--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত কেইদিনমানৰ পৰা শিৰোনামত আছে এগৰাকী মডেল। পুৰুষৰ ওপৰত অতিষ্ঠ হৈ পৰা এগৰাকী মডেলৰ নাভূত-নাশ্ৰুত কাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। পুৰুষসকলক আমনি কৰাতকৈ নিজকে নিজে বিয়া কৰাই শিৰোনাম দখল কৰিছে এগৰাকী মডেলে। নাম-ক্ৰিছ গেলেৰা। কইনাৰ সাজেৰে গীৰ্জাৰ সন্মুখত থিয় হৈ থকা মডেল গৰাকীৰ ছবিও সম্প্ৰতি ভাইৰেল পৰিছে সামাজিক মাধ্যমত। উল্লেখ্য যে, ৩৩ বছৰীয়া ব্ৰাজিলিয়ান মডেল ক্ৰিছ গেলেৰাই নিজকে বিয়া কৰাই সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

জীৱনৰ এ‌ই বিশেষ দিনটো কেইগৰাকীমান ঘনিষ্ঠ সংগীৰ সৈতে অতিবাহিত কৰা মডেল গৰাকীক কটাক্ষ কৰিছে একাংশই।অৱশ্যে, সমালোচনাক গুৰুত্ব দিয়া নাই ক্ৰিছে। শেহতীয়াকৈ, ক্ৰিছে এটা আন্তৰ্জাতিক সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, তেওঁ এজন আৰৱ শ্বেখৰ পৰাও বিৱাহৰ প্ৰস্তাৱ পাইছিল। ক্ৰিছৰ প্ৰেমত ব্যাকুল শ্বেখে বিশেষ অ’ফাৰ প্ৰদানৰো ঘোষণা কৰিছিল।এই ঘোষণাই কাল হ’ল শ্বেখৰ। ক্ৰিছে সদৰী কৰা অনুসৰি,‘ আৰব শ্বেইখে মোক বিবাহ কৰিবলৈ ৫লাখ আমেৰিকান ডলাৰৰ যৌতুক দিব বিচাৰিছিল।’ বিষয়টো নিশ্চিত কৰিবলৈ ক্ৰিছে এবাৰ আৰৱ শ্বেখৰ সৈতে কথাও পাতিছিল। অৱশ্যে ক্ৰিছে তেওঁৰ প্ৰস্তাৱ পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰে আৰু নিজকে নিজে বিয়া পাতি একক আৰু অদ্বিতীয় উদাহৰণ হিচাপে নজিৰ সৃষ্টি কৰিছে ক্ৰিছ গেলেৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ