--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত কেইদিনমানৰ পৰা শিৰোনামত আছে এগৰাকী মডেল। পুৰুষৰ ওপৰত অতিষ্ঠ হৈ পৰা এগৰাকী মডেলৰ নাভূত-নাশ্ৰুত কাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। পুৰুষসকলক আমনি কৰাতকৈ নিজকে নিজে বিয়া কৰাই শিৰোনাম দখল কৰিছে এগৰাকী মডেলে। নাম-ক্ৰিছ গেলেৰা। কইনাৰ সাজেৰে গীৰ্জাৰ সন্মুখত থিয় হৈ থকা মডেল গৰাকীৰ ছবিও সম্প্ৰতি ভাইৰেল পৰিছে সামাজিক মাধ্যমত। উল্লেখ্য যে, ৩৩ বছৰীয়া ব্ৰাজিলিয়ান মডেল ক্ৰিছ গেলেৰাই নিজকে বিয়া কৰাই সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

জীৱনৰ এ‌ই বিশেষ দিনটো কেইগৰাকীমান ঘনিষ্ঠ সংগীৰ সৈতে অতিবাহিত কৰা মডেল গৰাকীক কটাক্ষ কৰিছে একাংশই।অৱশ্যে, সমালোচনাক গুৰুত্ব দিয়া নাই ক্ৰিছে। শেহতীয়াকৈ, ক্ৰিছে এটা আন্তৰ্জাতিক সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, তেওঁ এজন আৰৱ শ্বেখৰ পৰাও বিৱাহৰ প্ৰস্তাৱ পাইছিল। ক্ৰিছৰ প্ৰেমত ব্যাকুল শ্বেখে বিশেষ অ’ফাৰ প্ৰদানৰো ঘোষণা কৰিছিল।এই ঘোষণাই কাল হ’ল শ্বেখৰ। ক্ৰিছে সদৰী কৰা অনুসৰি,‘ আৰব শ্বেইখে মোক বিবাহ কৰিবলৈ ৫লাখ আমেৰিকান ডলাৰৰ যৌতুক দিব বিচাৰিছিল।’ বিষয়টো নিশ্চিত কৰিবলৈ ক্ৰিছে এবাৰ আৰৱ শ্বেখৰ সৈতে কথাও পাতিছিল। অৱশ্যে ক্ৰিছে তেওঁৰ প্ৰস্তাৱ পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰে আৰু নিজকে নিজে বিয়া পাতি একক আৰু অদ্বিতীয় উদাহৰণ হিচাপে নজিৰ সৃষ্টি কৰিছে ক্ৰিছ গেলেৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু