--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৩ ডিচেম্বৰত ইতিহাস ৰচনা কৰিলে ভাৰতে। সেই দিনটোত ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাত পঞ্জাৱৰ সুন্দৰী হৰনাজ সান্ধুৱে বিজয়ৰ মুকুট পৰিধান কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে। হৰনাজ ভাৰতৰ তৃতীয়গৰাকী ‘মিছ ইউনিভাৰ্ছ’। ইয়াৰ পূৰ্বে ১৯৯৪ চনত সুস্মিতা সেন, ২০০০ চনত লাৰা দত্ত এই গৌৰৱৰ অধিকাৰী হৈছিল।

‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাৰ দৰেই ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ খিতাপ জয়ৰ দিশত সম্ভাৱনা জগাই তুলিছিল আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে পিছুৱাব লগা হল ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। কোভিড সংক্ৰমণে আতংক সৃষ্টি কৰিছে এই প্ৰতিযোগিতাখনৰ মাজত। এইবাৰ পোৱেৰ্টো ৰিকোত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মনসা বাৰাণসীয়ে।

মনসা বাৰাণসীও আক্ৰান্ত হৈছে কৰ'নাত। মনসাৰ লগতে প্ৰতিযোগিতাখনৰ মুঠ ১৭গৰাকী সুন্দৰী কোভিডত আক্ৰান্ত হৈছে। কোভিডৰ এই সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। উল্লেখ্য যে ২০২০ বৰ্ষত ‘মিছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰিছিল মনসা বাৰাণসীয়ে। শুকুৰবাৰে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখনিৰ ফাইনেল আছিল কিন্তু কোভিডে বিধি পথালি দিয়াত আয়োজক কমিটিয়ে প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ বাধ্য হ'ল।

আয়োজকৰ ফালৰ পৰা বিবৃতি দি কোৱা হৈছে যে ‘মিছ ৱৰ্ল্ড-২০২১’ প্ৰতিযোগিতা সদ্যহতে পিছুৱাই দিয়া হৈছে। অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব। আশা ৰাখিছো আমি সকলোৰে সহযোগিতা লাভ কৰিম।'' প্ৰতিযোগী, কৰ্মী তথা সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি কয় ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ আয়োজক কমিটিয়ে।

আৰু পঢ়কঃ বিশ্বৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ তালিকাত শীৰ্ষ দশম স্থানত প্ৰিয়ংকা চোপ্ৰা


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু