--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যৰ জনগণৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাত ব্যৰ্থ হ’ল অসম চৰকাৰ। অসমৰ কাছাৰ আৰু জাগীৰোড কাগজ কল দুটা পুনৰুজ্জীৱিক কৰাৰ দাবী তাৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যবাসীয়ে দীৰ্ঘদিনে কৰি আহিছিল। কেৱল এয়াই নহয় চৰাকৰে এই সম্পৰ্কত সুব্যৱস্থা গ্ৰহণ কৰিব বুলিও বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কিন্তু এই সকলো এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাটো বাদেই অসমৰ এই হাজাৰ কোটিটকীয়া ভূ-সম্পত্তি এতিয়া আধামূলে বিক্ৰী কৰাৰ বাবে সকলো ব্যৱস্থা যেন এতিয়া সম্পূৰ্ণ হৈ উঠিছে। মন কৰিবলগীয়া যে, নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ পাছতহে ইয়াৰ নিলাম কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশ উলংঘা কৰি নিলামকৰ্তাই বাৰে বাৰে কাগজ কলৰ ভূমি-সম্পত্তি বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, বাৰে বাৰে এই বিজ্ঞাপনত এই সম্পত্তিৰ দাম হ্ৰাস কৰি গৈ আছে।


সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে নিলামকৰ্তা কুলদীপ বাৰ্মাই এমাহৰ ভিতৰতে তিনিবাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু তিনিওবাৰেই কল দুটাৰ নিলাম মূল্য হ্ৰাস কৰি থকা পৰিলক্ষিত হৈছে। কল দুটা ক্ৰয় কৰিবলৈ কোনো পক্ষই আগ্ৰহ নকৰাৰ অজুহাতত নিলাম মূল্য হ্ৰাস কৰি থকা বুলি জানিব পৰা গৈছে। প্ৰথমে নিলাম মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১,১৩৯কোটি টকা। তাৰ পাছত বিগত ২৪ নৱেম্বৰত কল দুটাৰ নিলাম মূল্য হ্ৰাস কৰা হয় ৭০০কোটি টকালৈ। কিন্তু পাছত অৰ্থাৎ ৯ ডিচেম্বৰত কাগজ কলৰ মূল্য হ্ৰাস কৰা হ’ল ৬৩০কোটি টকালৈ। কিন্তু এইবাৰো কোনেও কল দুটা ক্ৰয় কৰিবলৈ আগ্ৰহ নকৰাৰ পৰিপ্ৰেক্ষিতত ৫৬৭কোটি টকালৈ ইয়াৰ দাম হ্ৰাস কৰা হৈছে। মন কৰিবলগীয়া যে, অসম চৰকাৰে এই উদ্যোগ দুটাৰ বিনিময়ত ৩০০কোটি টকা আদায় দিয়াৰ পোষকতা কৰিছিল। যদি অন্য কোনো ক্ৰেতা নোলায় তেন্তে সেই দামতে কাগজ কল দুটাৰ হাজাৰ কোটি টকাৰ সম্পত্তি নিলাম হ’ব। এয়া ৰাজ্যখনৰ বাবেই দুৰ্ভাগ্যজনক বিবেচিত হৈছে।

অসম চৰকাৰৰ এই ব্যৰ্থতাৰ বিপৰীতে কেৰালা চৰকাৰে দাঙি ধৰিছে এক অতুলনীয় নিদৰ্শন। চৰকাৰখনে হিন্দুস্তান পেপাৰ কৰ্প’ৰেচনৰ নিউজ প্ৰিণ্টৰ মিলটো অহা বছৰৰ আৰম্ভণিৰে পৰা পুনৰুজ্জীৱিত কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে ইয়াৰ বাবে নিজেই ধন বিনিয়োগ কৰিছে উদ্যোগটোত। অসম চৰকাৰে দুটাকৈ আপুৰুগীয়া উদ্যোগ ধ্বংস কৰাৰ বাবে উঠি-পৰি লোৱাৰ সময়তে কেৰালা চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে দেশজুৰি চৰ্চা লাভ কৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলি অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নতুন সংযোজন ঘটাবলৈ সক্ষম হ’লহেঁতেন। তদুপৰি এই কল দুটাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰতো চৰকাৰে ভূমিকা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া হৈ নুঠিল আৰু নতুন উদ্যোগ গঢ়ি তুলিবলৈ অপাৰগ চৰকাৰখনে এই সম্ভাৱনাপূৰ্ণ উদ্যোগ দুটা ধ্বংস কৰাৰহে বাট মুকলি কৰি দিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক