--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় দম্পতী অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফক মৃত্যুৰ ভাবুকি দিয়া অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। হত্যাৰ ভাবুকি সন্দৰ্ভত অভিনেতাগৰাকীয় অভিযোগ দাখিল কৰাৰ পাঁচ ঘণ্টাৰ ভিতৰতে মুম্বাই আৰক্ষীয়ে ভাবুকি প্ৰদান কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকজনক ২৫ বৰ্ষীয় মনবিন্দৰ সিং বুলে চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মনবিন্দৰে যোৱা তিনি মাহত মুম্বাইৰ উপনগৰৰ ছাণ্টা ক্ৰুজৰ বিভিন্ন স্থানত বাস কৰিছে। অভিনেতা হিচাপে কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যে মনবিন্দৰে লক্ষ্ণৌৰ পৰা মুম্বাইলৈ আহিছিল।

নিজৰ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম বায়োত সিঙে কেটৰিনা কাইফৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে বুলি লিখিছিল। তদুপৰি কেটৰিনাৰ সৈতে সম্পাদিত ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মনবিন্দৰে। কেৱল কেটৰিনাই নহয় ধৃত সিঙে আন কেইবাগৰাকীও অভিনেতাৰ সৈতে ফটো সম্পাদনা কৰিছে।

উল্লেখ্য যে আজি পুৱা বিকি কৌশলে আজি ৰাতিপুৱা সিঙৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযুক্ত মনবিন্দৰে কেটৰিনা কাইফক সামাজিক মাধ্যমত প্ৰায়ে ট্ৰ'ল কৰি আহিছে। অৱশেষত আজি মৃত্যুৰ ভাবুকি দিয়াৰ পাছত কেটৰিনাৰ স্বামী আৰক্ষীৰ কাষ চাপে।

অভিযুক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ছাণ্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-২ আৰু ৩৫৪-ডিৰ অধীনত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। লগতে আই টি এক্টৰ ধাৰা ৬৭ ৰ অধীনতো আন এটা গোচৰ ৰুজু কৰা হৈছিল।

অভিনেতা গৰাকীয়ে গোচৰ তৰাৰ মাত্ৰ পাঁচ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে সিঙক মালাদৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযুক্ত মনবিন্দৰক কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ