--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে  ইজৰাইলৰ বায়ু সেনাৰ ভয়ংকৰ  আক্ৰমণত হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালা নিহত হোৱা বুলি দাবী কৰিছে। এয়া হামাছৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে। । আইএএফে হামাছ নেতা জাকাৰিয়া আবু মামাৰকো হত্যা কৰা বুলি দাবী কৰিছে। আনহাতে যুদ্ধত  এতিয়ালৈকে প্ৰায় ৯০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে।

ইজৰাইলৰ প্ৰতি-আক্ৰমণত হামাছ  সন্ত্ৰাসবাদীকে ধৰি দুই হাজাৰৰো অধিক লোক নিহত হৈছে।গাজাত এতিয়া অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে।   গাজা ষ্ট্ৰিপত এতিয়া শুনা গৈছে কেৱল মৃত্যুৰ কিৰিলী। এনে পৰিবেশৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ফোন কৰে আৰু যুদ্ধৰ সবিশেষ খবৰ দিয়ে।  মোদীয়ে কয় যে  মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ  সৈতে আছে। মঙলবাৰে আক্ৰমণৰ চতুৰ্থ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ফোন পোৱাৰ পিছত মোদীয়ে ইজৰাইলবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। 


মঙলবাৰে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে মোদীক ফোন কৰি বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে এই বিষয়ে  তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে- "মই প্ৰধানমন্ত্ৰী নেতান্যায়াহুক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ফোন কৰি আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে  ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে’’।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি