--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ‘ধক ধক গাৰ্ল’ মাধুৰী দীক্ষিত এটা সময়ত বহু যুৱকৰে সপোনৰ ৰাণী আছিল। বহু যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰি মাধুৰীয়ে নিজৰ কলিজা সঁপিছিল ডাঃ শ্ৰীৰাম নেনেক। অতুলনীয় ৰূপ-লাৱণ্য আৰু অভিনয়ৰ দক্ষতাৰে মাধুৰীয়ে আজিৰ তাৰিখতো সকলোৰে হৃদয়ত সুকীয়া আসন দখল কৰি আছে। মাধুৰী দীক্ষিত আৰু ডাঃ শ্ৰীৰাম নেনেৰ সংসাৰে ২১ বছৰতকৈও অধিক সময় পাৰ কৰিলে। বৈবাহিক জীৱনত মাধুৰী অতি সুখী। দুয়োজনেই সদায় ইজনে-সিজনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰাখে আৰু দুয়ো দুয়োকে মুকলিকৈ প্ৰশংসা কৰে। 

মাধুৰীয়ে আমেৰিকাত বৈবাহিক জীৱনৰ বহু বছৰ স্বামীৰ সৈতে গৃহিণী হিচাপে কটায়। দুয়ো এতিয়া পুনৰ ভাৰতলৈ আহিছে আৰু মুম্বাইত বসতি স্থাপন কৰিছে। প্ৰতিটো খোজতে ইজনে সিজনক বহুত ভালদৰে সমৰ্থন কৰে। ডাঃ নেনেই প্ৰায়ে বিভিন্ন অনুষ্ঠানত মাধুৰীক উৎসাহিত কৰা দেখা যায়। গতিকে আহক, আমি জানো মাধুৰী দীক্ষিত আৰু শ্ৰীৰাম নেনেৰ প্ৰেম কাহিনীৰ বিষয়ে।

মাধুৰী দীক্ষিত ৯০ দশকত বলীউডৰ নাম্বাৰ ৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছিল। তেওঁৰ নামটো চলচ্চিত্ৰ জগতৰ বহু বিখ্যাত অভিনেতাৰ সৈতে জড়িত হৈছিল যদিও কাৰো সৈতে তেওঁৰ সম্পৰ্ক আগনাবাঢ়িল। ডাঃ শ্ৰীৰাম মাধৱ নেনে এজন ভাৰতীয় আমেৰিকান হৃদৰোগ বিশেষজ্ঞ আৰু কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত থকা অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছিল। মাধুৰী দীক্ষিতে নিজৰ বিবাহ ঠিক কৰাৰ দায়িত্ব পিতৃ-মাতৃক দিছিল। কিন্তু হঠাতে তেওঁৰ জীৱনলৈ আগমন ঘটে ডাঃ শ্ৰীৰাম নেনেৰ। ঘৰত কথাটো জনায় মাধুৰীয়ে। ডাঃ নেনেক মাধুৰীৰ বাবে সঠিক পাত্ৰ বুলি বিবেচনা কৰি দুয়োৰে বিবাহ ঠিক কৰি দিয়ে পৰিয়ালৰ লোকে। ১৯৯৯ চনৰ ১৭ অক্টোবৰত আমেৰিকাত এক ব্যক্তিগত অনুষ্ঠানত মাধুৰী আৰু ৰাম বিবাহপাশত আৱদ্ধ হয়।
 এংগেজমেণ্টৰ সময়লৈকে ডাঃ নেনেই নাজানিছিল যে মাধুৰী বলীউডৰ এগৰাকী তাৰকা অভিনেত্ৰী। ডাঃ নেনেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁলোকৰ বিবাহ আচলতে এৰেঞ্জ মেৰেজ নাছিল। তেওঁলোকৰ উমৈহতীয়া বন্ধু এজনে দুয়োকে চিনাকি কৰাই দিছিল। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু ৩ মাহৰ পিছতেই তেওঁলোকৰ বিবাহ ঠিক হৈছিল। হাৱাই দ্বীপপুঞ্জত হানিমুন উদযাপন কৰাৰ পিছত দীক্ষিত পৰিয়ালে ভাৰতত এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানৰ আয়োজন কৰে।এই অনুষ্ঠানত উদ্যোগটোৰ চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰিছিল।
 

বিয়াৰ পাছত স্বামীৰ সৈতে মাধুৰী আমেৰিকালৈ উৰা মাৰে। মাধুৰীয়ে কয় যে ''আমেৰিকাত মোৰ মুখ চিনাকি নাছিল সেয়ে তাত মই আন সাধাৰণ মানুহৰ দৰেই দিনবোৰ উপভোগ কৰিছিলোঁ। মোক তাত কোনেও চিনি নোপোৱা বাবে যতেই মন যায় ততেই মুকলিকৈ ঘূৰি ফুৰিব পাৰিছিলো।'' ডাঃ নেনেই এটা সাক্ষাৎকাৰত কৈছিল যে ''আমি ইজনে সিজনৰ জীৱনৰ পৰা বহুত শিকিছো আৰু শিকাওঁ। তেওঁ মোক ধৈৰ্য্য ধৰিবলৈ শিকাইছিল আৰু মই তেওঁক সংগঠিত হ’বলৈ শিকাইছিলোঁ।''

২০০৩ চনত তেওঁলোকৰ পুত্ৰৰ জন্মৰ পিছতে ডাঃ নেনেই নিজৰ পত্নীৰ জনপ্ৰিয়তা উপলব্ধি কৰিছিল, যেতিয়া বলীউডৰ অভিনেতাকে ধৰি আন কেইবাজনো প্ৰবাসী ভাৰতীয়ই তেওঁৰ ডেনভাৰৰ ঘৰত মাধুৰীক চাবলৈ আহিছিল। বলীউডৰ পৰা তেওঁৰ বন্ধুসকলৰ ভিতৰত আছিল শ্বাহৰুখ খান, অক্ষয় কুমাৰ, আদিত্য চোপ্ৰা আদি। ২ বছৰৰ পিছত মাধুৰীয়ে দ্বিতীয় পুত্ৰ সন্তান জন্ম দিলে আৰু তেওঁলোকৰ বৈবাহিক জীৱনটো সুখেৰে ভৰা হৈ পৰিল।

২০০৭ চনত আদিত্য চোপ্ৰাৰ ছবি ‘আ জা নাচ লে’ত মাধুৰীয়ে অভিনয় কৰিছিল যদিও ছবিখন কামত নাহিল। কেইবছৰমান পিছত ডাঃ নেনে আৰু মাধুৰীয়ে পৰিয়ালটোৰ সৈতে উভতি আহি মুম্বাইত বসতি স্থাপন কৰে। তেওঁলোকৰ দুয়োটা সন্তানে ভাৰতীয় জীৱন-ধাৰণৰ পদ্ধতি গ্ৰহণ কৰিছে আৰু আৰু ভাৰতীয় সংস্কৃতি শিকি জীৱন পথত আগুৱাই গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ