--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নহৰুত থকা আটাইতকৈ শক্তিশালী যৌগটো হ’ল ইয়াত পোৱা এলিচিন। ইয়াৰ বাবেই ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে। গতিকে যিকোনো ৰূপত নহৰু খালে লাভ হ’ব, কিন্তু পুৱা কেঁচা নহৰু খালে আৰু তাৰ লগত গৰম পানী খালে স্বাস্থ্যৰ বহু উপকাৰীতা আছে বুলি বিশ্বাস কৰা হয়।

অসমীয়াৰ প্ৰতিটো পাকঘৰতে পোৱা যায় নহৰু। ই পাকঘৰ এবিধ সাধাৰণ সামগ্ৰী। প্ৰাচীন কালৰে পৰা এই নহৰু স্বাস্থ্যসন্মত গুণৰ বাবে বহু ৰোগ নিৰাময়ৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। নহৰুত থকা এলিচিন আটাইতকৈ শক্তিশালী যৌগ। ইয়াৰ বাবেই ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে।

যদিও ৰন্ধা-বঢ়াত নহৰু প্ৰায়ে ব্যৱহাৰ কৰা হয়, তথাপিও ইয়াক কেৱল সোৱাদ বৃদ্ধিৰ বাবেই নহয় বহু ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। যদি আমি নহৰুৰ পুষ্টিৰ কথা কওঁ তেন্তে প্ৰতি ১০০ গ্ৰাম নহৰুত প্ৰায় ১৫০ কেলৰি, ৩৩ গ্ৰাম কাৰ্বহাইড্ৰেট, ৬.৩৬ গ্ৰাম প্ৰটিন পোৱা যায়। ভিটামিন বি১, বি২, বি৩, বি৬, ফ’লেট, ভিটামিন চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু জিংক আদিও যথেষ্ট পৰিমাণে পোৱা যায়।

যিকোনো ৰূপত নহৰু উপকাৰী হ’ব পাৰে, কিন্তু ৰাতিপুৱা প্ৰথমে কেঁচা নহৰু  আৰু তাৰ লগত গৰম পানী খালে স্বাস্থ্যৰ বহু উপকাৰিতা আছে বুলি বিশ্বাস কৰা হয়। ডিটক্সপ্ৰিৰ প্ৰতিষ্ঠাপক তথা হোলিষ্টিক ডায়েটিচিয়ান প্ৰিয়ংশী ভটনাগৰৰ মতে ৰাতিপুৱা কেঁচা নহৰু খোৱাৰ উপকাৰিতাসমূহ হ'ল:
 
১) ৰক্ত সঞ্চালন উন্নত কৰে: খালী পেটত নহৰু খালে উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কমোৱাত সহায় কৰে। ই আপোনাৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি যকৃত আৰু মূত্ৰাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে।

২) ডায়েৰিয়া সমস্যাত নহৰু উপকাৰী: যদি আপুনি ডায়েৰিয়াত ভুগিছে ​​তেন্তে নহৰুয়েও ইয়াক নিৰাময় কৰিব পাৰে। ই আপোনাৰ স্নায়ুতন্ত্ৰৰ বাবেও ভাল। লগতে নহৰুয়ে আপোনাৰ ভোক জগাই তুলিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে।

৩) কলেষ্টেৰল কমায়: নহৰুয়ে এল ডি এল (বেয়া) কলেষ্টেৰল কমাব পাৰে। উচ্চ কলেষ্টেৰল থকা লোকে ইয়াক সেৱন কৰিবই লাগে। উচ্চ কলেষ্টেৰল হৈছে এক গুৰুতৰ সমস্যা যিয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪) যকৃত শক্তিশালী কৰে: কেঁচা নহৰু খালে যকৃত শক্তিশালী হয়। হালধিয়ে যকৃতক সুস্থ কৰি ৰাখি দীৰ্ঘজীৱন কৰাত সহায় কৰিব পাৰে। ই সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে।

৫) শৰীৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰে: নহৰুত প্ৰচুৰ পৰিমাণে চালফাৰ যৌগ থাকে যিয়ে শৰীৰৰ অংগসমূহ ভিতৰৰ পৰা পৰিষ্কাৰ কৰে। তেজত সীহৰ মাত্ৰা কমাই দিব পাৰে। ই শৰীৰত বিষাক্ততা কমায়।

কেঁচা নহৰু কেনেকৈ ব্যৱহাৰ কৰিব?

বিশেষজ্ঞসকলৰ মতে নহৰু শাক-পাচলিৰ লগত খোৱা উপৰিও কেঁচাকৈ খাব লাগে যাতে অধিক সুফল পোৱা যায়। ইয়াৰ বাবে প্ৰতিদিনে ৰাতিপুৱা দুফুটা নহৰু গৰম পানীৰ সৈতে চোবাই খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ