--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানে মূলসুঁতিৰ ৰাজনীতিকে বিশ্বাস অব্যাহত ৰাখিছে। মৌলবাদী দলবোৰে জনতাৰ দৰবাৰত গুৰুত্বই নাপালে। পাক ৰাষ্ট্ৰীয় বিধানসভাৰ মুঠ আসনৰ সংখ্যা এতিয়া ৩৩৬ খন। ২৬৬খন আসনত প্ৰত্যক্ষ ভোটদান হোৱাৰ কথা আছিল। কিন্তু এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ২৬৫টা সমষ্টিত নিৰ্বাচন হৈছিল। বাকী ৭০খন আসন মহিলা আৰু ধৰ্মীয় সংখ্যালঘুৰ বাবে সংৰক্ষিত।

যিহেতু পাকিস্তানৰ নিৰ্বাচন আয়োগে পিটিআইক ‘ৰাজনৈতিক দল’ হিচাপে স্বীকৃতি বাদ দিছে, সেয়েহে তেওঁলোক পোনপটীয়াকৈ ভোটগ্ৰহণৰ ক্ষেত্ৰখনত নাই। কিন্তু ইমৰাণৰ দলৰ বহু নেতাই ‘স্বাধীন’ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

নিৰ্বাচনৰ দুদিন পিছতো আনুষ্ঠানিকভাৱে HneHn ঘোষণা কৰা নাই পাকিস্তানৰ নিৰ্বাচন আয়োগে। পাকিস্তানৰ নিৰ্বাচন আয়োগৰ সমীক্ষা অনুসৰি এই পৰ্যন্ত ৰাষ্ট্ৰীয় বিধানসভাত জয়ী হোৱা প্ৰাৰ্থীৰ ভিতৰত নিৰ্দলীয় সংখ্যাগৰিষ্ঠ।

আনহাতে, এতিয়ালৈকে নৱাজ শ্বৰীফৰ দল পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএলএন) ৭১খন আসনত আৰু পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) ৫৪খন আসনত আগবাঢ়ি আছে।

অৰ্থাৎ মুঠতে পাকিস্তানৰ মূলসুঁতিৰ ৰাজনৈতিক দলসমূহে চৰকাৰ গঠনৰ দৌৰত আগবাঢ়ি আছে। বহু পিছ পৰি আছে জমিয়ত উলেমা ইছলাম আৰু জামাত উদ-দাৱাৰ দৰে মৌলবাদী দল।

জন্মসূত্ৰে ইছলামিক ৰাষ্ট্ৰ পাকিস্তানৰ ৯৭ শতাংশ ভোটাৰ মুছলমান হ’লেও ধৰ্মীয় দলসমূহে কেতিয়াও নিৰ্বাচনত বিশেষ জনসমৰ্থন লাভ কৰা নাই। ১৯৭০ চনত পাকিস্তান বিভাজনৰ পূৰ্বে জামাত-ই-ইছলামীয়ে পশ্চিম পাকিস্তানত জুলফিকাৰ আলী ভুট্টোৰ পিপিপি আৰু পূব পাকিস্তানত মুজিবুৰ ৰহমানৰ আৱামি লীগৰ বিৰুদ্ধে বহু প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কিন্তু মুষ্টিমেয় আসন লাভ কৰিবলৈ সক্ষম হ’ল। 

২০১৮ চনত মুত্তাহিদা মজলিছ-ই-আমালে সমগ্ৰ দেশতে বহু প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কিন্তু জয়ী হ’ল মাত্ৰ ১২টা। এইবাৰ কেইবাটাও সৰু সৰু দলৰ সৈতে জমিয়ত উলেমা-ই-ইছলামৰ ছাতিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে উগ্ৰ নেতা ফজল উৰ ৰহমান। 

২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদৰ সংগঠন জামাত-উদ-দাৱাৰ ৰাজনৈতিক শাখা মাৰ্কাজী মুছলিম লীগ নিৰ্বাচনৰ বাবে যুঁজত নামি পৰিছে। লস্কৰ-ই-তৈবাৰ উপৰিও মাৰ্কাজী মুছলিম লীগে আন কেইবাটাও ‘নিষিদ্ধ’ উগ্ৰপন্থী গোট যেনে জামাত-উদ-দাৱা আৰু মিলি মুছলিম লীগৰ সদস্যও আছিল তেওঁলোকৰ স’তে।

কিন্তু পাকিস্তানৰ নিৰ্বাচন আয়োগৰ ফলাফলত এই পৰ্যন্ত মাত্ৰ তিনিখন আসনত আগবাঢ়ি আছে জমিয়ত উলেমা-ই-ইছলাম। পাকিস্তানৰ নিৰ্বাচনতো হাফিজৰ দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। হাফিজ-পুত্ৰ তালহা হাফিজ ছাইদ লাহোৰৰ দৰে গুৰুত্বপূৰ্ণ চহৰৰ কেন্দ্ৰৰ পৰা হেৰুৱালে। ইমৰাণৰ পিটিআই সমৰ্থিত লতিফ খোছাই সেই কেন্দ্ৰত জয়লাভ কৰে। তালহাই ‘চকীয়াৰ’ চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মাত্ৰ ২০২৪টা ভোটহে লাভ কৰে।

উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত ব্যক্তিসকলে পূৰ্বেও পাকিস্তানত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। দুই এজনে ২০১৮ চনৰ সাধাৰণ নিৰ্বাচনত মিলি মুছলিম লীগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। কিন্তু শেষত আয়োগে সেই আবেদনৰ কোনো সঁহাৰি নিদিলে। আমেৰিকাই মুছলিম লীগৰ সাতজন সদস্যক ‘নিষিদ্ধ’ বুলি ঘোষণা কৰিছে। সেই তালিকাৰ চাৰিওজন লোক এই নিৰ্বাচনত মাৰ্কাজী মুছলিম লীগৰ প্ৰাৰ্থী আছিল।

১৯৭০ চনত পাকিস্তানত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু প্ৰথম নিৰ্বাচনৰ পিছৰে পৰা পাকিস্তানৰ মৌলবাদী দলসমূহে জনসাধাৰণৰ আদালতৰ সন্মুখীন হৈছে। সেই নিৰ্বাচনত জমিয়ত উলেমা-ই-ইছলামে মাত্ৰ ৭খন আসনহে লাভ কৰিছিল। বাকী দুটা দল জামাত-ই-ইছলামী আৰু মাৰ্কাজী জমিয়ত উলেমা-ই-পাকিস্তানে ক্ৰমে ৪ আৰু ৭খন আসন লাভ কৰে। ১৯৭৭ চনৰ নিৰ্বাচনত জমিয়ত উলেমা-ই-ইছলামে এটাও ভোট নাপালে। তেতিয়াৰ পৰাই জমিয়ত উলেমা-ই-ইছলাম দল ভাঙি বাৰে বাৰে গঠন হ’ল। আন এটা শাখা সৃষ্টি হয়।

কিন্তু নিৰ্বাচনত কোনেও বিশেষ সুবিধা লাভ কৰিব নোৱাৰিলে। পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত আন কোনো মৌলবাদী দলেই লাভৱান হ’ব পৰা নাই। পাকিস্তানৰ ৰাজনৈতিক মহলৰ এটা অংশই দাবী কৰিছে যে ২০১৩ চনৰ নিৰ্বাচনৰ পিছত বিভিন্ন ধৰ্মীয়-ৰাজনৈতিক দলৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। সমগ্ৰ পাকিস্তানত তেওঁলোকৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পালে। ২০২৪ চনৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফলন দেখা গৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি