--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৭.৯ বিলিয়ন জনসংখ্যাৰ মাজত নিজৰ পৰিচিতি জিলিকোৱা সহজসাধ্য নহয়। বলীউডৰ লগতে হলীউডতো এক প্ৰভাৱশালী নাম প্ৰিয়ংকা চোপ্ৰা। নিজৰ অভিনয়ৰ জড়িয়তে লক্ষ লক্ষ অনুৰাগীৰ হৃদয় জিনিছে প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে। সেহতীয়াকৈ এক সংবাদমাধ্যমে প্ৰিয়ংকা চোপ্ৰাক দিয়া পৰিচয়ে বিক্ষুব্ধ কৰিছে অভিনেত্ৰীগৰাকীক।

ইনষ্টাগ্ৰামত ৭১.৬ মিলিয়ন ফল'ৱাৰ থকা অভিনেত্ৰীগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল আমেৰিকান গায়ক-অভিনেতা নিক জ'নাছৰ সৈতে। এক সংবাদ মাধ্যমে প্ৰিয়ংকাক "নিক জ'নাছৰ পত্নী…" বুলি দিয়া পৰিচয় দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়াও ব্যক্ত কৰে প্ৰিয়ংকাই। নিজৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত বাতৰিটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচিতি থকাৰ পাছতো এনেদৰে পৰিচয় দিয়াত স্বাভাৱিকতে ক্ষুণ্ণ হয় অভিনেত্ৰীগৰাকী। ষ্ট'ৰীটোত তেওঁ লিখে যে, "এইটো অতি আমোদজনক যে মই এটা অন্যতম প্ৰসিদ্ধ আইকনিক ফিল্ম ফ্ৰেন্সাইজিক প্ৰমোট কৰি আছো আৰু মোক 'নিক জ'নাছৰ পত্নি' বুলি সম্বোধন কৰা হৈছে।" লগতে প্ৰিয়ংকাই প্ৰশ্ন কৰে, "এতিয়াও মহিলাৰ লগত এনেকুৱা কেনেকৈ হ'ব পাৰে অনুগ্ৰহ কৰি জনাব নেকি? মই মোৰ বায়'ত নিজৰ আইএমডিবি লিংক সংলগ্ন কৰিব লাগিব নেকি?"

প্ৰিয়ংকা চোপ্ৰা হৈছে ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা আৰু আটাইতকৈ জনপ্ৰিয় মনোৰঞ্জনকাৰীসকলৰ ভিতৰত এজন। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰিছে। ২০১৬ চনত, ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে৷ ২০১৯ চনত ‘টাইম’ শীৰ্ষক আলোচনীখনে তেওঁক বিশ্বৰ ১০০জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এজন বুলি অভিহিত কৰে৷ তাৰোপৰি পৰৱৰ্তী দুবছৰত, ‘ফৰ্বছ’ আলোচনীখনে তেওঁক বিশ্বৰ ১০০গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ ভিতৰত তালিকাভুক্ত কৰে৷ শেহতীয়াকৈ তেওঁ ২০২১ বৰ্ষৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ ১০ স্থানত অন্তৰ্ভুক্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ