--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাৰি নগ’ল মূক-বধিৰ কিশোৰীও। এইবাৰ এগৰাকী কলা-বোবা কিশোৰীৰ ঘৰৰ পৰা ফুচুলাই নি দলবদ্ধ ধৰ্ষণ কৰিলে ছজন লোকে। এই ছজনৰ ভিতৰত চাৰিজনেই হৈছে কিশোৰ। এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত সোমবাৰে সংঘটিত হোৱা এই ঘটনা এতিয়া পোহৰলৈ আহিছে। জানিব পৰা মতে, কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই এক নিৰ্জন স্থানলৈ লৈ গৈছিল এজন লোকে। তাত ৰৈ আছিল আন পাঁচজন লোক।

আটাইকেইজন লগ হৈ দলবদ্ধভাৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰে। কিশোৰীগৰাকীয়ে বাধা দিবলৈ চেষ্টা কৰাত কিশোৰীগৰাকীৰ ওপৰত চলোৱা হয় নিৰ্মম নিৰ্যাতন। অতি নিকৃষ্ট মানসিকতাৰ অপৰাধীকেইজনে কিশোৰীগৰাকীৰ ওপৰত চলোৱা নিৰ্যাতনৰ ফটো উঠাই সেয়া প্ৰচাৰো কৰি দিয়ে। দুৰ্ভাগ্যজনক কথাটো হৈছে বোবা কিশোৰীগৰাকীয়ে তেওঁৰ ওপৰত চলা এই নিৰ্যাতনৰ কথা কাকো ক’বও পৰা নাছিল। পাছত ঘটনাক্ৰমে ঘৰৰ কাষৰে এজন লোকলৈ তেওঁৰ ওপৰত নিৰ্যাতন চলাৰ এখন আলোকচিত্ৰ আহে। তাৰে আঁত ধৰি পৰিয়ালৰ লোকে কথাবোৰ বিচাৰ-খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত আকাৰে ইংগিতে নিজৰ ওপৰত হোৱা নিৰ্যাতনৰ কথা বিবৰি কয় কিশোৰীগৰাকীয়ে। তাৰ পাছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।


এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ শ্বাহদোলত। নিৰ্যাতিতাৰ মাতৃয়ে দিয়া গোচৰৰ আঁত ধৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। শ্বাহদোলৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে, কিশোৰীগৰাকীয়ে আলোকচিত্ৰ চাই অভিযুক্তকেইজনক চিনাক্ত কৰিছে আৰু আৰক্ষীয়ে ছয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে। কিশোৰীগৰাকীৰ ওপৰত এনে অমানুষিক নিৰ্যাতন চলোৱা লোককেইজন চুবুৰীয়া লোক বুলি জানিব পৰা গৈছে। এগৰাকী কলা-বোবা কিশোৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এনে দুঃষ্কাৰ্য সংঘটিত কৰা লোককেইজনৰ মানসিকতাক লৈ এতিয়া সৰ্বত্ৰে তিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ