--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৩ ডিচেম্বৰত ইতিহাস ৰচনা কৰিলে ভাৰতে। সেই দিনটোত ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাত পঞ্জাৱৰ সুন্দৰী হৰনাজ সান্ধুৱে বিজয়ৰ মুকুট পৰিধান কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। হৰনাজ ভাৰতৰ তৃতীয়গৰাকী ‘মিছ ইউনিভাৰ্ছ’। ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন, ২০০০ চনত লাৰা দত্ত এই গৌৰৱৰ অধিকাৰী হৈছিল।

‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাৰ দৰেই ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ খিতাপ জয়ৰ দিশত সম্ভাৱনা জগাই তুলিছিল আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে পিছুৱাব লগা হল ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। কোভিড সংক্ৰমণে আতংক সৃষ্টি কৰিছে এই প্ৰতিযোগিতাখনৰ মাজত। এইবাৰ পোৱেৰ্টো ৰিকোত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মনসা বাৰাণসীয়ে।

মনসা বাৰাণসীও আক্ৰান্ত হৈছে কৰ'নাত। মনসাৰ লগতে প্ৰতিযোগিতাখনৰ মুঠ ১৭গৰাকী সুন্দৰী কোভিডত আক্ৰান্ত হৈছে। কোভিডৰ এই সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। উল্লেখ্য যে ২০২০ বৰ্ষত ‘মিছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰিছিল মনসা বাৰাণসীয়ে। শুকুৰবাৰে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখনিৰ ফাইনেল আছিল কিন্তু কোভিডে বিধি পথালি দিয়াত আয়োজক কমিটিয়ে প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ বাধ্য হ'ল।

আয়োজকৰ ফালৰ পৰা বিবৃতি দি কোৱা হৈছে যে ‘মিছ ৱৰ্ল্ড-২০২১’ প্ৰতিযোগিতা সদ্যহতে পিছুৱাই দিয়া হৈছে। অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব। আশা ৰাখিছো আমি সকলোৰে সহযোগিতা লাভ কৰিম।'' প্ৰতিযোগী, কৰ্মী তথা সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি কয় ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ আয়োজক কমিটিয়ে।

আৰু পঢ়কঃ বিশ্বৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ দশম স্থানত প্ৰিয়ংকা চোপ্ৰা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ