--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল মানুহৰেই নহয়, আন অমাতৰ প্ৰাণীৰো হৃদয় ভৰি থাকে মাতৃৰ মমতাৰে৷ শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশত এজনী মাইকী ভালুকে হাবিত ঘূৰি ফুৰাৰ সময়তে দুই পোৱালিৰ সৈতে বিচ্ছিন্ন হৈ পৰে৷ পোৱালিক হেৰুৱাই উন্মাদপ্ৰায় হৈ পৰা ভালুকজনীয়ে ইয়াৰ পিছতে আৰম্ভ কৰে তাণ্ডৱলীলা৷ ভালুকজনীয়ে  আক্ৰমণ চলাই শ্ৰীকাকুলাম জিলাৰ কিডিচিঙ্গি গাঁৱত এজন কৃষকক হত্যা কৰাৰ লগতে  আন চাৰিজনক গুৰুতৰভাৱে আহত কৰে৷অৱশেষত ভালুকটোক  বন বিভাগৰ কৰ্মীয়ে বন্দী কৰিবলৈ সক্ষম হৈছে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে বিশাখাপট্টনমৰ ইন্দিৰা গান্ধী জুলজিকেল পাৰ্কলৈ স্থানান্তৰিত কৰাৰ সময়ত ভালুকটোৰ মৃত্যু হয়।  

জানিব পৰা মতে ভালুকটোৱে গাওঁখনত  সন্ধানহীন হৈ পৰা পোৱালি দুটাক বিচাৰি আছিল।তেতিয়াই ই  ছয়জন লোকক আক্ৰমণ কৰাৰ ফলত এজনৰ মৃত্যু ঘটে৷ইয়াৰ পিচতে বনবিভাগে ভালুকটোক ট্ৰেনকুলাইজ কৰে আৰু চিৰিয়াখানালৈ নিয়াৰ ব্যৱস্থা কৰে৷কিন্তু আদবাটতে বালুকটোৰ মৃত্যু ঘটে. চিৰিয়াখানাত কৰা মৰণোত্তৰ পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ ফলত  ভালুকৰ মৃত্যু ঘটিছে। 

১০-১২ বছৰ বয়সৰ ভালুকটোৱে দেওবাৰে কে কোদান্দাৰাও নামৰ এজন লোকৰ লগতে পিছদিনা পুৱা দুটা গৰু হত্যা কৰিছিল। ভালুকটোৱে  গাওঁখনৰ কাজুৰ বাগিচাত কাম কৰি থকা  ছয়জন লোকক আক্ৰমণ কৰিছিল, ফলত তেওঁলোকৰ চাৰিজন গুৰুতৰভাৱে আহত হৈছিল। তেওঁলোকক ভাইজাগৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল। 

 বন বিষয়াসকলে প্ৰকাশ কৰা মতে ভালুকটোৱে গৰুৰ জাক এটাক আক্ৰমণ কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হ'ব পাৰে। মঙলবাৰে স্থানীয় লোকে ভালুকটোক এটা চিমেণ্টৰ গোহালিৰ ভিতৰত দেখিছিল৷বন বিষয়াসকলে ভালুকটোক বন্দী কৰাৰ বাবে চৌহদটো ঘেৰাও কৰিছিল। ভালুকটোক দিনৰ প্ৰায় ১১.৪৫ বজাত ট্ৰেংকুলাইজাৰ  কৰা হৈছিল।ভালুকটো অচেতন হোৱাৰ পিছত, ইয়াক এটা পিঞ্জৰাত বন্দী কৰি চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল।  ভালুকটোৰ অৱশ্যে চিৰিয়াখানালৈ নিয়াৰ পথত মৃত্যু হয়। বন বিভাগৰ শীৰ্ষ বিষয়া

 নন্দনী ছালাৰিয়াই কয় যে ভালুকটোৰ  মৃত্যুৰ কাৰণ আভ্যন্তৰীণ আঘাত আৰু ৰক্তক্ষৰণ বুলি জানিব পৰা গৈছিল, গৰুৰ সৈতে যুদ্ধ কৰাৰ  ফলত ভালুকটো আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই আঘাতৰ ফলতে ইয়াৰ মৃত্যু হৈছে৷
অৱশ্যে একাংশ প্ৰকৃতিপ্ৰেমীয়ে অত্যধিক দৰব প্ৰয়োগ কৰাৰ বাবেই ভালুকটোৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ