--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কনৌজ জিলাত আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে উৎকোচ দাবী কৰা এটা অডিঅ’ ভাইৰেল হৈ পৰিছে। অডিঅ’ত আৰক্ষীগৰাকীয়ে উৎকোচৰ নামত পাচলি বিক্ৰেতাৰ পৰা ৫ কেজি আলু বিচাৰিছে। 

আলুৰ ঘোচ দিব নোৱাৰি শাক-পাচলি বিক্ৰেতাই ২ কেজি আলু দিয়াৰ কথা কৈছে। আলুৰ ঘোচ বিচৰা অডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে কনৌজৰ আৰক্ষী অধীক্ষকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি উপ পৰিদৰ্শক ৰামকৃপালক নিলম্বন কৰে।

কনৌজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অজয় ​​কুমাৰে জনোৱা মতে, সৌৰিখ থানাৰ ভৱালপুৰ চাপুন্না আউটপোষ্টৰ ভাৰপ্ৰাপ্ত উপ পৰিদৰ্শক ৰাম কৃপালৰ এটা অডিঅ’ ওলাইছে, য’ত তেওঁ ক’ড শব্দত কিছু দাবী উত্থাপন কৰি আছে। গোচৰৰ প্ৰতিবেদন ওলোৱাৰ সময়ত আৰক্ষী অধীক্ষকে পৰিদৰ্শক ৰাম কৃপালক নিলম্বন কৰিছিল। কনৌজত দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাক লৈ টুইট কৰি কনৌজ আৰক্ষীক অভিনন্দন জনাইছে মন্ত্ৰী অসীম অৰুণে।


যিজন পৰিদৰ্শকৰ অডিঅ’ ভাইৰেল হৈছে তেওঁৰ নাম ৰামকৃপাল। অডিঅ’ত উৎকোচ দাবী কৰিছে পৰিদৰ্শকজনে। তেওঁ এজন শাক-পাচলি বিক্ৰেতাৰ লগত কথা পাতি ঘোচৰ নামত পাঁচ কিলো আলু বিচাৰিছে যদিও পাচলি বিক্ৰেতাই পাঁচ কিলোৰ সলনি দুই কিলো আলু দিয়াৰ কথা কৈছে।

উপ-পৰিদৰ্শক ৰাম কৃপালক নিলম্বন কৰাত সুখী হৈছে উত্তৰ প্ৰদেশবাসী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ