--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি হয়তো এনে বহুতো স্বামী-পত্নী দেখিছে যাৰ বয়সৰ পাৰ্থক্য অতি কম আৰু এনেকুৱা দম্পতীও দেখিছে যাৰ বয়সৰ পাৰ্থক্য যথেষ্ট। অৱশ্যে যদি যিকোনো বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু মনৰ সামঞ্জস্য থাকে তেনেহ'লে বয়সৰ ব্যৱধান গুৰুত্বপূৰ্ণ নহয়। এগৰাকী বৃদ্ধ মহিলাই তেওঁতকৈ ৪৬ বছৰ সৰু এজন পুৰুষক বিয়া কৰাইছিল। মহিলাগৰাকীৰ নাম আইৰিছ আৰু তেওঁৰ স্বামীৰ নাম মহম্মদ। কিন্তু নৱেম্বৰৰ পৰা মহম্মদ তেওঁৰ পত্নী আইৰিছৰ পৰা পৃথকে বাস কৰিছে। কিছুদিন একেলগে থকাৰ পিছত তেওঁলোক ইজনে সিজনৰ পৰা পৃথক হৈ গৈছিল। মহম্মদে নিজৰ দেশ ইজিপ্তলৈ ঘূৰি যাব লগা হ'ল। 

৮৫ বছৰীয়া মহিলাগৰাকীৰ নাম আইৰিছ জোনছ, তেওঁ ইংলেণ্ডৰ বাসিন্দা। তেওঁৰ স্বামীৰ নাম মহম্মদ আহমেদ আৰু তেওঁ ইজিপ্তৰ বাসিন্দা। মহম্মদৰ বয়স ৩৯ বছৰ আৰু পেছাত তেওঁ এজন অভিযন্তা। দুয়ো ২০১৯ চনত লগ পাইছিল। সেই সময়ত আইৰিছৰ বয়স আছিল ৮২ বছৰ আৰু মহম্মদৰ বয়স আছিল ৩৬ বছৰ। দুয়োজনে ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল। মহম্মদতকৈ আইৰিছ ৪৬ বছৰ ডাঙৰ। আইৰিছ আৰু মহম্মদে ২০১৯ চনত ফেচবুকত চিনাকি হৈছিল। ইয়াৰ পিছত দুয়ো বন্ধু হৈ পৰে আৰু নৱেম্বৰ ২০১৯ত ইজনে সিজনক লগ কৰে। দুয়োজনে ২০২০ চনৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। মহম্মদ কিবা কাৰণত নিজৰ দেশলৈ উভতি আহিছে। 


আইৰিছে কৈছিল, "মই আৰু মহম্মদে প্ৰথমবাৰৰ বাবে লগ পাওঁতেই অন্তৰংগ বন্ধু হৈ পৰিছিলো। মহম্মদৰ সৈতে কটোৱা মুহূৰ্তবোৰ যথেষ্ট ভাল আছিল। মই সেই সময়ত এগৰাকী যুৱতীৰ দৰে নিজকে অনুভৱ কৰিছিলো। এইটো মোৰ বাবে সহজ নাছিল। মহম্মদ আহমেদ খুব মৰমীয়াল আৰু ৰোমান্টিক। যেতিয়া ৪০ বছৰ আগতে মোৰ বিবাহ বিচ্ছেদ হৈছিল, মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ মাজত কোনো ফিলিংছ নাই। কিন্তু এতিয়া মই ভাবো মই তেনেকুৱা নহয়।" আইৰিছে লগতে কৈছিল যে "বিবাহৰ পিছত বহুলোকে আমাক উপহাস কৰিছিল কিন্তু আমি ইজনে সিজনক বহুত ভাল পাওঁ, আমাৰ বাবে সেয়াই গুৰুত্বপূৰ্ণ।"  


আইৰিছ আৰু মহম্মদে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি থাকে যাতে তেওঁলোকৰ বন্ধুসকলে সকলো আপডেট পাই থাকে। মহম্মদে ইজিপ্তৰ কায়ৰো বিমানবন্দৰৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰি কৈছিল যে তেওঁ এক নিৰ্দিষ্ট কাৰণত নিজৰ দেশ ইজিপ্তলৈ উভতি আহিছে। বহুতৰ মাজত প্ৰশ্ন উঠিল যে দুয়োৰে মাজত সংঘাত আৰম্ভ হ'ল নেকি। পিছে তেনেকুৱা একো হোৱা নাই কাৰণ দুয়ো নিজৰ সম্পৰ্কক লৈ ছ'চিয়েল মিডিয়াত আপডেট দি থাকে। এতিয়া একাংশই অনুমান কৰিছে যে দুয়ো একেলগে থাকিবলৈ নিশ্চয়কৈ ইংলেণ্ডৰ ভিছা পোৱা নাই, সেয়েহে মহম্মদে ইজিপ্তলৈ ঘূৰি যাব লগা হ'ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে