--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি হয়তো এনে বহুতো স্বামী-পত্নী দেখিছে যাৰ বয়সৰ পাৰ্থক্য অতি কম আৰু এনেকুৱা দম্পতীও দেখিছে যাৰ বয়সৰ পাৰ্থক্য যথেষ্ট। অৱশ্যে যদি যিকোনো বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু মনৰ সামঞ্জস্য থাকে তেনেহ'লে বয়সৰ ব্যৱধান গুৰুত্বপূৰ্ণ নহয়। এগৰাকী বৃদ্ধ মহিলাই তেওঁতকৈ ৪৬ বছৰ সৰু এজন পুৰুষক বিয়া কৰাইছিল। মহিলাগৰাকীৰ নাম আইৰিছ আৰু তেওঁৰ স্বামীৰ নাম মহম্মদ। কিন্তু নৱেম্বৰৰ পৰা মহম্মদ তেওঁৰ পত্নী আইৰিছৰ পৰা পৃথকে বাস কৰিছে। কিছুদিন একেলগে থকাৰ পিছত তেওঁলোক ইজনে সিজনৰ পৰা পৃথক হৈ গৈছিল। মহম্মদে নিজৰ দেশ ইজিপ্তলৈ ঘূৰি যাব লগা হ'ল। 

৮৫ বছৰীয়া মহিলাগৰাকীৰ নাম আইৰিছ জোনছ, তেওঁ ইংলেণ্ডৰ বাসিন্দা। তেওঁৰ স্বামীৰ নাম মহম্মদ আহমেদ আৰু তেওঁ ইজিপ্তৰ বাসিন্দা। মহম্মদৰ বয়স ৩৯ বছৰ আৰু পেছাত তেওঁ এজন অভিযন্তা। দুয়ো ২০১৯ চনত লগ পাইছিল। সেই সময়ত আইৰিছৰ বয়স আছিল ৮২ বছৰ আৰু মহম্মদৰ বয়স আছিল ৩৬ বছৰ। দুয়োজনে ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। মহম্মদতকৈ আইৰিছ ৪৬ বছৰ ডাঙৰ। আইৰিছ আৰু মহম্মদে ২০১৯ চনত ফেচবুকত চিনাকি হৈছিল। ইয়াৰ পিছত দুয়ো বন্ধু হৈ পৰে আৰু নৱেম্বৰ ২০১৯ত ইজনে সিজনক লগ কৰে। দুয়োজনে ২০২০ চনৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। মহম্মদ কিবা কাৰণত নিজৰ দেশলৈ উভতি আহিছে। 


আইৰিছে কৈছিল, "মই আৰু মহম্মদে প্ৰথমবাৰৰ বাবে লগ পাওঁতেই অন্তৰংগ বন্ধু হৈ পৰিছিলো। মহম্মদৰ সৈতে কটোৱা মুহূৰ্তবোৰ যথেষ্ট ভাল আছিল। মই সেই সময়ত এগৰাকী যুৱতীৰ দৰে নিজকে অনুভৱ কৰিছিলো। এইটো মোৰ বাবে সহজ নাছিল। মহম্মদ আহমেদ খুব মৰমীয়াল আৰু ৰোমান্টিক। যেতিয়া ৪০ বছৰ আগতে মোৰ বিবাহ বিচ্ছেদ হৈছিল, মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ মাজত কোনো ফিলিংছ নাই। কিন্তু এতিয়া মই ভাবো মই তেনেকুৱা নহয়।" আইৰিছে লগতে কৈছিল যে "বিবাহৰ পিছত বহুলোকে আমাক উপহাস কৰিছিল কিন্তু আমি ইজনে সিজনক বহুত ভাল পাওঁ, আমাৰ বাবে সেয়াই গুৰুত্বপূৰ্ণ।"  


আইৰিছ আৰু মহম্মদে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি থাকে যাতে তেওঁলোকৰ বন্ধুসকলে সকলো আপডেট পাই থাকে। মহম্মদে ইজিপ্তৰ কায়ৰো বিমানবন্দৰৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰি কৈছিল যে তেওঁ এক নিৰ্দিষ্ট কাৰণত নিজৰ দেশ ইজিপ্তলৈ উভতি আহিছে। বহুতৰ মাজত প্ৰশ্ন উঠিল যে দুয়োৰে মাজত সংঘাত আৰম্ভ হ'ল নেকি। পিছে তেনেকুৱা একো হোৱা নাই কাৰণ দুয়ো নিজৰ সম্পৰ্কক লৈ ছ'চিয়েল মিডিয়াত আপডেট দি থাকে। এতিয়া একাংশই অনুমান কৰিছে যে দুয়ো একেলগে থাকিবলৈ নিশ্চয়কৈ ইংলেণ্ডৰ ভিছা পোৱা নাই, সেয়েহে মহম্মদে ইজিপ্তলৈ ঘূৰি যাব লগা হ'ল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক