--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বলীউড অভিনেত্ৰী প্ৰিয়ংকাই নতুন বছৰটো কেনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়িব তাকে জানিবলৈ আগ্ৰহেৰে বাট চাই আছিল প্ৰিয় অনুৰাগীয়ে। ইয়াৰ পূৰ্বে নৱেম্বৰত নিক জ’নাছৰ সৈতে প্ৰিয়ংকাৰ বিচ্ছেদৰ বাতৰিয়ে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল। এইবাৰ প্ৰিয়ংকাই বিবাহ বিচ্ছেদৰ বিতৰ্কৰ প্ৰসংগত মুখ খুলিছে। বলীউডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকাই এখন আলোচনীক দিয়া সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰিছে। প্ৰিয়ংকাই কয়, ‘ এতিয়া যিকোনো কথাই দ্ৰুত গতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। আমাৰ বিবাহ বিচ্ছেদৰ প্ৰসংগ উৰা বাতৰিৰ বাহিৰে আন একো নহয়। আমি একেলগে আছো।’ তেওঁলোকৰ আহিবলগীয়া সন্তানৰ কথা-প্ৰসংগতো প্ৰিয়ংকাই কয়, ‘নিক-মই আমি দুয়ো সন্তান বিচাৰো। বাকীখিনি এতিয়াই কোৱাটো টান। সেয়া সময়ত দেখা যাব।’ ইফালে ইমান ব্যস্ততাৰ মাজত সন্তানৰ প্ৰতিপালন কৰিব পাৰিব নে নিক-প্ৰিয়ংকাই বুলি সোধা প্ৰশ্নত প্ৰিয়ংকাই কয়, ‘আমি ইমানো ব্যস্ত নহয়। যদি আমাৰ জীৱনলৈ নতুন সদস্য আহে, তেতি য়া দুয়োজনে আমাৰ কাম পূৰ্বৰ তুলনাত কমাই দিম।’ মনকৰিবলগীয়া যে, প্ৰিয়ংকাই আগেয়েও নিকৰ সৈতে তেওঁৰ প্ৰেমৰ সু-সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল।এতিয়া অপেক্ষা কৰিছে সন্তানৰ। উল্লেখ্য যে, প্ৰিয়ংকাক শেষবাৰৰ বাবে 'দ্য মেট্ৰিক্স ৰিফ্ৰেকচন'ত সতীৰ চৰিত্ৰত দেখিবলৈ পাইছিল অনুৰাগীয়ে। ছবিখনত তেওঁৰ সাৱলীল অভিনয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছিল।এইবাৰ ফাৰহান আখটাৰৰ ছবি 'জি লে জাৰা'ত আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰে সৈতে প্ৰিয়ংকাক দেখিবলৈ পাব অনুৰাগীয়ে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ