--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসাৰত পতি-পত্নীৰ মাজত কাজিয়া লাগেই। সেয়া তেনেই স্বাভাৱিক কথা। যদি স্বামী-পত্নীৰ মাজত প্ৰায়ে কাজিয়া হয় তেন্তে তেওঁলোকৰ সন্তানৰ ওপৰত ইয়াৰ কু-প্ৰভাৱ পৰে। সঘনাই কাজিয়া হৈ থকা এখন সংসাৰত শিশুৰ মন আৰু ভৱিষ্যত বিষাক্ত হৈ পৰে।

মানুহৰ বৈবাহিক বিবাদে শিশু়ৰ মন আৰু ভৱিষ্যতক অতি বিষাক্ত কৰি পেলায়,যাৰ পৰিণাম অতি ভয়াৱহ।

বৈবাহিক জীৱনত কাজিয়া হোৱাটো অতি স্বাভাৱিক কিন্তু যদি শিশুটি পিতৃ-মাতৃৰ মাজত অহৰহ উত্তপ্ত তৰ্ক-বিতৰ্কৰ সাক্ষী হৈ ডাঙৰ হয়, তেন্তে সেই কথাই শিশুটিৰ ওপৰত প্ৰভাৱ পেলায়। 

মাক-দেউতাকৰ মাজত দৈনিক কাজিয়া দেখি এদিন শিশুটিয়ে অনুভৱ কৰে যে মানুহৰ মাজত সুন্দৰ সম্পৰ্ক কেতিয়াও স্থাপন হব নোৱাৰে। তেওঁলোকৰ মনত পিতৃ-মাতৃৰ স্থান অৱনমিত হয়। মনোবিজ্ঞানীসকলে আশংকা কৰিছে যে যদি শিশুৱে পিতৃ-মাতৃৰ ভাল সম্পৰ্ক দেখা নাপায়, তেন্তে শিশুটিয়ে পাছলৈ কাকো ভালপোৱা বা বিশ্বাস কৰিব নোৱাৰিব।

শিশুৱে ঘৰত থকাৰ প্ৰতি আগ্ৰহ হেৰুৱাব। ঘৰৰ চুকটোকে তেওঁলোকে নিৰাপদ আশ্ৰয় বুলি ভাবিবলৈ লয়। তেওঁ ঘৰুৱা পৰিবেশৰ পৰা পলায়ন কৰিব বিচাৰে।

পিতৃ-মাতৃৰ মাজৰ বেয়া সম্পৰ্কৰ ফলত সন্তানে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। সেই অৱস্থাত তেওঁৰ আগুৱাই যোৱাৰ পথ ক্ৰমান্বয়ে বন্ধ হৈ পৰে। জীয়াই থকাৰ মোহো হেৰুৱাই পেলায়।

শৈশৱৰ ভাল বেয়া স্মৃতিবোৰ চিৰদিনৰ বাবে আমাৰ লগত থাকে। মনৰ কেমেৰাত পিতৃ-মাতৃৰ সম্পৰ্কৰ চিৰন্তন তিক্ততাৰ স্মৃতিয়ে শিশুটি ডাঙৰ হৈ যোৱাৰ পাছতো গোটেই জীৱনটোক খেদি ফুৰে। গতিকে শিশুটিৰ স্বাৰ্থত পিতৃ-মাতৃ সাৱধান হোৱাটো প্ৰয়োজন। আপোনালোকৰ কাজিয়াৰ কাৰণে যদি আপোনাৰ শিশুটিৰ ভৱিষ্যত নষ্ট হয় তেন্তে সময়ে আপোনাক ক্ষমা নকৰিব। সেয়েহে সন্তানৰ সন্মুখত সদায় আপোনালোকৰ সুন্দৰ মুহূৰ্তবোৰ উলিয়াই আনক...সম্পৰ্কৰ তিক্ততা নহয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ