--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন যুঁজ আৰম্ভ হোৱাৰ পূ্ৰ্বেই হাৰ মানিলে কংগ্ৰেছে। খহনীয়াত তচনচ হোৱাৰ দিশেই যেন এতিয়া অগ্ৰসৰ হৈছে পঞ্জাবৰ শাসকীয় দলটো। পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নৱজ্যেৎ সিং সিদ্ধুৰ নিযু্ক্তিৰ পাছতে ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি এতিয়া থৰক-বৰক হৈ পৰিবলৈ আৰম্ভ কৰিছে। সিদ্ধুৰ লগত হোৱা সংঘাতৰ বাবেই মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে পদত্যাগ কৰা আৰু তাৰ পাছতে তেওঁ নতুনকৈ দল গঠন কৰাৰ পাছত ৰাজ্যখনত কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছিল।

কেৱল এয়াই নহয় সিদ্ধুৱে আকস্মিকভাৱে পদত্যাগৰ ঘোষণা কৰি দলটোৰ ভিতৰচ’ৰাৰ অস্থিৰ পৰিস্থিতিক উদঙাই দিছিল। ইফালে, বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ দুৰ্বল ভূমিকা আৰু সিদ্ধুৰ ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট মনোবৃত্তিয়ে দলটোৰ স্থিতি ক্ৰমাৎ দুৰ্বল কৰি অনাটো স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যখনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়ি আহিছে কৃষকসকলৰ সন্মিলিত দল সংযুক্ত সমাজ মৰ্চা। তেওঁলোকে পঞ্জাৱৰ শাসন দখল কৰিবলৈ তৎপৰ হৈ পৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বৰ আম আদমী পাৰ্টীৰ সৈতে মিত্ৰতা কৰিব বুলিও চৰ্চা চলিছে। এই সমগ্ৰ প্ৰেক্ষাপটে কংগ্ৰেছৰ স্থিতি যে ৰাজ্যখনত এতিয়া থৰক বৰক সেয়া স্পষ্ট কৰি তুলিছে। কিন্তু কংগ্ৰেছৰ বিপৰ্যয় ইমানতে শেষ হোৱা নাই। এইবাৰ নতুন বিপৰ্যয়ৰ বাৰ্তা আনিছে দলৰ ভিতৰত হোৱা খহনীয়াই।

পঞ্জাবৰ শাসকীয়া দলৰ দুজন বিধায়কে আজি যোগ দিছে বিজেপি দলত। ইয়াৰ ভিতৰত এগৰাকী বিধায়ক প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূ্ৰ্ণ নেতা হোৱাৰ লগতে পৰৱৰ্তী নিৰ্বাচনতো তেওঁ প্ৰাৰ্থী আছিল। মঙলবাৰে নেতা দুগৰাকীয়ে যোগ দিয়ে বিজেপিত। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰতাপ বাজৱাৰ ভাতৃ তথা ৰাজ্যখনৰ কাডিয়ান সমষ্টিৰ বিধায়ক ফাটেহ জুং বাজৱাও আছে এই দুগৰাকীৰ ভিতৰত। সমষ্টিটোত এতিয়া দুই ভাতৃৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। কিয়নো প্ৰতাপ বাজৱাই এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি জানিব পৰা গৈছে।

অলপতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুই ফাটেহ বাজৱাৰ নাম দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। কিন্তু তাৰ পাছতে প্ৰতাপ বাজৱাই নিজেও এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছিল। জানিব পৰা মতে ভাতৃৰ হাতত এই সমষ্টি লাভৰ যুঁজত পৰাজিত হোৱাৰ আশংকা কৰি নিৰ্বাচনৰ পূ্ৰ্বেই ফাটেহ সিং বাজৱাই দল ত্যাগ কৰিছে। কিন্তু এইক্ষেত্ৰত নিশ্চয় দলীয় নেতৃত্বৰ ভূমিকা খুব প্ৰভাৱশালী নাছিল যাৰ বাবে এই বিশৃংখলাৰ সৃষ্টি হৈছে দলটোত। বিজেপিত যোগদান কৰা আনজন বিধায়ক হৈছে হৰগোবিন্দপুৰৰ বিধায়ক বলৱিন্দৰ সিং লাদ্দী।

আৰু পঢ়কঃ নিকৃষ্ট! মুখ্যমন্ত্ৰী আহিব বুলি অঘৰী যুৱকক বলপূৰ্বক উঠাই জন্তুৰ গাড়ীত ভৰালে আৰক্ষীয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক