--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাৰি নগ’ল মূক-বধিৰ কিশোৰীও। এইবাৰ এগৰাকী কলা-বোবা কিশোৰীৰ ঘৰৰ পৰা ফুচুলাই নি দলবদ্ধ ধৰ্ষণ কৰিলে ছজন লোকে। এই ছজনৰ ভিতৰত চাৰিজনেই হৈছে কিশোৰ। এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত সোমবাৰে সংঘটিত হোৱা এই ঘটনা এতিয়া পোহৰলৈ আহিছে। জানিব পৰা মতে, কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই এক নিৰ্জন স্থানলৈ লৈ গৈছিল এজন লোকে। তাত ৰৈ আছিল আন পাঁচজন লোক।

আটাইকেইজন লগ হৈ দলবদ্ধভাৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰে। কিশোৰীগৰাকীয়ে বাধা দিবলৈ চেষ্টা কৰাত কিশোৰীগৰাকীৰ ওপৰত চলোৱা হয় নিৰ্মম নিৰ্যাতন। অতি নিকৃষ্ট মানসিকতাৰ অপৰাধীকেইজনে কিশোৰীগৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ ফটো উঠাই সেয়া প্ৰচাৰো কৰি দিয়ে। দুৰ্ভাগ্যজনক কথাটো হৈছে বোবা কিশোৰীগৰাকীয়ে তেওঁৰ ওপৰত চলা এই নিৰ্যাতনৰ কথা কাকো ক’বও পৰা নাছিল। পাছত ঘটনাক্ৰমে ঘৰৰ কাষৰে এজন লোকলৈ তেওঁৰ ওপৰত নিৰ্যাতন চলাৰ এখন আলোকচিত্ৰ আহে। তাৰে আঁত ধৰি পৰিয়ালৰ লোকে কথাবোৰ বিচাৰ-খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত আকাৰে ইংগিতে নিজৰ ওপৰত হোৱা নিৰ্যাতনৰ কথা বিবৰি কয় কিশোৰীগৰাকীয়ে। তাৰ পাছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।


এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ শ্বাহদোলত। নিৰ্যাতিতাৰ মাতৃয়ে দিয়া গোচৰৰ আঁত ধৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। শ্বাহদোলৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে, কিশোৰীগৰাকীয়ে আলোকচিত্ৰ চাই অভিযুক্তকেইজনক চিনাক্ত কৰিছে আৰু আৰক্ষীয়ে ছয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে। কিশোৰীগৰাকীৰ ওপৰত এনে অমানুষিক নিৰ্যাতন চলোৱা লোককেইজন চুবুৰীয়া লোক বুলি জানিব পৰা গৈছে। এগৰাকী কলা-বোবা কিশোৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এনে দুঃষ্কাৰ্য সংঘটিত কৰা লোককেইজনৰ মানসিকতাক লৈ এতিয়া সৰ্বত্ৰে তিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু