--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে  ইজৰাইলৰ বায়ু সেনাৰ ভয়ংকৰ  আক্ৰমণত হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালা নিহত হোৱা বুলি দাবী কৰিছে। এয়া হামাছৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে। । আইএএফে হামাছ নেতা জাকাৰিয়া আবু মামাৰকো হত্যা কৰা বুলি দাবী কৰিছে। আনহাতে যুদ্ধত  এতিয়ালৈকে প্ৰায় ৯০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে।

ইজৰাইলৰ প্ৰতি-আক্ৰমণত হামাছ  সন্ত্ৰাসবাদীকে ধৰি দুই হাজাৰৰো অধিক লোক নিহত হৈছে।গাজাত এতিয়া অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে।   গাজা ষ্ট্ৰিপত এতিয়া শুনা গৈছে কেৱল মৃত্যুৰ কিৰিলী। এনে পৰিবেশৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ফোন কৰে আৰু যুদ্ধৰ সবিশেষ খবৰ দিয়ে।  মোদীয়ে কয় যে  মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ  সৈতে আছে। মঙলবাৰে আক্ৰমণৰ চতুৰ্থ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ফোন পোৱাৰ পিছত মোদীয়ে ইজৰাইলবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। 


মঙলবাৰে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে মোদীক ফোন কৰি বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে এই বিষয়ে  তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে- "মই প্ৰধানমন্ত্ৰী নেতান্যায়াহুক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ফোন কৰি আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে  ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে’’।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি