৰ কথা ভাবিছিল কাৰণ তেওঁ সেই মুহূৰ্তত আটাইতকৈ যোগ্য অবিবাহিত যুৱক আছিল। মোৰ মায়ে বিচাৰিছিল যে মই যাতে এজন ভাল ব্যক্তিৰ সৈতে জীৱনটো কটাব পাৰোঁ। তেওঁ অভিষেক বচ্চনক শ্ৰেষ্ঠ হিচাপে পছন্দ কৰিছিল কিন্তু মই অভিষেক বচ্চনক বিয়া কৰাব নিবিচাৰিলোঁ কাৰণ তেওঁক মই দাদাৰ দৰেহে ভাবোঁ।'' কেৱল অভিষেকেই নহয় জোঁৱাই হিচাপে হেমা মালিনীয়ে বিবেক অবেৰয়কো পচন্দ কৰিছিল। সেই সন্দৰ্ভত ঈষাই কয় যে ''মই বিবেকৰ সৈতে বিয়া হোৱাৰ কথা ভাবিবই নোৱাৰো কাৰণ বিবেক মোৰ ধৰণৰ একেবাৰে নহয়৷'' হেমা মালিনীয়ে যদিও বলীউড ইণ্ডাষ্ট্ৰীৰ পৰা জোঁৱাই পাব বিচাৰিছিল কিন্তু সেই আশা পূৰণ নহ'ল।ঈষাই এজন বিখ্যাত ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁ ২০১২ চনত ভাৰত তখতানিৰ সৈতে বিয়াত বহিছিল৷ স্কুলৰ পৰাই দুয়োজনে ইজনে সিজনক চিনি পাইছিল৷ ঈষা দেউলে বলীউডত আত্মপ্ৰকাশ কৰাৰ পাছৰে পৰা ভাৰত তখতানীৰ সৈতে ডেট কৰা আৰম্ভ কৰিছিল৷ দুয়োৰে বৰ্তমান ৰাধ্যা আৰু মিৰায়া নামৰ দুটি কন্যা সন্তান আছে। আৰু পঢ়কঃ মংগলৰ অমংগল সংকেত! ধনু ৰাশিত মংগল গ্ৰহ প্ৰৱেশ কৰাত এই ৫ ৰাশিত পৰিব অশুভ প্ৰভাৱ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু