--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় সঁচা প্ৰেম স্বৰ্গীয়। প্ৰকৃত প্ৰেমে সময়ৰ কোনো পৰিগণ্ডি নামানে। তাৰেই প্ৰতিফলন ঘটিছে ব্ৰিটেইনত। দেশখনৰ এটা অনপুম প্ৰেম কািহনীয়ে বাতৰিৰ শিৰোনামা দখল কৰিছে।

সময় দ্বিতীয় বিশ্বযুদ্ধ। হিটলাৰৰ প্ৰকোপত বিশ্ব অশান্ত। চাৰিওফালে যুদ্ধৰ দামামা। ব্ৰিটেইনৰ হৈ যুদ্ধত নামিছিল ২১ বছৰ বয়সীয়া ৰেজিনাল্ড পাই। ১৯৪৪ চনত ব্ৰিটেইনৰ ৰয়েল ইঞ্জিনিয়াৰ বিভাগত ২২৪ ফিল্ড কোম্পানীৰ হৈ ফ্ৰান্সৰ নৰ্মাণ্ডিত যুদ্ধত অংশ ল’বলৈ গৈছিল ৰেজিনাল্ড।

সেই সময়তে নৰ্মাণ্ডিত ফুৰিবলৈ গৈছিল এগৰাকী ১৪ বছৰীয়া ফ্ৰান্স কিশোৰী। নাম তেওঁৰ হুগেত জোফ্ৰায়া। তাতে হুগেতৰ স’তে ৰেজিনাল্ডৰ প্ৰেম হয়।

কিন্তু তেওঁলোকৰ প্ৰেমত বাধা হিচাপে থিয় দিয়ে বিশ্বযুদ্ধই। নৰ্মাণ্ডিৰ পৰা হঠাৎ আন ঠাইলৈ যাব লগা হয় সৈনিক ৰেজিনাল্ড। বিচ্ছিন্ন হয় প্ৰেয়সী হুগেতৰ পৰা। সেই সময়ত যোগাযোগৰ মাধ্যমো সুচল নাছিল। কোনোদিন তেওঁলোকৰ মিলন নহ’ল।

মিলন নহ’লেও প্ৰেয়ীৰ এখনি ফটোগ্ৰাফ ৰেজিনাল্ডে উৰে জীৱন কঢ়িয়াই ফুৰে। বিশ্বযুদ্ধ শেষ হোৱাৰ এতিয়া ৭ টা দশকৰো বেছি হ’ল। ৰেজিনাল্ডে উৰে জীৱন হুগেতক বিচাৰি ফুৰা আৰম্ভ কৰিলে, কিন্তু ক’তো সন্ধান নাপালে।

বৰ্তমান ৰেজিনাল্ডৰ বয়স ৯৯। চলিত বৰ্ষৰ জুন মাহত বৃদ্ধ ৰেজিনাল্ডৰ পৰা তেওঁৰ অনুপম প্ৰেমৰ কাহিনীৰ বিষয়ে এগৰাকী টেক্সিচালকে জানিবলৈ পায়। তাৰপাছত টেক্সিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সমগ্ৰ কাহিনীটো জনায়। সংবাদপত্ৰসমূহত ৰেজিনাল্ড-হুগেতৰ প্ৰেম কাহিনী সবিস্তাৰে প্ৰকাশ পায়।

তাৰপাছতে সকলো সলনি হৈ যায়। সংবাদমাধ্যমত মাকৰ কিশোৰী কালৰ ছৱি দেখা পায় এগৰাকী মহিলাই। তেওঁ হৈছে হুগেতৰ কন্যা। তেওঁৱেই যোগাযোগ কৰে ৰেজিনাল্ডৰ স’তে। অৱশেষত চলিত মাহতে ফ্ৰান্সত ভৰি দিয়ে ৯৯ বৰ্ষীয় ৰেজিনাল্ড। তাতে হুগেতৰ স’তে দেখা হয় তেওঁৰ। হুগেতৰ বৰ্তমান বয়স ৯২।

ইমান বছৰৰ পাছত মিলন হোৱাৰ পাছত সকলো আত্মীয়ৰ মাজত আনন্দৰ হৰ্ষোল্লাস উঠে। অৱশ্যে এতিয়ালৈকে তেওঁলোকে বিয়া কৰোৱা নাই। কেৱল সাক্ষাৎহে হৈছে। হুগেতে জানিবলৈ দিয়া মতে, ৰেজিনাল্ডৰ স’তে বিয়াৰ প্ৰস্তাৱ পালে আপত্তি নাই তেওঁৰ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক