--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৭.৯ বিলিয়ন জনসংখ্যাৰ মাজত নিজৰ পৰিচিতি জিলিকোৱা সহজসাধ্য নহয়। বলীউডৰ লগতে হলীউডতো এক প্ৰভাৱশালী নাম প্ৰিয়ংকা চোপ্ৰা। নিজৰ অভিনয়ৰ জড়িয়তে লক্ষ লক্ষ অনুৰাগীৰ হৃদয় জিনিছে প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে। সেহতীয়াকৈ এক সংবাদমাধ্যমে প্ৰিয়ংকা চোপ্ৰাক দিয়া পৰিচয়ে বিক্ষুব্ধ কৰিছে অভিনেত্ৰীগৰাকীক।

ইনষ্টাগ্ৰামত ৭১.৬ মিলিয়ন ফল'ৱাৰ থকা অভিনেত্ৰীগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল আমেৰিকান গায়ক-অভিনেতা নিক জ'নাছৰ সৈতে। এক সংবাদ মাধ্যমে প্ৰিয়ংকাক "নিক জ'নাছৰ পত্নী…" বুলি দিয়া পৰিচয় দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়াও ব্যক্ত কৰে প্ৰিয়ংকাই। নিজৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত বাতৰিটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচিতি থকাৰ পাছতো এনেদৰে পৰিচয় দিয়াত স্বাভাৱিকতে ক্ষুণ্ণ হয় অভিনেত্ৰীগৰাকী। ষ্ট'ৰীটোত তেওঁ লিখে যে, "এইটো অতি আমোদজনক যে মই এটা অন্যতম প্ৰসিদ্ধ আইকনিক ফিল্ম ফ্ৰেন্সাইজিক প্ৰমোট কৰি আছো আৰু মোক 'নিক জ'নাছৰ পত্নি' বুলি সম্বোধন কৰা হৈছে।" লগতে প্ৰিয়ংকাই প্ৰশ্ন কৰে, "এতিয়াও মহিলাৰ লগত এনেকুৱা কেনেকৈ হ'ব পাৰে অনুগ্ৰহ কৰি জনাব নেকি? মই মোৰ বায়'ত নিজৰ আইএমডিবি লিংক সংলগ্ন কৰিব লাগিব নেকি?"

প্ৰিয়ংকা চোপ্ৰা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা আৰু আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জনকাৰীসকলৰ ভিতৰত এজন। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰিছে। ২০১৬ চনত, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে৷ ২০১৯ চনত ‘টাইম’ শীৰ্ষক আলোচনীখনে তেওঁক বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এজন বুলি অভিহিত কৰে৷ তাৰোপৰি পৰৱৰ্তী দুবছৰত, ‘ফৰ্বছ’ আলোচনীখনে তেওঁক বিশ্বৰ ১০০গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰে৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু