--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আৰক্ষীৰ এক ঘৃণনীয় কাৰ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ কৌশাম্বীত আৰক্ষীয়ে কৰিলে এক লজ্জাজনক কাণ্ড। ফুটপাথত খাই থকা এজন অঘৰী দৰিদ্ৰ যুৱকক বলপূৰ্বক টানি আনি জন্তু ৰখা এখন গাড়ীত ভৰাই লৈ গৈছিল আৰক্ষীয়ে। এনে নকৰিবলৈ যুৱকজনে বাৰে বাৰে অনুৰোধ জনাইছিল। কিন্তু চাৰিজনকৈ আৰক্ষীয়ে তেওঁৰ কোনো কথা শুনা নাছিল। দৰাচলতে আৰক্ষীয়ে এনে কাণ্ড কৰাৰ আঁৰৰ কাৰণ আছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কৌশাম্বী ভ্ৰমণ। আৰক্ষী যোগী আদিত্যনাথক আদৰা প্ৰস্তুতিত ব্যস্ত আছিল।

মুখ্যমন্ত্ৰীয়ে যি পথৰ মাজেৰে পাৰ হ'ব সেই পথটো পৰিষ্কাৰ কৰিবলৈ আৰক্ষী তৎপৰ হৈ পৰিছিল। তেতিয়াই আৰক্ষীয়ে এজন মানসিকভাৱে অসুস্থ যুৱকক ফুটপাথত খাদ্য খাই থকা অৱস্থাত দেখা পায়। সেই দৃ্শ্য দেখিয়ে চাৰিজন আৰক্ষীয়ে ততাতৈয়াকৈ যুৱকজনক তাৰ পৰা জোৰ জবৰদস্তি উঠাই জন্তু ৰখা গাড়ীত ভৰাই লৈ যায়। এই ঘটনাৰ বিষয়ে গম পোৱাৰ পাছতেই মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মানুহে আৰক্ষীৰ এই কাণ্ডক গৰিহণা দিয়াৰ লগতে প্ৰশ্ন কৰে যে আৰক্ষীয়ে মানুহ আৰু জন্তুৰ মাজৰ পাৰ্থক্য বুজি নাপায় নেকি?

মানুহৰ প্ৰতিক্ৰিয়া দেখি কৌশাম্বীৰ আৰক্ষীয়ে টুইটাৰত স্পষ্টীকৰণ দিয়ে যে এজন যুৱকে মাঞ্জনপুৰ চাৰিআলিলৈ যোৱাৰ পথত এখন ৰাজহুৱা সভালৈ অহা যোৱা কৰা লোকসকলক শিলগুটি মাৰি আছিল। মানুহৰ সুৰক্ষাৰ কথা ভাবিহে যুৱকজনক সেই স্থানৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল। যুৱকজনক খাদ্য আৰু কম্বলৰ যোগান দি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। আৰক্ষীয়ে দায় সাৰিবৰ বাবেহে এনে স্পষ্টীকৰণ দিয়া বুলি মত ব্যক্ত কৰিছে সচেতন লোকসকলে।

আৰু পঢ়কঃ চাইকেল চলালেও দিব লাগিব নেকি টেক্স? চকীদাৰৰ ঘৰলৈ আহিল ১.৫১ লাখ টকাৰ জাননী


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?