--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ কিমান তললৈ নামিছে তাৰ উদাহৰণ দেশৰ বিভিন্ন প্ৰান্তত নিতৌ পোৱা গৈছে৷ শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সংঘটিত হৈছে এক শিশু ধৰ্ষণৰ ঘটনা৷ ভয়াৱহ কথাটো হ’ল এই ধৰ্ষণৰ ঘটনাত জৰিত ধৰ্ষণকাৰী লোকজন এইছ আই ভি পজিটিভ হোৱাৰ ফলত ধৰ্ষণৰ বলি হোৱা শিশুটিও এতিয়া মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷

উল্লেখ্য কেইদিনমান পূৰ্বে দিল্লীৰ বদৰপুৰ অঞ্চলত এটি আঠ বছৰীয়া শিশুক  ঘৰত কোনো নথকাৰ সুযোগলৈ এজন লোকে ধৰ্ষণ কৰিছিল৷ ঘটনাৰ বিষয়ে শিশুটিৰ মাতৃয়ে আৰক্ষীক অভিযোগ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই  এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

যুৱক জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তজন এইছ আই ভি পজিটিভ আছিল আৰু তেওঁ ইচ্ছাকৃতভাৱে ৰোগটো 'বিয়পাবলৈ' এনে কাৰ্য কৰিছিল।উল্লেখ্য ১৫ জুনত দিল্লীৰ ম'লাৰবন্দ এক্সটেনচনত এটি নাবালিকাক  ধৰ্ষণ কৰা সন্দৰ্ভত বদৰপুৰ আৰক্ষীয়ে এটা অভিযোগ লাভ কৰিছিল। ভুক্তভোগী শিশুটিৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁলোকৰ চিনাকি আগ্ৰাৰ বাসিন্দা যুৱক এজনে তেওঁৰ কন্যাক ধৰ্ষণ কৰিছে আৰু এই ঘটনা সংঘটিত কৰি পলায়ন কৰিছে। ধৰ্ষিতা শিশুটিৰ ভাড়াঘৰৰ কাষতে যুৱক জনে বাস কৰিছিল৷

আৰক্ষী তৎপৰতাৰে ধৰ্ষণকাৰী যুৱক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও যুৱক জন এইছ আই ভিত আক্ৰান্ত বুলি জনাৰ পিছত এতিয়া মূৰে-কপালে হাত দিছে৷ আৰক্ষীয়ে শিশুটিক চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৰ্ষণকাৰী যুৱকজনে এইছ আই ভি পজিটিভ বুলি আগৰে পৰাই জানিছিল৷ তেওঁ আনৰ দেহলৈয়ো বীজাণু বিধ বিয়পাই দিয়াৰ বাবেই শিশুটিক ধৰ্ষণ কৰিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷ যুৱক জনে এনে ঘটনা পূৰ্বেও ঘটাইছিল নেকি সেয়া আৰক্ষীয়ে পৰীক্ষা কৰি আছে৷ 

শিশুটিৰ  মাতৃয়ে কয় যে কন্যাকলৈ তেওঁ অতি চিন্তিত হৈ পৰিছে৷তেওঁ কয় "আমি বহুত একো কথাই নাজানো, কিন্তু আৰক্ষীয়ে কৈছে যে মোৰ ছোৱালী এইডছত আক্ৰান্ত হ'ব পাৰে... তাই কেৱল কান্দিয়েই আছে। তাই আৰু অকলে থাকিব নিবিচাৰে, কিন্তু মই বাহিৰলৈ গৈ উপাৰ্জন কৰিব লাগিব।

 আন কোনেও আমাক সহায় কৰিবলৈ আগুৱাই নাহিব...," ।  বিহাৰৰ পৰা দিল্লীলৈ কামৰ সন্ধানত অহা মহিলাগৰাকীক কেইবছৰমান আগতে স্বামীয়ে এৰি থৈ আন এগৰাকী মহিলাক বিয়া কৰাই সংসাৰ কৰি আছে৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে কন্যা সন্তানটিক লগতলৈ দিল্লীলৈ আহিছিল। সকলো পিনে এন্ধাৰ দেখাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ কন্যাকলৈ পুনৰ বিহাৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত