--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বলীউড অভিনেত্ৰী প্ৰিয়ংকাই নতুন বছৰটো কেনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়িব তাকে জানিবলৈ আগ্ৰহেৰে বাট চাই আছিল প্ৰিয় অনুৰাগীয়ে। ইয়াৰ পূৰ্বে নৱেম্বৰত নিক জ’নাছৰ সৈতে প্ৰিয়ংকাৰ বিচ্ছেদৰ বাতৰিয়ে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল। এইবাৰ প্ৰিয়ংকাই বিবাহ বিচ্ছেদৰ বিতৰ্কৰ প্ৰসংগত মুখ খুলিছে। বলীউডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকাই এখন আলোচনীক দিয়া সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰিছে। প্ৰিয়ংকাই কয়, ‘ এতিয়া যিকোনো কথাই দ্ৰুত গতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আমাৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ উৰা বাতৰিৰ বাহিৰে আন একো নহয়। আমি একেলগে আছো।’ তেওঁলোকৰ আহিবলগীয়া সন্তানৰ কথা-প্ৰসংগতো প্ৰিয়ংকাই কয়, ‘নিক-মই আমি দুয়ো সন্তান বিচাৰো। বাকীখিনি এতিয়াই কোৱাটো টান। সেয়া সময়ত দেখা যাব।’ ইফালে ইমান ব্যস্ততাৰ মাজত সন্তানৰ প্ৰতিপালন কৰিব পাৰিব নে নিক-প্ৰিয়ংকাই বুলি সোধা প্ৰশ্নত প্ৰিয়ংকাই কয়, ‘আমি ইমানো ব্যস্ত নহয়। যদি আমাৰ জীৱনলৈ নতুন সদস্য আহে, তেতি য়া দুয়োজনে আমাৰ কাম পূৰ্বৰ তুলনাত কমাই দিম।’ মনকৰিবলগীয়া যে, প্ৰিয়ংকাই আগেয়েও নিকৰ সৈতে তেওঁৰ প্ৰেমৰ সু-সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল।এতিয়া অপেক্ষা কৰিছে সন্তানৰ। উল্লেখ্য যে, প্ৰিয়ংকাক শেষবাৰৰ বাবে 'দ্য মেট্ৰিক্স ৰিফ্ৰেকচন'ত সতীৰ চৰিত্ৰত দেখিবলৈ পাইছিল অনুৰাগীয়ে। ছবিখনত তেওঁৰ সাৱলীল অভিনয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছিল।এইবাৰ ফাৰহান আখটাৰৰ ছবি 'জি লে জাৰা'ত আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰে সৈতে প্ৰিয়ংকাক দেখিবলৈ পাব অনুৰাগীয়ে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু