--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ‘ধক ধক গাৰ্ল’ মাধুৰী দীক্ষিত এটা সময়ত বহু যুৱকৰে সপোনৰ ৰাণী আছিল। বহু যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰি মাধুৰীয়ে নিজৰ কলিজা সঁপিছিল ডাঃ শ্ৰীৰাম নেনেক। অতুলনীয় ৰূপ-লাৱণ্য আৰু অভিনয়ৰ দক্ষতাৰে মাধুৰীয়ে আজিৰ তাৰিখতো সকলোৰে হৃদয়ত সুকীয়া আসন দখল কৰি আছে। মাধুৰী দীক্ষিত আৰু ডাঃ শ্ৰীৰাম নেনেৰ সংসাৰে ২১ বছৰতকৈও অধিক সময় পাৰ কৰিলে। বৈবাহিক জীৱনত মাধুৰী অতি সুখী। দুয়োজনেই সদায় ইজনে-সিজনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখে আৰু দুয়ো দুয়োকে মুকলিকৈ প্ৰশংসা কৰে। 

মাধুৰীয়ে আমেৰিকাত বৈবাহিক জীৱনৰ বহু বছৰ স্বামীৰ সৈতে গৃহিণী হিচাপে কটায়। দুয়ো এতিয়া পুনৰ ভাৰতলৈ আহিছে আৰু মুম্বাইত বসতি স্থাপন কৰিছে। প্ৰতিটো খোজতে ইজনে সিজনক বহুত ভালদৰে সমৰ্থন কৰে। ডাঃ নেনেই প্ৰায়ে বিভিন্ন অনুষ্ঠানত মাধুৰীক উৎসাহিত কৰা দেখা যায়। গতিকে আহক, আমি জানো মাধুৰী দীক্ষিত আৰু শ্ৰীৰাম নেনেৰ প্ৰেম কাহিনীৰ বিষয়ে।

মাধুৰী দীক্ষিত ৯০ দশকত বলীউডৰ নাম্বাৰ ৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল। তেওঁৰ নামটো চলচ্চিত্ৰ জগতৰ বহু বিখ্যাত অভিনেতাৰ সৈতে জড়িত হৈছিল যদিও কাৰো সৈতে তেওঁৰ সম্পৰ্ক আগনাবাঢ়িল। ডাঃ শ্ৰীৰাম মাধৱ নেনে এজন ভাৰতীয় আমেৰিকান হৃদৰোগ বিশেষজ্ঞ আৰু কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত থকা অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। মাধুৰী দীক্ষিতে নিজৰ বিবাহ ঠিক কৰাৰ দায়িত্ব পিতৃ-মাতৃক দিছিল। কিন্তু হঠাতে তেওঁৰ জীৱনলৈ আগমন ঘটে ডাঃ শ্ৰীৰাম নেনেৰ। ঘৰত কথাটো জনায় মাধুৰীয়ে। ডাঃ নেনেক মাধুৰীৰ বাবে সঠিক পাত্ৰ বুলি বিবেচনা কৰি দুয়োৰে বিবাহ ঠিক কৰি দিয়ে পৰিয়ালৰ লোকে। ১৯৯৯ চনৰ ১৭ অক্টোবৰত আমেৰিকাত এক ব্যক্তিগত অনুষ্ঠানত মাধুৰী আৰু ৰাম বিবাহপাশত আৱদ্ধ হয়।
 এংগেজমেণ্টৰ সময়লৈকে ডাঃ নেনেই নাজানিছিল যে মাধুৰী বলীউডৰ এগৰাকী তাৰকা অভিনেত্ৰী। ডাঃ নেনেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁলোকৰ বিবাহ আচলতে এৰেঞ্জ মেৰেজ নাছিল। তেওঁলোকৰ উমৈহতীয়া বন্ধু এজনে দুয়োকে চিনাকি কৰাই দিছিল। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু ৩ মাহৰ পিছতেই তেওঁলোকৰ বিবাহ ঠিক হৈছিল। হাৱাই দ্বীপপুঞ্জত হানিমুন উদযাপন কৰাৰ পিছত দীক্ষিত পৰিয়ালে ভাৰতত এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানৰ আয়োজন কৰে।এই অনুষ্ঠানত উদ্যোগটোৰ চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰিছিল।
 

বিয়াৰ পাছত স্বামীৰ সৈতে মাধুৰী আমেৰিকালৈ উৰা মাৰে। মাধুৰীয়ে কয় যে ''আমেৰিকাত মোৰ মুখ চিনাকি নাছিল সেয়ে তাত মই আন সাধাৰণ মানুহৰ দৰেই দিনবোৰ উপভোগ কৰিছিলোঁ। মোক তাত কোনেও চিনি নোপোৱা বাবে যতেই মন যায় ততেই মুকলিকৈ ঘূৰি ফুৰিব পাৰিছিলো।'' ডাঃ নেনেই এটা সাক্ষাৎকাৰত কৈছিল যে ''আমি ইজনে সিজনৰ জীৱনৰ পৰা বহুত শিকিছো আৰু শিকাওঁ। তেওঁ মোক ধৈৰ্য্য ধৰিবলৈ শিকাইছিল আৰু মই তেওঁক সংগঠিত হ’বলৈ শিকাইছিলোঁ।''

২০০৩ চনত তেওঁলোকৰ পুত্ৰৰ জন্মৰ পিছতে ডাঃ নেনেই নিজৰ পত্নীৰ জনপ্ৰিয়তা উপলব্ধি কৰিছিল, যেতিয়া বলীউডৰ অভিনেতাকে ধৰি আন কেইবাজনো প্ৰবাসী ভাৰতীয়ই তেওঁৰ ডেনভাৰৰ ঘৰত মাধুৰীক চাবলৈ আহিছিল। বলীউডৰ পৰা তেওঁৰ বন্ধুসকলৰ ভিতৰত আছিল শ্বাহৰুখ খান, অক্ষয় কুমাৰ, আদিত্য চোপ্ৰা আদি। ২ বছৰৰ পিছত মাধুৰীয়ে দ্বিতীয় পুত্ৰ সন্তান জন্ম দিলে আৰু তেওঁলোকৰ বৈবাহিক জীৱনটো সুখেৰে ভৰা হৈ পৰিল।

২০০৭ চনত আদিত্য চোপ্ৰাৰ ছবি ‘আ জা নাচ লে’ত মাধুৰীয়ে অভিনয় কৰিছিল যদিও ছবিখন কামত নাহিল। কেইবছৰমান পিছত ডাঃ নেনে আৰু মাধুৰীয়ে পৰিয়ালটোৰ সৈতে উভতি আহি মুম্বাইত বসতি স্থাপন কৰে। তেওঁলোকৰ দুয়োটা সন্তানে ভাৰতীয় জীৱন-ধাৰণৰ পদ্ধতি গ্ৰহণ কৰিছে আৰু আৰু ভাৰতীয় সংস্কৃতি শিকি জীৱন পথত আগুৱাই গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু