--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল মানুহৰেই নহয়, আন অমাতৰ প্ৰাণীৰো হৃদয় ভৰি থাকে মাতৃৰ মমতাৰে৷ শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশত এজনী মাইকী ভালুকে হাবিত ঘূৰি ফুৰাৰ সময়তে দুই পোৱালিৰ সৈতে বিচ্ছিন্ন হৈ পৰে৷ পোৱালিক হেৰুৱাই উন্মাদপ্ৰায় হৈ পৰা ভালুকজনীয়ে ইয়াৰ পিছতে আৰম্ভ কৰে তাণ্ডৱলীলা৷ ভালুকজনীয়ে  আক্ৰমণ চলাই শ্ৰীকাকুলাম জিলাৰ কিডিচিঙ্গি গাঁৱত এজন কৃষকক হত্যা কৰাৰ লগতে  আন চাৰিজনক গুৰুতৰভাৱে আহত কৰে৷অৱশেষত ভালুকটোক  বন বিভাগৰ কৰ্মীয়ে বন্দী কৰিবলৈ সক্ষম হৈছে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে বিশাখাপট্টনমৰ ইন্দিৰা গান্ধী জুলজিকেল পাৰ্কলৈ স্থানান্তৰিত কৰাৰ সময়ত ভালুকটোৰ মৃত্যু হয়।  

জানিব পৰা মতে ভালুকটোৱে গাওঁখনত  সন্ধানহীন হৈ পৰা পোৱালি দুটাক বিচাৰি আছিল।তেতিয়াই ই  ছয়জন লোকক আক্ৰমণ কৰাৰ ফলত এজনৰ মৃত্যু ঘটে৷ইয়াৰ পিচতে বনবিভাগে ভালুকটোক ট্ৰেনকুলাইজ কৰে আৰু চিৰিয়াখানালৈ নিয়াৰ ব্যৱস্থা কৰে৷কিন্তু আদবাটতে বালুকটোৰ মৃত্যু ঘটে. চিৰিয়াখানাত কৰা মৰণোত্তৰ পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ ফলত  ভালুকৰ মৃত্যু ঘটিছে। 

১০-১২ বছৰ বয়সৰ ভালুকটোৱে দেওবাৰে কে কোদান্দাৰাও নামৰ এজন লোকৰ লগতে পিছদিনা পুৱা দুটা গৰু হত্যা কৰিছিল। ভালুকটোৱে  গাওঁখনৰ কাজুৰ বাগিচাত কাম কৰি থকা  ছয়জন লোকক আক্ৰমণ কৰিছিল, ফলত তেওঁলোকৰ চাৰিজন গুৰুতৰভাৱে আহত হৈছিল। তেওঁলোকক ভাইজাগৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল। 

 বন বিষয়াসকলে প্ৰকাশ কৰা মতে ভালুকটোৱে গৰুৰ জাক এটাক আক্ৰমণ কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে। মঙলবাৰে স্থানীয় লোকে ভালুকটোক এটা চিমেণ্টৰ গোহালিৰ ভিতৰত দেখিছিল৷বন বিষয়াসকলে ভালুকটোক বন্দী কৰাৰ বাবে চৌহদটো ঘেৰাও কৰিছিল। ভালুকটোক দিনৰ প্ৰায় ১১.৪৫ বজাত ট্ৰেংকুলাইজাৰ  কৰা হৈছিল।ভালুকটো অচেতন হোৱাৰ পিছত, ইয়াক এটা পিঞ্জৰাত বন্দী কৰি চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল।  ভালুকটোৰ অৱশ্যে চিৰিয়াখানালৈ নিয়াৰ পথত মৃত্যু হয়। বন বিভাগৰ শীৰ্ষ বিষয়া

 নন্দনী ছালাৰিয়াই কয় যে ভালুকটোৰ  মৃত্যুৰ কাৰণ আভ্যন্তৰীণ আঘাত আৰু ৰক্তক্ষৰণ বুলি জানিব পৰা গৈছিল, গৰুৰ সৈতে যুদ্ধ কৰাৰ  ফলত ভালুকটো আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই আঘাতৰ ফলতে ইয়াৰ মৃত্যু হৈছে৷
অৱশ্যে একাংশ প্ৰকৃতিপ্ৰেমীয়ে অত্যধিক দৰব প্ৰয়োগ কৰাৰ বাবেই ভালুকটোৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে