--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ মাজতে বিয়পিছে ভুৱা সংবাদ৷ ৰাছিয়াই পেলেষ্টাইনৰ পক্ষত অৱস্থান গ্ৰহণ কৰা বুলি ভুল খবৰ প্ৰচাৰ হৈছে বিশ্বজুৰি৷ প্ৰকৃত সত্যটো এয়াই যে ৰাছিয়াই পেলেষ্টাইনক সমৰ্থন কৰা নাই আৰু যুদ্ধৰ বাবে জগৰীয়াও কৰা নাই আমেৰিকাক৷ 

চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত পুটিনক ৰাছিয়ান ভাষাত কথা কোৱা দেখা গৈছে। ভিডিঅ’টোৰ উপশীৰ্ষকসমূহত পুটিনৰ উদ্ধৃতি দি কোৱা হৈছে- আমেৰিকাই ইজৰাইলক ধ্বংস কৰিব বিচাৰে। যিহেতু আমি অতীতত ইউক্ৰেইন ধ্বংস কৰিছিলোঁ। মই আমেৰিকাক সতৰ্ক কৰি আছোঁ। ৰাছিয়াই পেলেষ্টাইনক সহায় কৰিব আৰু আমেৰিকাই একো কৰিব নোৱাৰে।

পৰৱৰ্তী সময়ত ভিডিঅ’টোক টুইটাৰত ব্ৰেকিং নিউজ হিচাপে শ্বেয়াৰ হৈছে আৰু ভিডিঅ’টো ইজৰাইল-পেলেষ্টাইন যুদ্ধসম্পৰ্কীয় হেছটেগৰ সৈতে শ্বেয়াৰ হৈ আছে।

ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টুডে’ৰ ফেক্ট চেকত দেখা গৈছে যে এই ভিডিঅ’টো মানুহক বিপথে পৰিচালিত কৰিবলৈ ভুলকৈ প্ৰচাৰ কৰা হৈছিল। ২০২২ৰ মূল ভিডিঅ’টোত পুটিনে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে কৈছিল, ইজৰাইল-পেলেষ্টাইন সংঘাতৰ বিষয়ে নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি