--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় সঁচা প্ৰেম স্বৰ্গীয়। প্ৰকৃত প্ৰেমে সময়ৰ কোনো পৰিগণ্ডি নামানে। তাৰেই প্ৰতিফলন ঘটিছে ব্ৰিটেইনত। দেশখনৰ এটা অনপুম প্ৰেম কািহনীয়ে বাতৰিৰ শিৰোনামা দখল কৰিছে।

সময় দ্বিতীয় বিশ্বযুদ্ধ। হিটলাৰৰ প্ৰকোপত বিশ্ব অশান্ত। চাৰিওফালে যুদ্ধৰ দামামা। ব্ৰিটেইনৰ হৈ যুদ্ধত নামিছিল ২১ বছৰ বয়সীয়া ৰেজিনাল্ড পাই। ১৯৪৪ চনত ব্ৰিটেইনৰ ৰয়েল ইঞ্জিনিয়াৰ বিভাগত ২২৪ ফিল্ড কোম্পানীৰ হৈ ফ্ৰান্সৰ নৰ্মাণ্ডিত যুদ্ধত অংশ ল’বলৈ গৈছিল ৰেজিনাল্ড।

সেই সময়তে নৰ্মাণ্ডিত ফুৰিবলৈ গৈছিল এগৰাকী ১৪ বছৰীয়া ফ্ৰান্স কিশোৰী। নাম তেওঁৰ হুগেত জোফ্ৰায়া। তাতে হুগেতৰ স’তে ৰেজিনাল্ডৰ প্ৰেম হয়।

কিন্তু তেওঁলোকৰ প্ৰেমত বাধা হিচাপে থিয় দিয়ে বিশ্বযুদ্ধই। নৰ্মাণ্ডিৰ পৰা হঠাৎ আন ঠাইলৈ যাব লগা হয় সৈনিক ৰেজিনাল্ড। বিচ্ছিন্ন হয় প্ৰেয়সী হুগেতৰ পৰা। সেই সময়ত যোগাযোগৰ মাধ্যমো সুচল নাছিল। কোনোদিন তেওঁলোকৰ মিলন নহ’ল।

মিলন নহ’লেও প্ৰেয়ীৰ এখনি ফটোগ্ৰাফ ৰেজিনাল্ডে উৰে জীৱন কঢ়িয়াই ফুৰে। বিশ্বযুদ্ধ শেষ হোৱাৰ এতিয়া ৭ টা দশকৰো বেছি হ’ল। ৰেজিনাল্ডে উৰে জীৱন হুগেতক বিচাৰি ফুৰা আৰম্ভ কৰিলে, কিন্তু ক’তো সন্ধান নাপালে।

বৰ্তমান ৰেজিনাল্ডৰ বয়স ৯৯। চলিত বৰ্ষৰ জুন মাহত বৃদ্ধ ৰেজিনাল্ডৰ পৰা তেওঁৰ অনুপম প্ৰেমৰ কাহিনীৰ বিষয়ে এগৰাকী টেক্সিচালকে জানিবলৈ পায়। তাৰপাছত টেক্সিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সমগ্ৰ কাহিনীটো জনায়। সংবাদপত্ৰসমূহত ৰেজিনাল্ড-হুগেতৰ প্ৰেম কাহিনী সবিস্তাৰে প্ৰকাশ পায়।

তাৰপাছতে সকলো সলনি হৈ যায়। সংবাদমাধ্যমত মাকৰ কিশোৰী কালৰ ছৱি দেখা পায় এগৰাকী মহিলাই। তেওঁ হৈছে হুগেতৰ কন্যা। তেওঁৱেই যোগাযোগ কৰে ৰেজিনাল্ডৰ স’তে। অৱশেষত চলিত মাহতে ফ্ৰান্সত ভৰি দিয়ে ৯৯ বৰ্ষীয় ৰেজিনাল্ড। তাতে হুগেতৰ স’তে দেখা হয় তেওঁৰ। হুগেতৰ বৰ্তমান বয়স ৯২।

ইমান বছৰৰ পাছত মিলন হোৱাৰ পাছত সকলো আত্মীয়ৰ মাজত আনন্দৰ হৰ্ষোল্লাস উঠে। অৱশ্যে এতিয়ালৈকে তেওঁলোকে বিয়া কৰোৱা নাই। কেৱল সাক্ষাৎহে হৈছে। হুগেতে জানিবলৈ দিয়া মতে, ৰেজিনাল্ডৰ স’তে বিয়াৰ প্ৰস্তাৱ পালে আপত্তি নাই তেওঁৰ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ