--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নহৰুত থকা আটাইতকৈ শক্তিশালী যৌগটো হ’ল ইয়াত পোৱা এলিচিন। ইয়াৰ বাবেই ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে। গতিকে যিকোনো ৰূপত নহৰু খালে লাভ হ’ব, কিন্তু পুৱা কেঁচা নহৰু খালে আৰু তাৰ লগত গৰম পানী খালে স্বাস্থ্যৰ বহু উপকাৰীতা আছে বুলি বিশ্বাস কৰা হয়।

অসমীয়াৰ প্ৰতিটো পাকঘৰতে পোৱা যায় নহৰু। ই পাকঘৰ এবিধ সাধাৰণ সামগ্ৰী। প্ৰাচীন কালৰে পৰা এই নহৰু স্বাস্থ্যসন্মত গুণৰ বাবে বহু ৰোগ নিৰাময়ৰ বাবে ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। নহৰুত থকা এলিচিন আটাইতকৈ শক্তিশালী যৌগ। ইয়াৰ বাবেই ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে।

যদিও ৰন্ধা-বঢ়াত নহৰু প্ৰায়ে ব্যৱহাৰ কৰা হয়, তথাপিও ইয়াক কেৱল সোৱাদ বৃদ্ধিৰ বাবেই নহয় বহু ৰোগৰ ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। যদি আমি নহৰুৰ পুষ্টিৰ কথা কওঁ তেন্তে প্ৰতি ১০০ গ্ৰাম নহৰুত প্ৰায় ১৫০ কেলৰি, ৩৩ গ্ৰাম কাৰ্বহাইড্ৰেট, ৬.৩৬ গ্ৰাম প্ৰটিন পোৱা যায়। ভিটামিন বি১, বি২, বি৩, বি৬, ফ’লেট, ভিটামিন চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছডিয়াম আৰু জিংক আদিও যথেষ্ট পৰিমাণে পোৱা যায়।

যিকোনো ৰূপত নহৰু উপকাৰী হ’ব পাৰে, কিন্তু ৰাতিপুৱা প্ৰথমে কেঁচা নহৰু  আৰু তাৰ লগত গৰম পানী খালে স্বাস্থ্যৰ বহু উপকাৰিতা আছে বুলি বিশ্বাস কৰা হয়। ডিটক্সপ্ৰিৰ প্ৰতিষ্ঠাপক তথা হোলিষ্টিক ডায়েটিচিয়ান প্ৰিয়ংশী ভটনাগৰৰ মতে ৰাতিপুৱা কেঁচা নহৰু খোৱাৰ উপকাৰিতাসমূহ হ'ল:
 
১) ৰক্ত সঞ্চালন উন্নত কৰে: খালী পেটত নহৰু খালে উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কমোৱাত সহায় কৰে। ই আপোনাৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি যকৃত আৰু মূত্ৰাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰে।

২) ডায়েৰিয়া সমস্যাত নহৰু উপকাৰী: যদি আপুনি ডায়েৰিয়াত ভুগিছে ​​তেন্তে নহৰুয়েও ইয়াক নিৰাময় কৰিব পাৰে। ই আপোনাৰ স্নায়ুতন্ত্ৰৰ বাবেও ভাল। লগতে নহৰুয়ে আপোনাৰ ভোক জগাই তুলিব পাৰে আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে।

৩) কলেষ্টেৰল কমায়: নহৰুয়ে এল ডি এল (বেয়া) কলেষ্টেৰল কমাব পাৰে। উচ্চ কলেষ্টেৰল থকা লোকে ইয়াক সেৱন কৰিবই লাগে। উচ্চ কলেষ্টেৰল হৈছে এক গুৰুতৰ সমস্যা যিয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

৪) যকৃত শক্তিশালী কৰে: কেঁচা নহৰু খালে যকৃত শক্তিশালী হয়। হালধিয়ে যকৃতক সুস্থ কৰি ৰাখি দীৰ্ঘজীৱন কৰাত সহায় কৰিব পাৰে। ই সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে।

৫) শৰীৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰে: নহৰুত প্ৰচুৰ পৰিমাণে চালফাৰ যৌগ থাকে যিয়ে শৰীৰৰ অংগসমূহ ভিতৰৰ পৰা পৰিষ্কাৰ কৰে। তেজত সীহৰ মাত্ৰা কমাই দিব পাৰে। ই শৰীৰত বিষাক্ততা কমায়।

কেঁচা নহৰু কেনেকৈ ব্যৱহাৰ কৰিব?

বিশেষজ্ঞসকলৰ মতে নহৰু শাক-পাচলিৰ লগত খোৱা উপৰিও কেঁচাকৈ খাব লাগে যাতে অধিক সুফল পোৱা যায়। ইয়াৰ বাবে প্ৰতিদিনে ৰাতিপুৱা দুফুটা নহৰু গৰম পানীৰ সৈতে চোবাই খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু