--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কনৌজ জিলাত আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে উৎকোচ দাবী কৰা এটা অডিঅ’ ভাইৰেল হৈ পৰিছে। অডিঅ’ত আৰক্ষীগৰাকীয়ে উৎকোচৰ নামত পাচলি বিক্ৰেতাৰ পৰা ৫ কেজি আলু বিচাৰিছে। 

আলুৰ ঘোচ দিব নোৱাৰি শাক-পাচলি বিক্ৰেতাই ২ কেজি আলু দিয়াৰ কথা কৈছে। আলুৰ ঘোচ বিচৰা অডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে কনৌজৰ আৰক্ষী অধীক্ষকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি উপ পৰিদৰ্শক ৰামকৃপালক নিলম্বন কৰে।

কনৌজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অজয় ​​কুমাৰে জনোৱা মতে, সৌৰিখ থানাৰ ভৱালপুৰ চাপুন্না আউটপোষ্টৰ ভাৰপ্ৰাপ্ত উপ পৰিদৰ্শক ৰাম কৃপালৰ এটা অডিঅ’ ওলাইছে, য’ত তেওঁ ক’ড শব্দত কিছু দাবী উত্থাপন কৰি আছে। গোচৰৰ প্ৰতিবেদন ওলোৱাৰ সময়ত আৰক্ষী অধীক্ষকে পৰিদৰ্শক ৰাম কৃপালক নিলম্বন কৰিছিল। কনৌজত দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাক লৈ টুইট কৰি কনৌজ আৰক্ষীক অভিনন্দন জনাইছে মন্ত্ৰী অসীম অৰুণে।

যিজন পৰিদৰ্শকৰ অডিঅ’ ভাইৰেল হৈছে তেওঁৰ নাম ৰামকৃপাল। অডিঅ’ত উৎকোচ দাবী কৰিছে পৰিদৰ্শকজনে। তেওঁ এজন শাক-পাচলি বিক্ৰেতাৰ লগত কথা পাতি ঘোচৰ নামত পাঁচ কিলো আলু বিচাৰিছে যদিও পাচলি বিক্ৰেতাই পাঁচ কিলোৰ সলনি দুই কিলো আলু দিয়াৰ কথা কৈছে।

উপ-পৰিদৰ্শক ৰাম কৃপালক নিলম্বন কৰাত সুখী হৈছে উত্তৰ প্ৰদেশবাসী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই