--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন যুঁজ আৰম্ভ হোৱাৰ পূ্ৰ্বেই হাৰ মানিলে কংগ্ৰেছে। খহনীয়াত তচনচ হোৱাৰ দিশেই যেন এতিয়া অগ্ৰসৰ হৈছে পঞ্জাবৰ শাসকীয় দলটো। পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নৱজ্যেৎ সিং সিদ্ধুৰ নিযু্ক্তিৰ পাছতে ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি এতিয়া থৰক-বৰক হৈ পৰিবলৈ আৰম্ভ কৰিছে। সিদ্ধুৰ লগত হোৱা সংঘাতৰ বাবেই মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰা আৰু তাৰ পাছতে তেওঁ নতুনকৈ দল গঠন কৰাৰ পাছত ৰাজ্যখনত কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছিল।

কেৱল এয়াই নহয় সিদ্ধুৱে আকস্মিকভাৱে পদত্যাগৰ ঘোষণা কৰি দলটোৰ ভিতৰচ’ৰাৰ অস্থিৰ পৰিস্থিতিক উদঙাই দিছিল। ইফালে, বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ দুৰ্বল ভূমিকা আৰু সিদ্ধুৰ ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট মনোবৃত্তিয়ে দলটোৰ স্থিতি ক্ৰমাৎ দুৰ্বল কৰি অনাটো স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়ি আহিছে কৃষকসকলৰ সন্মিলিত দল সংযুক্ত সমাজ মৰ্চা। তেওঁলোকে পঞ্জাৱৰ শাসন দখল কৰিবলৈ তৎপৰ হৈ পৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব বুলিও চৰ্চা চলিছে। এই সমগ্ৰ প্ৰেক্ষাপটে কংগ্ৰেছৰ স্থিতি যে ৰাজ্যখনত এতিয়া থৰক বৰক সেয়া স্পষ্ট কৰি তুলিছে। কিন্তু কংগ্ৰেছৰ বিপৰ্যয় ইমানতে শেষ হোৱা নাই। এইবাৰ নতুন বিপৰ্যয়ৰ বাৰ্তা আনিছে দলৰ ভিতৰত হোৱা খহনীয়াই।

পঞ্জাবৰ শাসকীয়া দলৰ দুজন বিধায়কে আজি যোগ দিছে বিজেপি দলত। ইয়াৰ ভিতৰত এগৰাকী বিধায়ক প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূ্ৰ্ণ নেতা হোৱাৰ লগতে পৰৱৰ্তী নিৰ্বাচনতো তেওঁ প্ৰাৰ্থী আছিল। মঙলবাৰে নেতা দুগৰাকীয়ে যোগ দিয়ে বিজেপিত। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰতাপ বাজৱাৰ ভাতৃ তথা ৰাজ্যখনৰ কাডিয়ান সমষ্টিৰ বিধায়ক ফাটেহ জুং বাজৱাও আছে এই দুগৰাকীৰ ভিতৰত। সমষ্টিটোত এতিয়া দুই ভাতৃৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। কিয়নো প্ৰতাপ বাজৱাই এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি জানিব পৰা গৈছে।

অলপতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুই ফাটেহ বাজৱাৰ নাম দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। কিন্তু তাৰ পাছতে প্ৰতাপ বাজৱাই নিজেও এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছিল। জানিব পৰা মতে ভাতৃৰ হাতত এই সমষ্টি লাভৰ যুঁজত পৰাজিত হোৱাৰ আশংকা কৰি নিৰ্বাচনৰ পূ্ৰ্বেই ফাটেহ সিং বাজৱাই দল ত্যাগ কৰিছে। কিন্তু এইক্ষেত্ৰত নিশ্চয় দলীয় নেতৃত্বৰ ভূমিকা খুব প্ৰভাৱশালী নাছিল যাৰ বাবে এই বিশৃংখলাৰ সৃষ্টি হৈছে দলটোত। বিজেপিত যোগদান কৰা আনজন বিধায়ক হৈছে হৰগোবিন্দপুৰৰ বিধায়ক বলৱিন্দৰ সিং লাদ্দী।

আৰু পঢ়কঃ নিকৃষ্ট! মুখ্যমন্ত্ৰী আহিব বুলি অঘৰী যুৱকক বলপূৰ্বক উঠাই জন্তুৰ গাড়ীত ভৰালে আৰক্ষীয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?