--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ মাজতে বিয়পিছে ভুৱা সংবাদ৷ ৰাছিয়াই পেলেষ্টাইনৰ পক্ষত অৱস্থান গ্ৰহণ কৰা বুলি ভুল খবৰ প্ৰচাৰ হৈছে বিশ্বজুৰি৷ প্ৰকৃত সত্যটো এয়াই যে ৰাছিয়াই পেলেষ্টাইনক সমৰ্থন কৰা নাই আৰু যুদ্ধৰ বাবে জগৰীয়াও কৰা নাই আমেৰিকাক৷ 

চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত পুটিনক ৰাছিয়ান ভাষাত কথা কোৱা দেখা গৈছে। ভিডিঅ’টোৰ উপশীৰ্ষকসমূহত পুটিনৰ উদ্ধৃতি দি কোৱা হৈছে- আমেৰিকাই ইজৰাইলক ধ্বংস কৰিব বিচাৰে। যিহেতু আমি অতীতত ইউক্ৰেইন ধ্বংস কৰিছিলোঁ। মই আমেৰিকাক সতৰ্ক কৰি আছোঁ। ৰাছিয়াই পেলেষ্টাইনক সহায় কৰিব আৰু আমেৰিকাই একো কৰিব নোৱাৰে।

পৰৱৰ্তী সময়ত ভিডিঅ’টোক টুইটাৰত ব্ৰেকিং নিউজ হিচাপে শ্বেয়াৰ হৈছে আৰু ভিডিঅ’টো ইজৰাইল-পেলেষ্টাইন যুদ্ধসম্পৰ্কীয় হেছটেগৰ সৈতে শ্বেয়াৰ হৈ আছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টুডে’ৰ ফেক্ট চেকত দেখা গৈছে যে এই ভিডিঅ’টো মানুহক বিপথে পৰিচালিত কৰিবলৈ ভুলকৈ প্ৰচাৰ কৰা হৈছিল। ২০২২ৰ মূল ভিডিঅ’টোত পুটিনে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে কৈছিল, ইজৰাইল-পেলেষ্টাইন সংঘাতৰ বিষয়ে নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত