--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় দম্পতী অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফক মৃত্যুৰ ভাবুকি দিয়া অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। হত্যাৰ ভাবুকি সন্দৰ্ভত অভিনেতাগৰাকীয় অভিযোগ দাখিল কৰাৰ পাঁচ ঘণ্টাৰ ভিতৰতে মুম্বাই আৰক্ষীয়ে ভাবুকি প্ৰদান কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।

ধৃত যুৱকজনক ২৫ বৰ্ষীয় মনবিন্দৰ সিং বুলে চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মনবিন্দৰে যোৱা তিনি মাহত মুম্বাইৰ উপনগৰৰ ছাণ্টা ক্ৰুজৰ বিভিন্ন স্থানত বাস কৰিছে। অভিনেতা হিচাপে কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যে মনবিন্দৰে লক্ষ্ণৌৰ পৰা মুম্বাইলৈ আহিছিল।

নিজৰ ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম বায়োত সিঙে কেটৰিনা কাইফৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে বুলি লিখিছিল। তদুপৰি কেটৰিনাৰ সৈতে সম্পাদিত ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মনবিন্দৰে। কেৱল কেটৰিনাই নহয় ধৃত সিঙে আন কেইবাগৰাকীও অভিনেতাৰ সৈতে ফটো সম্পাদনা কৰিছে।

উল্লেখ্য যে আজি পুৱা বিকি কৌশলে আজি ৰাতিপুৱা সিঙৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযুক্ত মনবিন্দৰে কেটৰিনা কাইফক সামাজিক মাধ্যমত প্ৰায়ে ট্ৰ'ল কৰি আহিছে। অৱশেষত আজি মৃত্যুৰ ভাবুকি দিয়াৰ পাছত কেটৰিনাৰ স্বামী আৰক্ষীৰ কাষ চাপে।

অভিযুক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে ছাণ্টাক্ৰুজ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৬-২ আৰু ৩৫৪-ডিৰ অধীনত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। লগতে আই টি এক্টৰ ধাৰা ৬৭ ৰ অধীনতো আন এটা গোচৰ ৰুজু কৰা হৈছিল।

অভিনেতা গৰাকীয়ে গোচৰ তৰাৰ মাত্ৰ পাঁচ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে সিঙক মালাদৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযুক্ত মনবিন্দৰক কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু