--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰৰ আগতে ঘৰৰ পৰা উচ্ছেদ কৰা হৈছিল। ইয়াৰ পিছত আমেৰিকাৰ বাসিন্দা এডাম মণ্টগোমেৰীয়ে পত্নী আৰু কন্যাৰ সৈতে গাড়ীতে জীৱন কটায়। ২০১৯ চনৰ পৰা সন্ধানহীন হৈ আছে আদমৰ কন্যা। কেইবছৰমানৰ পাছত যেতিয়া এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়, তেতিয়া গম পোৱা গ’ল যে আদমৰ গাড়ী লেতেৰা কৰাৰ অপৰাধত আদমৰ পাঁচ বছৰীয়া কন্যাক মাৰপিট কৰি হত্যা কৰা হৈছে।

শেহতীয়াকৈ আদালতত আদামে স্বীকাৰ কৰিছিল যে কন্যাৰ মৃত্যুৰ কেইবামাহো পিছতো তেওঁ নিয়মিতভাৱে ৰেষ্টুৰেণ্টলৈ গৈছিল তাইৰ মৃতদেহটো বেগত ভৰাই লৈ। আনকি আদামে সেই বেগটো ৰেষ্টুৰেণ্টখনৰ ফ্ৰীজৰ ভিতৰতে ৰাখিছিল।

স্থানীয় সংবাদ সংস্থাৰ মতে, আদামে আমেৰিকাৰ এখন ৰেষ্টুৰেণ্টত ৰান্ধনী আৰু বাচন ধোৱা কাম কৰিছিল। ঘৰৰ পৰা উচ্ছেদ হোৱাৰ বাবে তেওঁ পত্নী আৰু কন্যাৰ সৈতে গাড়ীৰ ভিতৰতে বাস কৰিছিল। গাড়ীখন লেতেৰা কৰাৰ বাবে আদামে পাঁচ বছৰীয়া কন্যাক মাৰপিট কৰিবলৈ ধৰিলে। আদামৰ পত্নী কাইলাই সেই দাবী কৰে। 

শাৰীৰিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি কন্যা এক্ৰাট্টীৰ মৃত্যু হয়। তাৰ পিছত আদমে তেওঁলোকৰ ছোৱালীজনীৰ শৰীৰটো কাটি পেলোৱাৰ পৰিকল্পনা কৰিলে। আদমে নিজৰ জীয়েকৰ মৃতদেহটো বেগ এটাত লৈ ফুৰিছিল কেইমাহমান। ছোৱালীজনীৰ মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি বেগ এটাত ভৰাই ৰেষ্টুৰেণ্টলৈ লৈ যায়।

বন্ধুৰ গাড়ীত আৰু শাহুৱেকৰ ঘৰৰ এয়াৰ কণ্ডিচনাৰত জীয়েকৰ শৰীৰৰ অংগ লুকুৱাই ৰাখিছিল বুলি আদমে কয়। পিছত আদমে শৰীৰৰ অংগসমূহ অজ্ঞাত স্থানত পেলাই দিয়ে। আদমক আদালতে ত্ৰিশ বছৰৰ কাৰাদণ্ড বিহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ