--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আৰক্ষীৰ এক ঘৃণনীয় কাৰ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ কৌশাম্বীত আৰক্ষীয়ে কৰিলে এক লজ্জাজনক কাণ্ড। ফুটপাথত খাই থকা এজন অঘৰী দৰিদ্ৰ যুৱকক বলপূৰ্বক টানি আনি জন্তু ৰখা এখন গাড়ীত ভৰাই লৈ গৈছিল আৰক্ষীয়ে। এনে নকৰিবলৈ যুৱকজনে বাৰে বাৰে অনুৰোধ জনাইছিল। কিন্তু চাৰিজনকৈ আৰক্ষীয়ে তেওঁৰ কোনো কথা শুনা নাছিল। দৰাচলতে আৰক্ষীয়ে এনে কাণ্ড কৰাৰ আঁৰৰ কাৰণ আছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কৌশাম্বী ভ্ৰমণ। আৰক্ষী যোগী আদিত্যনাথক আদৰা প্ৰস্তুতিত ব্যস্ত আছিল।

মুখ্যমন্ত্ৰীয়ে যি পথৰ মাজেৰে পাৰ হ'ব সেই পথটো পৰিষ্কাৰ কৰিবলৈ আৰক্ষী তৎপৰ হৈ পৰিছিল। তেতিয়াই আৰক্ষীয়ে এজন মানসিকভাৱে অসুস্থ যুৱকক ফুটপাথত খাদ্য খাই থকা অৱস্থাত দেখা পায়। সেই দৃ্শ্য দেখিয়ে চাৰিজন আৰক্ষীয়ে ততাতৈয়াকৈ যুৱকজনক তাৰ পৰা জোৰ জবৰদস্তি উঠাই জন্তু ৰখা গাড়ীত ভৰাই লৈ যায়। এই ঘটনাৰ বিষয়ে গম পোৱাৰ পাছতেই মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মানুহে আৰক্ষীৰ এই কাণ্ডক গৰিহণা দিয়াৰ লগতে প্ৰশ্ন কৰে যে আৰক্ষীয়ে মানুহ আৰু জন্তুৰ মাজৰ পাৰ্থক্য বুজি নাপায় নেকি?

মানুহৰ প্ৰতিক্ৰিয়া দেখি কৌশাম্বীৰ আৰক্ষীয়ে টুইটাৰত স্পষ্টীকৰণ দিয়ে যে এজন যুৱকে মাঞ্জনপুৰ চাৰিআলিলৈ যোৱাৰ পথত এখন ৰাজহুৱা সভালৈ অহা যোৱা কৰা লোকসকলক শিলগুটি মাৰি আছিল। মানুহৰ সুৰক্ষাৰ কথা ভাবিহে যুৱকজনক সেই স্থানৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল। যুৱকজনক খাদ্য আৰু কম্বলৰ যোগান দি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। আৰক্ষীয়ে দায় সাৰিবৰ বাবেহে এনে স্পষ্টীকৰণ দিয়া বুলি মত ব্যক্ত কৰিছে সচেতন লোকসকলে।

আৰু পঢ়কঃ চাইকেল চলালেও দিব লাগিব নেকি টেক্স? চকীদাৰৰ ঘৰলৈ আহিল ১.৫১ লাখ টকাৰ জাননী


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক