--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যৰ জনগণৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাত ব্যৰ্থ হ’ল অসম চৰকাৰ। অসমৰ কাছাৰ আৰু জাগীৰোড কাগজ কল দুটা পুনৰুজ্জীৱিক কৰাৰ দাবী তাৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যবাসীয়ে দীৰ্ঘদিনে কৰি আহিছিল। কেৱল এয়াই নহয় চৰাকৰে এই সম্পৰ্কত সুব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কিন্তু এই সকলো এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাটো বাদেই অসমৰ এই হাজাৰ কোটিটকীয়া ভূ-সম্পত্তি এতিয়া আধামূলে বিক্ৰী কৰাৰ বাবে সকলো ব্যৱস্থা যেন এতিয়া সম্পূৰ্ণ হৈ উঠিছে। মন কৰিবলগীয়া যে, নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ পাছতহে ইয়াৰ নিলাম কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশ উলংঘা কৰি নিলামকৰ্তাই বাৰে বাৰে কাগজ কলৰ ভূমি-সম্পত্তি বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, বাৰে বাৰে এই বিজ্ঞাপনত এই সম্পত্তিৰ দাম হ্ৰাস কৰি গৈ আছে।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে নিলামকৰ্তা কুলদীপ বাৰ্মাই এমাহৰ ভিতৰতে তিনিবাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু তিনিওবাৰেই কল দুটাৰ নিলাম মূল্য হ্ৰাস কৰি থকা পৰিলক্ষিত হৈছে। কল দুটা ক্ৰয় কৰিবলৈ কোনো পক্ষই আগ্ৰহ নকৰাৰ অজুহাতত নিলাম মূল্য হ্ৰাস কৰি থকা বুলি জানিব পৰা গৈছে। প্ৰথমে নিলাম মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১,১৩৯কোটি টকা। তাৰ পাছত বিগত ২৪ নৱেম্বৰত কল দুটাৰ নিলাম মূল্য হ্ৰাস কৰা হয় ৭০০কোটি টকালৈ। কিন্তু পাছত অৰ্থাৎ ৯ ডিচেম্বৰত কাগজ কলৰ মূল্য হ্ৰাস কৰা হ’ল ৬৩০কোটি টকালৈ। কিন্তু এইবাৰো কোনেও কল দুটা ক্ৰয় কৰিবলৈ আগ্ৰহ নকৰাৰ পৰিপ্ৰেক্ষিতত ৫৬৭কোটি টকালৈ ইয়াৰ দাম হ্ৰাস কৰা হৈছে। মন কৰিবলগীয়া যে, অসম চৰকাৰে এই উদ্যোগ দুটাৰ বিনিময়ত ৩০০কোটি টকা আদায় দিয়াৰ পোষকতা কৰিছিল। যদি অন্য কোনো ক্ৰেতা নোলায় তেন্তে সেই দামতে কাগজ কল দুটাৰ হাজাৰ কোটি টকাৰ সম্পত্তি নিলাম হ’ব। এয়া ৰাজ্যখনৰ বাবেই দুৰ্ভাগ্যজনক বিবেচিত হৈছে।

অসম চৰকাৰৰ এই ব্যৰ্থতাৰ বিপৰীতে কেৰালা চৰকাৰে দাঙি ধৰিছে এক অতুলনীয় নিদৰ্শন। চৰকাৰখনে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ নিউজ প্ৰিণ্টৰ মিলটো অহা বছৰৰ আৰম্ভণিৰে পৰা পুনৰুজ্জীৱিত কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে ইয়াৰ বাবে নিজেই ধন বিনিয়োগ কৰিছে উদ্যোগটোত। অসম চৰকাৰে দুটাকৈ আপুৰুগীয়া উদ্যোগ ধ্বংস কৰাৰ বাবে উঠি-পৰি লোৱাৰ সময়তে কেৰালা চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে দেশজুৰি চৰ্চা লাভ কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলি অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন সংযোজন ঘটাবলৈ সক্ষম হ’লহেঁতেন। তদুপৰি এই কল দুটাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰতো চৰকাৰে ভূমিকা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া হৈ নুঠিল আৰু নতুন উদ্যোগ গঢ়ি তুলিবলৈ অপাৰগ চৰকাৰখনে এই সম্ভাৱনাপূৰ্ণ উদ্যোগ দুটা ধ্বংস কৰাৰহে বাট মুকলি কৰি দিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি