--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসাৰত পতি-পত্নীৰ মাজত কাজিয়া লাগেই। সেয়া তেনেই স্বাভাৱিক কথা। যদি স্বামী-পত্নীৰ মাজত প্ৰায়ে কাজিয়া হয় তেন্তে তেওঁলোকৰ সন্তানৰ ওপৰত ইয়াৰ কু-প্ৰভাৱ পৰে। সঘনাই কাজিয়া হৈ থকা এখন সংসাৰত শিশুৰ মন আৰু ভৱিষ্যত বিষাক্ত হৈ পৰে।

মানুহৰ বৈবাহিক বিবাদে শিশু়ৰ মন আৰু ভৱিষ্যতক অতি বিষাক্ত কৰি পেলায়,যাৰ পৰিণাম অতি ভয়াৱহ।

বৈবাহিক জীৱনত কাজিয়া হোৱাটো অতি স্বাভাৱিক কিন্তু যদি শিশুটি পিতৃ-মাতৃৰ মাজত অহৰহ উত্তপ্ত তৰ্ক-বিতৰ্কৰ সাক্ষী হৈ ডাঙৰ হয়, তেন্তে সেই কথাই শিশুটিৰ ওপৰত প্ৰভাৱ পেলায়। 

মাক-দেউতাকৰ মাজত দৈনিক কাজিয়া দেখি এদিন শিশুটিয়ে অনুভৱ কৰে যে মানুহৰ মাজত সুন্দৰ সম্পৰ্ক কেতিয়াও স্থাপন হব নোৱাৰে। তেওঁলোকৰ মনত পিতৃ-মাতৃৰ স্থান অৱনমিত হয়। মনোবিজ্ঞানীসকলে আশংকা কৰিছে যে যদি শিশুৱে পিতৃ-মাতৃৰ ভাল সম্পৰ্ক দেখা নাপায়, তেন্তে শিশুটিয়ে পাছলৈ কাকো ভালপোৱা বা বিশ্বাস কৰিব নোৱাৰিব।

শিশুৱে ঘৰত থকাৰ প্ৰতি আগ্ৰহ হেৰুৱাব। ঘৰৰ চুকটোকে তেওঁলোকে নিৰাপদ আশ্ৰয় বুলি ভাবিবলৈ লয়। তেওঁ ঘৰুৱা পৰিবেশৰ পৰা পলায়ন কৰিব বিচাৰে।

পিতৃ-মাতৃৰ মাজৰ বেয়া সম্পৰ্কৰ ফলত সন্তানে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। সেই অৱস্থাত তেওঁৰ আগুৱাই যোৱাৰ পথ ক্ৰমান্বয়ে বন্ধ হৈ পৰে। জীয়াই থকাৰ মোহো হেৰুৱাই পেলায়।

শৈশৱৰ ভাল বেয়া স্মৃতিবোৰ চিৰদিনৰ বাবে আমাৰ লগত থাকে। মনৰ কেমেৰাত পিতৃ-মাতৃৰ সম্পৰ্কৰ চিৰন্তন তিক্ততাৰ স্মৃতিয়ে শিশুটি ডাঙৰ হৈ যোৱাৰ পাছতো গোটেই জীৱনটোক খেদি ফুৰে। গতিকে শিশুটিৰ স্বাৰ্থত পিতৃ-মাতৃ সাৱধান হোৱাটো প্ৰয়োজন। আপোনালোকৰ কাজিয়াৰ কাৰণে যদি আপোনাৰ শিশুটিৰ ভৱিষ্যত নষ্ট হয় তেন্তে সময়ে আপোনাক ক্ষমা নকৰিব। সেয়েহে সন্তানৰ সন্মুখত সদায় আপোনালোকৰ সুন্দৰ মুহূৰ্তবোৰ উলিয়াই আনক...সম্পৰ্কৰ তিক্ততা নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু