--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰৰ আগতে ঘৰৰ পৰা উচ্ছেদ কৰা হৈছিল। ইয়াৰ পিছত আমেৰিকাৰ বাসিন্দা এডাম মণ্টগোমেৰীয়ে পত্নী আৰু কন্যাৰ সৈতে গাড়ীতে জীৱন কটায়। ২০১৯ চনৰ পৰা সন্ধানহীন হৈ আছে আদমৰ কন্যা। কেইবছৰমানৰ পাছত যেতিয়া এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়, তেতিয়া গম পোৱা গ’ল যে আদমৰ গাড়ী লেতেৰা কৰাৰ অপৰাধত আদমৰ পাঁচ বছৰীয়া কন্যাক মাৰপিট কৰি হত্যা কৰা হৈছে।

শেহতীয়াকৈ আদালতত আদামে স্বীকাৰ কৰিছিল যে কন্যাৰ মৃত্যুৰ কেইবামাহো পিছতো তেওঁ নিয়মিতভাৱে ৰেষ্টুৰেণ্টলৈ গৈছিল তাইৰ মৃতদেহটো বেগত ভৰাই লৈ। আনকি আদামে সেই বেগটো ৰেষ্টুৰেণ্টখনৰ ফ্ৰীজৰ ভিতৰতে ৰাখিছিল।

স্থানীয় সংবাদ সংস্থাৰ মতে, আদামে আমেৰিকাৰ এখন ৰেষ্টুৰেণ্টত ৰান্ধনী আৰু বাচন ধোৱা কাম কৰিছিল। ঘৰৰ পৰা উচ্ছেদ হোৱাৰ বাবে তেওঁ পত্নী আৰু কন্যাৰ সৈতে গাড়ীৰ ভিতৰতে বাস কৰিছিল। গাড়ীখন লেতেৰা কৰাৰ বাবে আদামে পাঁচ বছৰীয়া কন্যাক মাৰপিট কৰিবলৈ ধৰিলে। আদামৰ পত্নী কাইলাই সেই দাবী কৰে। 

শাৰীৰিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি কন্যা এক্ৰাট্টীৰ মৃত্যু হয়। তাৰ পিছত আদমে তেওঁলোকৰ ছোৱালীজনীৰ শৰীৰটো কাটি পেলোৱাৰ পৰিকল্পনা কৰিলে। আদমে নিজৰ জীয়েকৰ মৃতদেহটো বেগ এটাত লৈ ফুৰিছিল কেইমাহমান। ছোৱালীজনীৰ মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি বেগ এটাত ভৰাই ৰেষ্টুৰেণ্টলৈ লৈ যায়।

বন্ধুৰ গাড়ীত আৰু শাহুৱেকৰ ঘৰৰ এয়াৰ কণ্ডিচনাৰত জীয়েকৰ শৰীৰৰ অংগ লুকুৱাই ৰাখিছিল বুলি আদমে কয়। পিছত আদমে শৰীৰৰ অংগসমূহ অজ্ঞাত স্থানত পেলাই দিয়ে। আদমক আদালতে ত্ৰিশ বছৰৰ কাৰাদণ্ড বিহে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুলীয়াজানৰ তৈলখাদত লোহাৰ পাইপ খহি গাত পৰাত শ্ৰমিক কিৰণ গগৈৰ কৰুণ মৃত্যু
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ