--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শনিবাৰে মাজনিশালৈ চলা নাটকীয় ঘটনাক্ৰমৰ পাছত ক্ষমতাৰ পৰা অপসাৰিত হ’ল পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান। শেষ বলটোলৈ যুঁজি যোৱাৰ সংকল্প লোৱা ইমৰাণ খানৰ প্ৰতিৰোধ নৰজিল দেশখনৰ নেচনেল এচেম্বলীত। অৱশেষত ১৭৪জন সাংসদে তেওঁ খেলপথাৰ এৰাৰ বাট দেখুৱালে। ইমৰাণৰ পিটিআই দলৰ সহযোগীসকলে তেওঁ সংগ এৰিবলৈ আৰম্ভ কৰাৰ সময়তে ইমৰাণ খানৰ অপসাৰণ সম্ভাৱনাক লৈ ব্যাপক চৰ্চা চলিছিল। কিন্তু শেষ ৰক্ষা কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰিছিল ইমৰাণ খানে। কিন্তু ৰাজনীতিৰ ক্ৰিজত টিকি থকাটো সম্ভৱ নহ’ল এসময়ৰ বিশ্ব ক্ৰিকেটৰ তাৰকা অলৰাউণ্ডাৰজনৰ বাবে। শনিবাৰে মাজনিশা অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল।

এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ খান। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। 

এতিয়া প্ৰশ্ন হৈছে ইমৰাণ খানৰ পতনত মুখ্য ভূমিকা গ্ৰহণ কৰা শ্বেহবাজ খাননো কোন? শ্বেহবাজ খান হৈছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। উল্লেখ্য যে, ইমৰাণ খানৰ বিৰুদ্ধে সংসদত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাছৰে পৰাই শ্বেহবাজ খান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব বুলি চৰ্চা চলি আহিছিল। পাকিস্তান পিপুলছ পাৰ্টীৰ (পিপিপি) অধ্যক্ষ বিলাৱল ভুট্টো জাৰ্দাৰীয়ে এই ইংগিত দিছিল পূৰ্বতেই।
শ্বেহবাজ শ্বৰীফ সোনকালেই দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুলি তেওঁ ভৱিষ্যতবাণী কৰিছিল।

উল্লেখ্য যে, শ্বেহবাজ শ্বৰীফৰ নেতৃত্বতে নেচনেল এচেম্বলীত খান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। শ্বেহবাজ শ্বৰীফ হৈছে পিএমএল-এনৰ সভাপতি, তেওঁৰ ভাতৃ আৰু বহিষ্কৃত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্থানত অধিষ্ঠিত হৈছিল। পাকিস্তানত দুটাকৈ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছৰে পৰা লণ্ডনত বাস কৰি আছে নৱাজ শ্বৰীফে। 
তেওঁ নেচনেল এচেম্বলীত (পাকিস্তানৰ সংসদৰ নিম্ন সদন) বৰ্তমানৰ বিৰোধী দলপতি। 

শ্বৰীফে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছিল। তেওঁ তিনিবাৰ এই পদত কাৰ্যনিৰ্বাহ কৰিছে।
তেওঁ ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে পঞ্জাব প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। কিন্তু, ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফৰ অভ্যুত্থানৰ পাছত, তেওঁ পাকিস্তান ত্যাগ কৰিব লগা হৈছিল আৰু পৰৱৰ্তী আঠ বছৰ চৌদি আৰৱত নিৰ্বাসিত জীৱন কটাইছিল।

শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ ভায়েক ২০০৭ চনত পাকিস্তানলৈ উভতি আহে। ২০০৮ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দলে জয়লাভ কৰাৰ পাছত তেওঁ পুনৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী হৈছিল।
পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে শ্বৰীফৰ তৃতীয় কাৰ্যকাল ২০১৩ চনত আৰম্ভ হৈছিল আৰু তেওঁ ২০১৮ চনৰ নিৰ্বাচনত পিএমএল-এনৰ পৰাজয়লৈকে সম্পূৰ্ণ কাৰ্যকাল পালন কৰিছিল। ২০১৮ ৰ নিৰ্বাচনৰ পাছত তেওঁক বিৰোধী দলৰ নেতা মনোনীত কৰা হৈছিল।২০১৯ চনৰ ডিচেম্বৰত, নেচনেল একাউণ্টেবিলিটি ব্যুৰো (এনএবি)য়ে শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ পুত্ৰ হামজাৰ ২৩টা সম্পত্তি জব্দ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।

তেওঁক ২০২০ চনৰ ছেপ্টেম্বৰত একেটা গোচৰত এনএবি-য়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁ কাৰাবন্দী হ’বলগীয়া হৈছিল। ২০২১ চনৰ এপ্ৰিল মাহত লাহোৰ উচ্চ ন্যায়ালয়ে তেওঁক সেই গোচৰত জামিনত মুক্তি দিয়ে।
দেওবাৰে সংসদীয় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁক প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক