--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ কিমান তললৈ নামিছে তাৰ উদাহৰণ দেশৰ বিভিন্ন প্ৰান্তত নিতৌ পোৱা গৈছে৷ শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সংঘটিত হৈছে এক শিশু ধৰ্ষণৰ ঘটনা৷ ভয়াৱহ কথাটো হ’ল এই ধৰ্ষণৰ ঘটনাত জৰিত ধৰ্ষণকাৰী লোকজন এইছ আই ভি পজিটিভ হোৱাৰ ফলত ধৰ্ষণৰ বলি হোৱা শিশুটিও এতিয়া মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷

উল্লেখ্য কেইদিনমান পূৰ্বে দিল্লীৰ বদৰপুৰ অঞ্চলত এটি আঠ বছৰীয়া শিশুক  ঘৰত কোনো নথকাৰ সুযোগলৈ এজন লোকে ধৰ্ষণ কৰিছিল৷ ঘটনাৰ বিষয়ে শিশুটিৰ মাতৃয়ে আৰক্ষীক অভিযোগ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই  এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

যুৱক জনক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তজন এইছ আই ভি পজিটিভ আছিল আৰু তেওঁ ইচ্ছাকৃতভাৱে ৰোগটো 'বিয়পাবলৈ' এনে কাৰ্য কৰিছিল।উল্লেখ্য ১৫ জুনত দিল্লীৰ ম'লাৰবন্দ এক্সটেনচনত এটি নাবালিকাক  ধৰ্ষণ কৰা সন্দৰ্ভত বদৰপুৰ আৰক্ষীয়ে এটা অভিযোগ লাভ কৰিছিল। ভুক্তভোগী শিশুটিৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁলোকৰ চিনাকি আগ্ৰাৰ বাসিন্দা যুৱক এজনে তেওঁৰ কন্যাক ধৰ্ষণ কৰিছে আৰু এই ঘটনা সংঘটিত কৰি পলায়ন কৰিছে। ধৰ্ষিতা শিশুটিৰ ভাড়াঘৰৰ কাষতে যুৱক জনে বাস কৰিছিল৷

আৰক্ষী তৎপৰতাৰে ধৰ্ষণকাৰী যুৱক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও যুৱক জন এইছ আই ভিত আক্ৰান্ত বুলি জনাৰ পিছত এতিয়া মূৰে-কপালে হাত দিছে৷ আৰক্ষীয়ে শিশুটিক চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৰ্ষণকাৰী যুৱকজনে এইছ আই ভি পজিটিভ বুলি আগৰে পৰাই জানিছিল৷ তেওঁ আনৰ দেহলৈয়ো বীজাণু বিধ বিয়পাই দিয়াৰ বাবেই শিশুটিক ধৰ্ষণ কৰিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷ যুৱক জনে এনে ঘটনা পূৰ্বেও ঘটাইছিল নেকি সেয়া আৰক্ষীয়ে পৰীক্ষা কৰি আছে৷ 

শিশুটিৰ  মাতৃয়ে কয় যে কন্যাকলৈ তেওঁ অতি চিন্তিত হৈ পৰিছে৷তেওঁ কয় "আমি বহুত একো কথাই নাজানো, কিন্তু আৰক্ষীয়ে কৈছে যে মোৰ ছোৱালী এইডছত আক্ৰান্ত হ'ব পাৰে... তাই কেৱল কান্দিয়েই আছে। তাই আৰু অকলে থাকিব নিবিচাৰে, কিন্তু মই বাহিৰলৈ গৈ উপাৰ্জন কৰিব লাগিব।

 আন কোনেও আমাক সহায় কৰিবলৈ আগুৱাই নাহিব...," ।  বিহাৰৰ পৰা দিল্লীলৈ কামৰ সন্ধানত অহা মহিলাগৰাকীক কেইবছৰমান আগতে স্বামীয়ে এৰি থৈ আন এগৰাকী মহিলাক বিয়া কৰাই সংসাৰ কৰি আছে৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে কন্যা সন্তানটিক লগতলৈ দিল্লীলৈ আহিছিল। সকলো পিনে এন্ধাৰ দেখাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ কন্যাকলৈ পুনৰ বিহাৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ